গুৱাহাটীত বিজেপিৰ প্ৰথমখন ক্ষেত্ৰীয় বৈঠকঃ ১২ ৰাজ্যৰ প্ৰতিনিধিৰ উপস্থিতিত লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি...

গুৱাহাটীত বিজেপিৰ প্ৰথমখন ক্ষেত্ৰীয় বৈঠকঃ ১২ ৰাজ্যৰ প্ৰতিনিধিৰ উপস্থিতিত লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি...
গুৱাহাটীত বিজেপিৰ প্ৰথমখন ক্ষেত্ৰীয় বৈঠকঃ ১২ ৰাজ্যৰ প্ৰতিনিধিৰ উপস্থিতিত লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি...

ডিজিটেল ডেস্কঃ সন্মুখত লোকসভা নিৰ্বাচন। নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ বিৰুদ্ধে একত্ৰিত বিৰোধী শিবিৰ। মূল্যবৃদ্ধিকে ধৰি অনেক সমস্যাৰে ভাড়াক্ৰান্ত জনসাধাৰণৰ শাসকীয় বিজেপিৰ প্ৰতি যেন ক্ৰমান্বয়ে মোহভংগ হৈছে।

সাধাৰণ যেন লগা কিছু ঘটনাৰাজিকো এতিয়া শাসকীয় পক্ষই সহজে ল'ব পৰা নাই। এনে পৰিস্থিতিৰ মাজতেই আজি গুৱাহাটীৰ বশিষ্ঠস্থিত অসম বিজেপিৰ মুখ্য কাৰ্যালয় বাজেপীয় ভৱনত অনুষ্ঠিত হৈছে ক্ষেত্ৰীয় বৈঠক।

উত্তৰ পূৰ্বাঞ্চলৰ ৮ খন ৰাজ্যৰ উপৰিও চুবুৰীয়া পশ্চিমবংগ, বিহাৰ, ঝাৰখণ্ড, উৰিষ্যাকে ধৰি মুঠ ১২ খন ৰাজ্যৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছে এই বৈঠকত। বৈঠক উপস্থিত আছে বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক বি এল সন্তোষ।

এই বৈঠকতে বিজেপিয় বিৰোধী ঐক্যৰ প্ৰত্যাহ্বান নেওচি কিদৰে সফলতা লাভ কৰিব পাৰি সেই বিষয়ে আলোচনা কৰাৰ লগতে আগন্তুক লোকসভা নিৰ্বাচনৰ ৰণকৌশলো প্ৰস্তুত কৰা হ'ব।

সমান্তৰালকৈ অসমত বিজেপিৰ যি প্ৰতিষ্ঠান বিৰোধী ঢৌৰ সৃষ্টি হৈছে, বিজেপিৰ নেতৃত্বৰ প্ৰতি পুৰণি বিজেপিকৰ্মীসকল বিদ্ৰোহী হৈ পৰিছে এই বিষয়বোৰেও স্থান লাভ কৰিব। লোকসভা নিৰ্বাচনৰ পৰ্বে ৰাজ্যিক বিজেপিৰ সভাপতি সালসলনিৰ দিশটোৱেও হয়তো স্থান পাব।

এই বৈঠক সন্দৰ্ভত অসম বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই কয় যে, ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জে পি নড্ডাৰ সিদ্ধান্ত অনুসৰি সমগ্ৰ দেশক তিনিটা জ'নত বিভক্ত কৰি তিনিওটা জ'নতে বৈঠক অনুষ্ঠিত কৰা হৈছে। ইয়াৰে প্ৰথমখন বৈঠক গুৱাহাটীত অনুষ্ঠিত হৈছে। এই বৈঠকত পূৱ ক্ষেত্ৰৰ ১২ খন ৰাজ্যৰ ৰাজ্যিক বিজেপিৰ সভাপতিকে ধৰি দলীয় শীৰ্ষ নেতাসকল উপস্থিত থাকিব।

উল্লেখ্য, পুৱা ১০ বজাৰ আৰম্ভ হোৱা এই বৈঠক সন্ধিয়া ৫ বজালৈ অব্যাহত থাকিব। আজিৰ এই বৈঠকত ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক বি এল সন্তোষৰ উপৰিও উত্তৰ পূৱৰ সমন্বয়ক সম্বিত পাত্ৰ, ১২ খন ৰাজ্যৰ সভাপতি, সাংগঠনিক সম্পাদকসকল, সহ প্ৰভাৰীসকল উপস্থিত আছে। দিনৰ ১ বজাত উপস্থিত হ'বহি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।

গুৱাহাটীত বিজেপিৰ প্ৰথমখন ক্ষেত্ৰীয় বৈঠকঃ ১২ ৰাজ্যৰ প্ৰতিনিধিৰ উপস্থিতিত লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি...
অসম সন্তান উজ্জ্বল ভূঞাক উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নিযুক্তি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in