শেষ হোৱা নাই বোমাতংকঃ সাঁতগাৱত উদ্ধাৰ সক্ৰিয় বোমা...

গুৱাহাটীত উদ্ধাৰ হোৱা বোমাৰ সংখ্যা ৩ টালৈ বৃদ্ধি

author-image
Asomiya Pratidin
New Update
শেষ হোৱা নাই বোমাতংকঃ সাঁতগাৱত উদ্ধাৰ সক্ৰিয় বোমা...

শেষ হোৱা নাই বোমাতংকঃ সাঁতগাৱত উদ্ধাৰ সক্ৰিয় বোমা...

ডিজিটেল ডেস্কঃ স্বাধীনতা দিৱসৰ দিনটোত নিষিদ্ধ ঘোষিত সংগঠন সংযুক্ত মুক্তি বাহিনী অসম, স্বাধীনে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে স্থাপন কৰা বোমা নিষ্ক্ৰিয় কৰিবলৈ চলোৱা অভিযান আজিও অব্যাহত আছে। এই অভিযানৰ মাজতে গুৱাহাটী মহানগৰীৰ সাতগাঁৱত প্লাষ্টিকেৰে মেৰিয়াই থোৱা অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰে বোমা সদৃশ এক সামগ্ৰী।

Advertisment

ইয়াৰ পিছতে এই বোমা সক্ৰিয় হৈ থকাৰ সন্দেহ কৰা হয়। সেই অনুসৰিয়েই বোমা উদ্ধাৰস্থলীল ৰাওনা হয় এছ বিৰ দল। উল্লেখ্য যে, বৃহস্পতিবাৰেও সাতগাঁৱত থকা সেনা বাহিনীৰ সহযোগত অসম আৰক্ষীৰ এটা দলে সাতগাঁৱৰ বিভিন্ন অঞ্চলত বোমা বিচাৰি অভিযান চলাইছিল।

আজি পুনৰ অঞ্চলটোত চলোৱা অভিযানত চি ডি এ গেটৰ সন্মুখত এই বোমা উদ্ধাৰ কৰা হৈছে। আজিৰ অভিযানত অসম আৰক্ষীৰ কেইবাজনো বিষয়াৰ লগত সাতগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া, সেনা বাহিনীৰ কেইবাজনো বিষয়াই নেতৃত্ব প্ৰদান কৰিছে।

অভিযানকাৰী দলটোৱে আজি জেচিবিৰ সহায়ত মাটি খান্দি আলফা স্বাধীনে সংস্থাপিত কৰা আই ই ডিৰ সন্ধান চলায়। এনে সন্ধানৰ মাজতে মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ হয় বোমাটো।

ফলত এই পৰ্যন্ত গুৱাহাটীত উদ্ধাৰ হোৱা বোমাৰ সংখ্যা ৩ টালৈ বৃদ্ধি পালে। বৃহস্পতিবাৰে গান্ধীমণ্ডপলৈ উঠি যোৱা পথৰ কাষত বি এছ এন এলৰ এটা বক্সত আৰু পানবজাৰৰ হোটেল প্ৰাগ কণ্টনেণ্টেলৰ কাষৰ এখন দোকানৰ তলত উদ্ধাৰ হৈছিল দুটাকৈ বোমা।

ইফালে আজি দিছপুৰ লাষ্টগেটতো আৰক্ষীয়ে বোমাৰ সন্ধানত অভিযান চলাইছে। এই অভিযানত এটা প্লাষ্টিকৰ পেকেট উদ্ধাৰ হৈছিল যদিও সেই প্লাষ্টিকৰ পেকেটত বোমা নাই বুলি স্পষ্ট কৰিছে আৰক্ষীয়ে।

মন কৰিবলগীয়া য়ে, আলফা স্বাধীনে গুৱাহাটীৰ মুঠ ৮ টা স্থানত বোমা সংস্থাপনৰ দাবী কৰিছিল। সেই অনুসৰিয়েই অভিযান চলাই এই পৰ্যন্ত ৩ টা বোমা উদ্ধাৰ কৰিলে যদিও বাকী ৫ টা স্থানত এতিয়ালৈকে উদ্ধাৰ হোৱা নাই বোমা বা তেনে কোনো বিস্ফোৰক সামগ্ৰী।

Also Read: মই পল্লৱী, স্বাধীন দেশৰ নাগৰিক...

অসম আৰক্ষী গুৱাহাটী আৰক্ষী আলফা (স্বাধীন)