শিৱসাগৰত ভেটি হেৰুৱাই আবোল-তাবোল বকিছে অখিল গগৈয়েঃ বিজেপি

শিৱসাগৰত ভেটি হেৰুৱাই আবোল-তাবোল বকিছে অখিল গগৈয়েঃ বিজেপি

ডিজিটেল সংবাদ, গুৱাহাটীঃ “অখিল গগৈয়ে ৰাজনৈতিক অস্থিৰতাৰ সৃষ্টি কৰি নিজকে প্ৰাসংগিক কৰি ৰাখিব বিচাৰে। সেয়েহে আবোল-তাবোল বকাটো শিৱসাগৰৰ বিধায়কজনৰ এক প্ৰকাৰৰ স্বভাৱত পৰিণত হৈছে ”- এই মন্তব্য ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মাৰ। বশিষ্ঠস্থিত দলৰ মুখ্য কার্যালয়ত সংবাদ মাধ্যমৰ সৈতে হোৱা এক বার্তালাপত শৰ্মাই এইদৰে মতপোষণ কৰে। বিজেপিৰ মুখপাত্ৰজনৰ মতে অখিল গগৈয়ে শিৱসাগৰৰ বিধানসভা সমষ্টিত নিজৰ গণভিত্তি আৰু জনপ্রিয়তা হেৰুৱাই পেলাইছে বাবেই বাতৰিৰ শিৰোণামাত থাকি নিজকে প্ৰাসংগিক কৰি ৰখাৰ এক ব্যর্থ প্রয়াস এনেদৰেই কৰি আহিছে।

কৃষক মুক্তি সংগ্রাম সমিতিৰ পৰা আৰম্ভ কৰি ৰাইজৰ দলৰ নেতা তথা শিৱসাগৰৰ বিধায়ক হিচাবে আজিলৈ অখিল গগৈয়ে ৰাজহুৱাভাৱে উত্থাপন কৰা সকলো অভিযোগৰ ৯৫ শতাংশই মিছা বুলি ইতিমধ্যেই প্রমাণিত হৈছে। তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ কোটি কোটি টকাৰ দুৰ্নীতিৰ তথ্য থকা বুলি তাহানিতে হাতত দুটা ফাইল লৈ অখিল গগৈয়ে কৰা সেই বিখ্যাত সংবাদ মেলৰ কথা অসমৰ ৰাইজে এতিয়াও পাহৰা নাই। ঠিক একেদৰে সংবাদ মেল পাতি বিদেশত প্রয়াত তৰুণ গগৈৰ কেইবাশ কোটি টকাৰ স্থাৱৰ সম্পত্তি থকাৰ কথাও অখিল গগৈয়ে ঘোষণা কৰিছিল। কিন্তু নিজে কৰা ঘোষণাৰ আজিলৈ অখিল গগৈয়ে কোনো তথ্য প্রমাণ ৰাজহুৱা কৰিব নোৱাৰিলে। সেই বিখ্যাত ফাইল দুটাৰ ফিটাও আজিলৈ খোল খোৱা নাই বুলি কৈ সামাজিক আৰু ৰাজনৈতিক উত্তেজনা সৃষ্টি কৰাৰ বাবে তাহানিতে তেওঁ উত্থাপন কৰা এনে অভিযোগৰ সত্যতাৰ প্ৰমাণ প্ৰকৃততে অখিল গগৈয়ে প্রথমে দি লব লাগে বুলি কয় ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মাই ।

তদুপৰি আজিকালি অখিল গগৈয়ে ভাৰতীয় জনতা পার্টিক অসহিষ্ণু আৰু গণতান্ত্রিক ব্যৱস্থাত বিশ্বাস নথকা দল বুলি বৰ্ণনা কৰে। শিৱসাগৰৰ বিধায়কজনৰ এনে মন্তব্যক একেষাৰে নস্যাৎ কৰি বিজেপিৰ মুখ পাত্ৰজনে ৰাইজৰ দলৰ মূৰব্বীক অস্থিৰতাৰ চৰ্দাৰ বুলি বৰ্ণনা কৰে। সমাজক অস্থিৰ আৰু উত্তেজিত কৰি ৰাজনৈতিক মুনাফা লাভৰ বাবে অখিল গগৈয়ে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ পন্থা অৱলম্বন কৰে বুলি মত পোষণ কৰে।

কা আন্দোলনৰ সময়ত গুৱাহাটীৰ ৰাজপথত অগ্নিসংযোগ, হিংসাত্মক ঘটনাকে ধৰি কলাক্ষেত্ৰ আক্ৰমণৰ দৰে জঘণ্য কাৰ্যৰ লগত অখিল গগৈৰ সমৰ্থক আৰু তেওঁৰ মিত্ৰদল কংগ্ৰেছকৰ্মী জড়িত থকাৰ কথা ইতিমধ্যে প্রমাণিত হৈছে। প্ৰণৱ বড়োক আত্মজাহ যাবলৈ উচটাই ৰং চোৱা অখিল গগৈৰ মুখত গণতন্ত্ৰ আৰু অসিহষ্ণুতাৰ কথা শোভা নাপায় বুলি শৰ্মা মন্তব্য কৰে। আনক সহিষ্ণু আৰু গণতান্ত্ৰিক হ'বলৈ পৰামৰ্শ দিয়াৰ পৰিৱৰ্তে নিজে প্রথমে অনুশীলন কৰি উদাহৰণ সৃষ্টি কৰিবলৈ অখিল গগৈৰ প্ৰতি ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মাই আহ্বান জনায়।

শিৱসাগৰত ভেটি হেৰুৱাই আবোল-তাবোল বকিছে অখিল গগৈয়েঃ বিজেপি
জ্যেষ্ঠ নাগৰিকৰ সৃষ্ট শতাব্দী কেলেণ্ডাৰ উন্মোচনেৰে জ্যেষ্ঠ নাগৰিক সন্মিলন উদযাপন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in