'অসমীয়া মানুহে কিতাপ নপঢ়ে' শীৰ্ষক আলোচনা আৰু গ্ৰন্থ উন্মোচনী সভা

ড০ দীনেশ বৈশ্যই সুদীৰ্ঘকাল আমাৰ কাকতত লিখিয়েই আছে। তেখেতৰ পঢ়ুৱৈ কিমান সেই কথাটো আমি জানোঁ। ড০ বৈশ্য এগৰাকী সামাজিকভাৱে দায়ৱদ্ধ লেখক : জ্যেষ্ঠ সাংবাদিক কনক সেন ডেকা

author-image
Asomiya Pratidin
New Update
'অসমীয়া মানুহে কিতাপ নপঢ়ে' শীৰ্ষক আলোচনা আৰু গ্ৰন্থ উন্মোচনী সভা

ডিজিটেল ডেস্ক : বিশিষ্ট শিক্ষাবিদ, গীতিকাৰ, সাহিত্যিক তথা বি বৰুৱা কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ দীনশ বৈশ্যৰ ওপজাদিনটোতে তেওঁৰ দ্বাৰা ৰচিত ২খন গ্ৰন্থ উন্মোচন কৰা হয়। ৩জানুৱাৰী তেখেতৰ ওপজাদিন হেতু বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত ড০ বৈশ্যৰ 'বি বৰুৱা কলেজ' আৰু 'Indigenous Metallurgy & Metal Wares of North East India' শীৰ্ষক গ্ৰন্থ দুখন উন্মোচন কৰা হয়।

Advertisment

'বি বৰুৱা কলেজ' শীৰ্ষক উপন্যাস গ্ৰন্থখন উন্মোচন কৰে অনুষ্ঠানৰ মুখ্য অতিথি তথা বিশিষ্ট সাহিত্যিক,অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, জ্যেষ্ঠ সাংবাদিক তথা অগ্ৰদূত কাকাতৰ মুখ্য সম্পাদক কনক সেন ডেকাই। অন্যহাতে আনখন গ্ৰন্থ 'Indigenous Metallurgy & Metal Wares of North East India' উন্মোচন কৰে অনুষ্ঠানৰ বিশিষ্ট অতিথি, কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য্য তথা দৈনিক অসম কাকতৰ সম্পাদক ড০ হিতেশ ডেকাই।

কমল কুমাৰ মেধিয়ে আঁত ধৰা অনুষ্ঠানৰ পূৰ্বে এটি গীতেৰে গ্ৰন্থ উন্মোচনী সভা ও আলোচনাচক্ৰৰ শুভাৰম্ভ কৰা হয়। গীতটি পৰিৱেশন কৰে ড০ দীনেশ বৈশ্যৰ সহধৰ্মিনী তথা অনাতাঁৰ শিল্পী ড০ ৰাণু বৈশ্যই। তেওঁৰ গীতৰ পিছতে মুখ্য অতিথি তথা অতিথিবৃন্দই দুয়োখন গ্ৰন্থ আনুষ্ঠানিকভাৱে উন্মোচন কৰে। উল্লেখনীয় যে গ্ৰন্থ দুখন প্ৰকাশ কৰি উলিয়াইছে অবাক প্ৰকাশন আৰু প্ৰকাশক জে পি শৰ্মাই।

মুখ্য অতিথিৰ ভাষণত কনক সেন ডেকাই কয়- ড০ দীনেশ বৈশ্যই সুদীৰ্ঘকাল আমাৰ কাকতত লিখিয়েই আছে। তেখেতৰ পঢ়ুৱৈ কিমান সেই কথাটো আমি জানোঁ। ড০ বৈশ্য এগৰাকী সামাজিকভাৱে দায়ৱদ্ধ লেখক।

তেওঁৰ লেখাত জীৱনৰ অভিজ্ঞতা প্ৰকাশ পায়। উদ্দেশ্যবিহীনভাৱে ড০ বৈশ্যই কোনো লেখা নিলিখে। তেওঁৰ লেখাত উদ্দেশ্য জড়িত হৈ থাকে। সেই কাৰণে তেওঁৰ লেখা সাৰগৰ্ভ হয় আৰু পঢ়ুৱৈ সমাজত সমাদৃত হয়।

ইয়াৰোপৰি বিশিষ্ট সাহিত্যিকগৰাকীয়ে স্বাস্থ্য সন্দৰ্ভতো কিছু বক্তব্য আগবঢ়ায়। তেঁও কয়- এতিয়া মোৰ ৯০ বছৰ। এতিয়াও মই সকলো কাম-কাজ নিজে কৰোঁ। লগতে প্ৰতি নিশা ১১-০০ বজাত তেওঁ অগ্ৰদূত কাকতৰ মুখ্য পৃষ্ঠাটো চাইহে শোৱাপাটীলৈ যাই বুলি ভাষণ প্ৰসংগত উল্লেখ কৰে।

ইফালে বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা ড০ হিতেশ ডেকায়ো ড০ দীনেশ বৈশ্যৰ সাহিত্যৰাজি সম্পৰ্কে বক্তব্য আগবঢ়ায়।

