Advertisment

'কল্প-লোক'ত ভিৰ কৰিছে বীৰেন্দ্ৰ নাথ দত্তৰ অজস্ৰ গুণমুগ্ধই

'কল্প-লোক'ত ভিৰ কৰিছে বীৰেন্দ্ৰ নাথ দত্তৰ অজস্ৰ গুণমুগ্ধই

author-image
Asomiya Pratidin
New Update
'কল্প-লোক'ত ভিৰ কৰিছে বীৰেন্দ্ৰ নাথ দত্তৰ অজস্ৰ গুণমুগ্ধই

ডিজিটেল ডেস্কঃ সোমবাৰে পুৱা ৭ বজাত ৯০ বছৰ বয়সত দেহাৱসান ঘটে বিশিষ্ট শিক্ষাবিদ, সংগীতজ্ঞ লোকপ্ৰিয় কণ্ঠশিল্পী ড০ বীৰেন্দ্ৰ নাথ দত্তৰ। লোক সংগীত, সাহিত্য আৰু সাধনাৰে অসমীয়া জাতীয় জীৱনক সমৃদ্ধ কৰা ড০ বীৰেন্দ্ৰ নাথ দত্ত বহু দিনৰ পৰা দিশপুৰ পলিক্লিনিক হাস্পতালত চিকিৎসাধীন হৈ আছিল।

Advertisment

বৰ্তমান তেওঁৰ নশ্বৰ দেহ তেওঁৰ বাসগৃহ 'কল্প-লোক'লৈ নিয়া হৈছে। বিয়লি ৪ বজালৈ 'কল্প-লোক'তে ৰখা হ'ব তেওঁৰ নশ্বৰ দেহ। তাৰ পিছত নৱগ্ৰহ শ্মশানত তেওঁৰ শেষকৃত সম্পন্ন কৰা হ'ব। ইতিমথ্যেই 'কল্প-লোক'ত ভিৰ কৰিছে তেওঁৰ অগনন গুণমুগ্ধয়। বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ প্ৰতিনিধিসকলে আহি শেষ শ্ৰদ্ধাঞ্জলী জনাইছে গণশিল্পীগৰাকীক। ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইয়ো ড০ বীৰেন্দ্ৰ নাথ দত্তৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে তেওঁৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে।

সমান্তৰালভাৱে ড০ বীৰেন্দ্ৰ নাথ দত্তৰ মৃত্যুত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও শোক প্ৰকাশ কৰিছে। লগতে শ্ৰীমন্ত শংকৰদেৱ ফাউণ্ডেচনেও শোক প্ৰকাশ কৰে দত্তৰ মৃত্যুত।

Also Read: অসমীয়া প্ৰতিদিনৰ সাংবাদিকলৈ "অসম গৌৰৱ নবীন গ্ৰাম্য সাংবাদিকতা বঁটা ২০২৩"

বীৰেন্দ্ৰ নাথ দত্ত