সত্য প্ৰমাণিত হ'ল অসমীয়া প্ৰতিদিন ডিজিটেলৰ খবৰঃ অপসাৰিত আঙুৰলতা ডেকা...

সত্য প্ৰমাণিত হ'ল অসমীয়া প্ৰতিদিন ডিজিটেলৰ খবৰঃ অপসাৰিত আঙুৰলতা ডেকা...

author-image
Asomiya Pratidin
New Update
যতি পৰিল ক্ষমতাত! শীঘ্ৰেই অপসাৰিত হ'ব আঙুৰলতা...

সত্য প্ৰমাণিত হ'ল অসমীয়া প্ৰতিদিন ডিজিটেলৰ খবৰঃ অপসাৰিত আঙুৰলতা ডেকা...

ডিজিটেল ডেস্কঃ অৱশেষত অপসাৰিত হ'ল বিজেপিৰ ৰাজ্যিক মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকা। দলটোৰ সভাপতি ভবেশ কলিতাই এক নিৰ্দেশৰ জৰিয়তে মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকাক অব্যাহতি দিয়াৰ লগতে স্বপ্না বনিয়াক এই দায়িত্ব প্ৰদান কৰিছে।

Advertisment

ইয়াৰ বিপৰীতে আঙুৰলতা ডেকাক ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সদস্য হিচাপে নিযুক্তি দিয়া হৈছে। উল্লেখ্য আঙুৰলতা ডেকাক তেওঁৰ পদৰ পৰা অপসাৰিত কৰা হ'ব বুলি অসমীয়া প্ৰতিদিন ডিজিটেলত যোৱা ৮ ডিচেম্বৰতে এক বাতৰি প্ৰকাশ পাইছিল।

সেই বাতৰিত উল্লেখ কৰা হৈছিল কিদৰে আঙুৰলতা ডেকা ৰাজ্যৰ ৰাজনীতিৰ পৰা হঠাৎ নিৰুদ্দেশ হৈছে। সৰ্বানন্দ সোণোৱালৰ চৰকাৰৰ দিনত ৰাজ্যৰ আটাইতকৈ শক্তিশালী মহিলা নেত্ৰী হিচাপে পৰিগণিত হোৱা আঙুৰলতা ডেকাক লোকসভা নিৰ্বাচনৰ ঠিক আগে আগে তেওঁৰ পদৰ পৰা অসপসাৰিত হোৱা বিষয়টোৱে এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

অৱশ্যে আঙুৰলতা ডেকাই নিজৰ ফেচবুক একাউণ্টৰ জৰিয়তে তেওঁৰ সমস্যাসমূহৰ বিষয়ে বুজি দলীয় দায়িত্বৰ পৰা অব্যাহতি দিয়াৰ বাবে ভৱেশ কলিতাক ধন্যবাদহে জ্ঞাপন কৰিছে। তেওঁ ফেচবুকত লিখিছে,

''সমূহ অসমবাসী ৰাইজক নমস্কাৰ জনাই পোনপ্ৰথমেই মই স্পষ্টকৈ উল্লেখ কৰিব বিচাৰিছোঁ যে, মোৰ জীয়ৰী নমামীয়ে বৰ্তমান স্কুলীয়া শিক্ষাৰ প্ৰাৰম্ভিক পৰ্যায়ত ভৰি দিছে আৰু এই সময়খিনিত এগৰাকী মাতৃৰ ঘৰুৱা ব্যস্ততা খিনিৰ বিষয়ে হয়তো সকলো জ্ঞাত৷ এই সময়ৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই মই দলীয় শীৰ্ষ নেতৃত্বক মোৰ অসুবিধা সমূহৰ বিষয়ে অৱগত কৰিছিলোঁ আৰু দলীয় দ্বায়িত্বৰ পৰাও অব্যাহতি বিচাৰিছিলোঁ যাতে নমামী কিছু ডাঙৰ তথা বুজা হোৱালৈকে তাইক মই সম্পূৰ্ণ সময় দিব পাৰোঁ৷ শেহতীয়াকৈ, দলে মোৰ সেই অসুবিধা সমূহৰ বিষয়ে বিবেচনা কৰি মোক দলীয় দ্বায়িত্বৰ পৰা অব্যাহতি দিয়াত দলীয় নেতৃত্বক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ৷ নৱ নিযুক্ত মহিলা মৰ্চাৰ ৰাজ্যিক সভানেত্ৰী স্বপ্না বনিয়া ডাঙৰীয়ানীক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ৷