উন্মোচনী সভাৰ পিছতে অনুষ্ঠিত কৰা হয় আন এটি কাৰ্য্যসূচী 'অসমীয়া মানুহে কিতাপ নপঢ়ে' শীৰ্ষক আলোচনা। এই আলোচনাচক্ৰত আলোচক হিচাপে জ্যেষ্ঠ লেখক,সাংবাদিক তথা অসমীয়া প্ৰতিদিন ডিজিটেলৰ ডেস্ক এডিটৰ মৃদুল কুমাৰ সন্দিকৈ, বিশিষ্ট অনুবাদক অৱনী বুঢ়াগোহাই, গল্পকাৰ টুনুজ্যেতি গগৈ, প্ৰকাশক প্ৰশান্ত বৰা আৰু উদীয়মান লেখিকা পাপৰি সৌকাধৰা বৰঠাকুৰে ভাগ লয়।

আলোচনাত ভাগ লৈ জ্যেষ্ঠ সাংবাদিক তথা লেখক মৃদুল কুমাৰ সন্দিকৈয়ে তথ্যসম্বৃদ্ধ বহুকেইটা গুৰুত্বপূৰ্ণ কথা ব্যাখ্যা সহকাৰে বক্তব্য দাঙি ধৰে। সন্দিকৈয়ে সাহিত্য অকাডেমি বঁটাৰে সন্মানিত হোৱা বিশিষ্ট সাহিত্যিক ড০ প্ৰণৱ ডেকাৰ আত্মজীৱনী 'সোণৰ চামুচ মুখতলৈ' শীৰ্ষক গ্ৰন্থখনৰ আঁত ধৰি বহুতো গুৰুত্বপূৰ্ণ বক্তব্য প্ৰদান কৰে।

'আমি যদি গ্ৰন্থৰ ইতিহাস চাবলৈ যাওঁ, তেতিয়া হ'লে দেখিম যে, ১৮৪৪ চনত অসমত ব্ৰিটিছ মিচন প্ৰেছ আৰম্ভ হৈছিল অৰুণোদইৰ যোগেদি। কিন্তু মুদ্ৰণ যন্ত্ৰ আৱিষ্কাৰ হোৱাৰ ১০০ বছৰ পাছত ভাৰতত প্ৰথম ছপাশালটো আৰম্ভ কৰা হৈছিল।

আমাৰ অসমৰ গ্ৰন্থ প্ৰকাশৰ যিটো দিশ, সেই দিশটো আমি যদি চাওঁ, তাৰ বাটকটীয়া আছিল ডিব্ৰুগড়ৰ নন্দেশ্ব চক্ৰৱৰ্তী আৰু শিৱনাথ ভট্টাচাৰ্য।' তেওঁলোক দুয়ো এজেন্সি নামৰ এটা প্ৰতিষ্ঠান আৰম্ভ কৰি তাত ধৰ্মগ্ৰন্থবোৰ প্ৰকাশ কৰি উলিয়াইছিল।' বুলি জ্যেষ্ঠ সাংবাদিক সন্দিকৈয়ে মন্তব্য কৰে।

ইয়াৰোপৰি অৱনী বুঢ়াগোহাই, টুনুজ্যেতি গগৈ, প্ৰশান্ত বৰা আৰু পাপৰি সৌকাধৰা বৰঠাকুৰেও বিষয়বস্তু সন্দৰ্ভত তত্বগধুৰ বক্তব্য প্ৰদান কৰে। 'অভিভৱকসকলে অসমীয়া মাধ্যমত সন্তানক নপঢ়ুৱা বাবেও অসমীয়া গ্ৰন্থৰ ওপৰত প্ৰভাৱ পৰিছে।' অনুষ্ঠানত ভাগলৈ লেখিকা পাপৰি সৌকাধৰা বৰঠাকুৰে এইদৰে মন্তব্য কৰে।

প্ৰকাশক আৰু লেখকৰ সম্বন্ধও ইয়াৰ অন্যতম কাৰক বুলি প্ৰশান্ত বৰাই উল্লেখ কৰে। লেখকে ৰয়েল্টি নাপালে গ্ৰন্থ ৰচনা কৰাৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ'ব লগা হয়। প্ৰকাশকসকলে গ্ৰন্থৰ মূল্য নিৰ্ধাৰণ কৰা ক্ষেত্ৰত কিছু সচেতন হ'ব লাগিব বুলি বৰাই মন্তব্য কৰে।

আনহাতে গল্পকাৰ টুনুজ্যেতি গগৈয়ে কয় যে, সামাজিক মধ্যমত লেখা লেখাবোৰ গ্ৰন্থাকাৰে প্ৰকাশ কৰিলে পঢ়ুৱৈৰ পৰা সমাদৰ লাভ কৰিব পাৰি। লগতে তেওঁ কয় ভাল গ্ৰন্থৰ বাবে নিশ্চয়কৈ পঢ়ুৱৈ আছে।

উল্লেখ্য যে উক্ত অনুষ্ঠানত ড০ দীনেশ বৈশ্যৰ পত্নী,কন্যা, সতীৰ্থসকলৰ উপৰি ভালেসংখ্য গুণী-জ্ঞানী ব্যক্তিৰ লগতে বিভিন্নক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

Also Read: পৰিবহন আইনৰ বিৰুদ্ধে কচুৱা তিনিআলি পৰিবহন শ্ৰমিক সন্থাৰ সংবাদমেল

book Kanak sen Deka guwahati press club