নাৰী কল্যাণ মঞ্চ,অসমৰ উদ্যোগত ড০ অসমী গগৈৰ কাব্যগ্ৰন্থ উন্মোচন

কবিতা ৰচয়িতাসকলৰ অন্তৰ নিৰ্মল। কবিতা বুজা বৰ টান। কবিতা পঢ়িলে আনন্দ পাব লাগিব : ড০ কুলেন্দু পাঠক

author-image
Asomiya Pratidin
New Update
নাৰী কল্যাণ মঞ্চ,অসমৰ উদ্যোগত ড০ অসমী গগৈৰ কাব্যগ্ৰন্থ উন্মোচন

ডিজিটেল সংবাদ,গুৱাহাটী : নাৰী কল্যাণ মঞ্চ,অসমৰ উদ্যোগত বুধবাৰে মহানগৰীৰ চানমাৰিস্থিত "পেন্সনাৰ ভৱন"ৰ লক্ষ্মীৰাম-সৰলাবালা প্ৰেক্ষাগৃহত কবি, লেখিকা ড০ অসমী গগৈৰ কাব্যগ্ৰন্থ "সময় নৈত ধূসৰিত সেউজীয়া পথাৰ" শুভ-উন্মোচন কৰা হয়। ৰীতামণি বৰদলৈয়ে মংগলাচৰণেৰে শুভাৰম্ভ কৰা সভাত আদৰণি গীত পৰিৱেশন কৰে ৰাজ্যিক পুৰস্কাৰপ্ৰাপ্ত শিক্ষক নিধন বৰ্মনে।

Advertisment

মঞ্চৰ সভাপতি চফিউৰ ৰহমান শইকীয়াই পৌৰহিত্য কৰা সভাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাচাৰ্য ড০ কুলেন্দু পাঠকে কাব্যগ্ৰন্থখনি উন্মোচন কৰি কয়- "কবিতা ৰচয়িতাসকলৰ অন্তৰ নিৰ্মল । কবিতা বুজা বৰ টান । কবিতা পঢ়িলে আনন্দ পাব লাগিব ।" পদাৰ্থ বিজ্ঞানী ড০ পাঠকে কয়- "হাইড্ৰজেন বোম আৰু প্লাষ্টিক সামগ্ৰী একেই । আমি পৰালৈ প্লাষ্টিক বটলৰ পানী বৰ্জন কৰিব লাগে ।"

সাংবাদিক দীপক শৰ্মাই আঁত ধৰা সভাত অসম সাহিত্য সভাৰ সাংস্কৃতিক উপ-সমিতিৰ কাৰ্যকৰী সভাপতি দেবেন্দ্ৰ নাথ বসুমতাৰীয়ে বিশিষ্ট অতিথিৰ ভাষণত কয়- "কবিসকল বৰ সংবেদনশীল। কবিয়ে সমাজ নিৰ্মাণত বহু অৰিহণা আগবঢ়াব পাৰে ।"

সভাত অসম সাহিত্য সভাৰ প্ৰাক্তন সহকাৰী সম্পাদক "সাহিত্য কোঁৱৰ কমল কলিতা, লেখিকা সংস্থা, অসমৰ সভাপতি মৃদুলা শৰ্মা, পদ্মশ্ৰীপ্ৰাপক লেখিকা এলি আহমেদে সন্মানীয় আলহি হিচাপে বক্তব্য দাঙি ধৰি কবিতাৰ ন-ন দিশৰ ওপৰত বক্তব্য দাঙি ধৰে।সভাত লেখিকা সংস্থা, অসমৰ সচিব প্ৰধান বিজয়া দেৱ দাস, প্ৰাক্তন সভাপতি মঞ্জুলা শৰ্মা ভট্টাচাৰ্য, বোলছবি পৰিচালক ডা০ জয় বৰা, বিশিষ্ট কবি মিৰ্জা হুমায়ুন কবিৰ, অসমৰ প্ৰথম মহিলা আৰক্ষী বিষয়া ৰেণু দত্ত ফুকন, গৌৰীকান্ত কাকতি, বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগ, অসমৰ অৱসৰী সঞ্চালক ড০ অনিতা চৌধুৰী, চৰকাৰী পেন্সনাৰ সন্থা, অসমৰ সাধাৰণ সম্পাদক ডা০ কমল কুমাৰ বৰা, ললিত চন্দ্ৰ ভৰালী মহাবিদ্যালয়ৰ অৱসৰী অধ্যক্ষ ড০ লক্ষ্মী দাস পাঠক,প্ৰশান্ত গগৈ, কবি বিমল বৰা সন্মানীয় আলহি হিচাপে অংশ লয় । সভাত প্ৰণিতা শৰ্মা বৰদলৈয়ে কবিতা পাঠ কৰে ।

Also Read: 'অসমীয়া মানুহে কিতাপ নপঢ়ে' শীৰ্ষক আলোচনা আৰু গ্ৰন্থ উন্মোচনী সভা

CHANDMARI DR KULENDU PATHAK Eli Ahmed