বিগত প্ৰায় দুইবছৰ পাঁচ মাহ সময় ভাৰতীয় জনতা পাৰ্টি, মহিলা মৰ্চাৰ ৰাজ্যিক সভানেত্ৰী হিচাপে কাৰ্যনিৰ্বাহক কৰি ভাৰতীয় জনতা পাৰ্টিৰ হৈ সেৱা আগবঢ়াবলৈ সক্ষম হোৱাটো মোৰ বাবে আছিল পৰম সৌভাগ্যৰ প্ৰাপ্তি৷ মাননীয় ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰীয়া আৰু মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা দেৱৰ নেতৃত্বত অসমবাসী ৰাইজৰ তথা অসমৰ মহিলা সমাজৰ হকে কাম কৰাৰ সুযোগ প্ৰদান কৰাৰ বাবে তেখেতসকলৰ ওচৰত মই চিৰকৃতজ্ঞ হৈ ৰ'ম৷

মহিলা মৰ্চাৰ ৰাজ্যিক সভানেত্ৰী হিচাপে মোৰ বিগত কাৰ্যকালত মই সংগঠনৰ বহু কথাই শিকাৰ সুযোগ পাইছিলো যিটো মোৰ জীৱনৰ অনন্য প্ৰাপ্তি আছিল৷ তাৰ পিছতে উল্লেখ কৰিব লাগিব মহিলা মৰ্চাৰ সভানেত্ৰী হিচাপে সমগ্ৰ অসমৰ মহিলা শক্তিৰ যি অভূতপূৰ্ব সমৰ্থন মই লাভ কৰিবলৈ সক্ষম হৈছিলোঁ সেই প্ৰাপ্তিৰ মাদকতা হয়তো পোৱা জনেহে অনুভৱ কৰিব পাৰিব৷ বিশেষভাৱে কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ ৰাজ্যিক মহিলা মৰ্চাৰ বিষয়ববীয়া সকলক যাৰ অবিহনে মহিলা মৰ্চাক প্ৰতিনিধিত্ব কৰাটো মোৰ পক্ষে কাহানিও সম্ভৱ নহ'ল হয়৷ তাৰ সমান্তৰালভাৱে অসমৰ সংবাদ মাধ্যমৰ সঁহাৰিয়ে মহিলা মৰ্চাৰ সভানেত্ৰী হিচাপে মোৰ প্ৰতিটো কৰ্মসূচীক জনমানসত সৰ্বাধিক আলোচিত তথা দলীয় উদ্দেশ্য সম্প্ৰসাৰিত হোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল৷ এই সকলোবোৰৰ উৰ্দ্ধত চিৰকৃতজ্ঞ হৈ ৰ'ম সমূহ অসম বাসী ওচৰত কাৰণ ৰাইজৰ আন্তৰিক সহযোগিতাৰ বাবেই এসময়ৰ অসমীয়া ছবিজগতৰ অভিনেত্ৰীৰ পৰা আজিৰ ৰাজনৈতিক ক্ষেত্ৰ খনৰ আংগুৰলতাৰ সৃষ্টি হ'ল৷

শেষত, সকলোকে আন্তৰিক কৃতজ্ঞতা জনাই প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ যে, মই সদায় ভাৰতীয় জনতা পাৰ্টিৰ অংশ আছিলোঁ, আছোঁ আৰু চিৰদিন ভাৰতীয় জনতা পাৰ্টিৰ বাবে নিঃস্বাৰ্থ সেৱা আগবঢ়াই যাম৷ ভাৰত মাতা কী জয়৷ জয় আই অসম৷'' (অসম্পাদিত)

Also Read: ন্যায়ালয়ে ক'লে- প্ৰেমত ব্যৰ্থ হৈ আত্মহত্যা কৰিলে প্ৰেমিকা দোষী নহয়...

বিজেপি আঙুৰলতা ডেকা