/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/b9b69d91-92f1-4ff8-b27e-8b48a5501f5e/3.jpg)
ডিজিটেল সংবাদ, নগাঁওঃ পুৰণিগুদাম প্ৰেছ ক্লাবৰ উদ্যোগত পুৰণিগুদামত অনুষ্ঠিত হোৱা অষ্টবিংশতিতম শাৰদীয় শিশু গ্ৰন্থমেলাস্থলীত প্ৰয়াত ফটো সাংবাদিক ধন্টী হীৰা সোঁৱৰণী "অসম গৌৰৱ নবীন গ্ৰাম্য সাংবাদিকতা বঁটা ২০২৩" প্ৰদান কৰিলে প্ৰতিদিন টাইম তথা অসমীয়া প্ৰতিদিন কাকতৰ লামডিঙৰ সংবাদদাতা পল্লবী কলিতাক ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/0dca7a9c-9835-4279-9f2d-2b94eaed43b5/034f93ce_b151_4150_ac49_501138e49858.jpg)
লামডিঙৰ দৰে এটা দুৰ্গম অঞ্চলত অতি সাহসিকতাৰে সংবাদ সেৱা আগবঢ়োৱা বাবেই মহিলা সাংবাদিক পল্লবী কলিতাক এই বঁটা প্ৰদান কৰে পুৰণিগুদাম প্ৰেছ ক্লাবে । উক্ত বঁটা প্ৰদান অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসমীয়া প্ৰতিদিন কাকতৰ সহযোগী সম্পাদক প্ৰকাশ মহন্তৰ লগতে অসম বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক দিল্পুৰঞ্জন শৰ্মা। উল্লেখ্য যে বঁটাত পুৰণিগুদাম প্ৰেছ ক্লাবে পল্লবী কলিতাক এখন গামোচা, সম্বৰ্ধনা পত্ৰ, স্মাৰক আৰু এটা কিতাপৰ টোপোলা প্ৰদান কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/33eda5e0-d019-4cea-bf24-4e54915d1299/f1ae3487_1104_43c0_bd49_c94f8ba0efb9.jpg)
আনহাতে এই অনুষ্ঠানতে পুৰণিগুডাম অঞ্চলত বিগত ৫০ বছৰ ধৰি কাকত আলোচনী আৰু গ্ৰন্থ পঢ়াৰ অভ্যাস গঢ়ি তোলাৰ বাবে বিতৰক হিচাপে প্ৰচেষ্টা অব্যহত ৰখাৰ উপৰি গাঁৱে গাঁৱে সজাগতা বৃদ্ধি কৰাৰ চেষ্টাত ব্ৰতী আৰু ১৯৯৬ চনতেই সন্তানক পুতলা বা পিষ্টলৰ সলনি পূজাৰ বতৰত এখন গ্ৰন্থ উপহাৰ দিয়াৰ পৰিৱেশ গঢ়ি তুলিবলৈ শিশু গ্ৰন্থ মেলাৰ আৰম্ভ কৰাৰ মূল উদ্যোগতা দুলাল শৰ্মাক পুৰণিগুডাম প্ৰেচ ক্লাবৰ পৰা বিপুল ভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয়।
Also Read: ‘অ’ ঘৰচিৰিকা, মোৰ চোতালত ওমলহি’ বুলি ক’বলৈ সুস্থ হৈ নাই তেওঁ…