/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/fe3e1cab-2785-4d18-a9db-682f72cc355b/mahanta.jpg)
ডিজিটেল ডেস্কঃ শ্ৰমিক দিৱসৰ শুভ ক্ষণত গুৱাহাটীস্থিত শিলপুখুৰী ৰাজহুৱা নামঘৰৰ নৱ নিৰ্মিত প্ৰেক্ষাগৃহটিৰ শুভ উদ্বোধন কৰা হয়। প্ৰাক্তন মন্ত্ৰী তথা সমাজ কৰ্মী প্ৰয়াত বিৰাজ কুমাৰ শৰ্মাৰ স্মৃতিত নিৰ্মাণ কৰা প্ৰেক্ষাগৃহটিৰ দ্বাৰ মুকলি কৰে তেওঁৰ পত্নী দীপি শৰ্মাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/391bc1b6-f0bc-474e-b671-988fce88a45d/dbb4192a_2f72_4460_aac0_da169b47e045.jpg)
উক্ত অনুষ্ঠানটিত বন্তি প্ৰজ্বলন কৰে অসমীয়া প্ৰতিদিন কাকতৰ সহযোগী সম্পাদক তথা বিশিষ্ট সাংবাদিক প্ৰকাশ মহন্তই। অনুষ্ঠানটোত নটৰাজ কলাকেন্দ্ৰৰ শিল্পীসকলে বৰগীত পৰিৱেশন কৰাৰ উপৰিও তেওঁলোকৰ দ্বাৰাই এটি সমবেত সংগীত পৰিবেশন কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/5b227285-6a92-49f8-8076-e4534a0e9d36/da470b17_df0a_4984_b16c_35a49b79d1b1.jpg)
এই উদ্বোধনী সভাত মুখ্য অতিথি হিচাবে অংশ লয় প্ৰকাশ মহন্তই। আনহাতে বিশিষ্ট অতিথিৰ আসন অলংকৃত কৰে জ্যেষ্ঠ সাংবাদিক মনজিৎ মহন্ত,সমাজ কৰ্মী হেমেন লহকৰ,দীন হাজৰিকা,ৰাখাল গোস্বামী,কুশল শৰ্মা আদিয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/77586dc9-3cf1-4d42-844c-a549b2855f3c/2f04363e_680b_4627_929b_ba55aad61c33.jpg)
মুখ্য অতিথিৰ ভাষণত প্ৰকাশ মহন্তই শিলপুখুৰী নামঘৰৰ ইতিহাস সুঁৱৰি ইয়াৰ ইতিবৃ্ত্ত সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। লগতে তেওঁ প্ৰয়াত বিৰাজ কুমাৰ শৰ্মাৰ লগত কটোৱা কেতবোৰ অভিজ্ঞতাৰ কথাও ব্যক্ত কৰে।মহন্তই নৱ নিৰ্মিত প্ৰেক্ষাগৃহটিৰ লগত জড়িত কৰ্মকৰ্তাসকলক অভিনন্দন জ্ঞাপন কৰি এই প্ৰয়াসৰ শলাগ লয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/4dc297b3-4da2-4e9f-8732-b713d0fae781/0066f6fe_19a1_4506_8772_0b7c5bb2dd94.jpg)
শিলপুখুৰী ৰাজহুৱা নামঘৰ পৰিচালনা সমিতিৰ সভাপতি গণেশ তামুলীয়ে ভাষণ প্ৰসংগত কয় যে আজিৰ এই দিনটো অঞ্চলটিৰ বাবে এটা গুৰুত্বপূৰ্ণ দিন। কিয়নো চানমাৰিৰ পৰা গুৱাহাটী ক্লাৱলৈকে আহল-বহল প্ৰেক্ষাগৃহ নথকাত বিভিন্ন অনুষ্ঠান আয়োজনৰ ক্ষেত্ৰত নানান অসুবিধাৰ সৃষ্টি হৈছিল। এতিয়াৰ পৰা আৰু এনেধৰণৰ অসুবিধাই ব্যঘাত জন্মাব নোৱাৰে বুলি আশা প্ৰকাশ কৰে। ৰাইজৰ লগতে চৰকাৰেও প্ৰেক্ষাগৃহটি নিৰ্মাণত আৰ্থিক সহায় আগবঢ়োৱা বুলি তেওঁ উল্লেখ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/55fd009d-8fbb-46e8-a55e-bb0914c2183e/633bd864_4060_4025_be5a_f4759b5b228d.jpg)
অনুষ্ঠানত ৰাখাল ৰাখাল গোস্বামী,মনজিৎ মহন্ত আদিয়েও অতি গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়ায়। ইয়াৰ পাছতে সাধাৰণ সম্পাদক কুশল কুমাৰ শৰ্মাই সামৰণি ভাষণ প্ৰদান কৰি অনুষ্ঠানৰ সামৰণি মাৰে।
Also Read: বিৰাট কোহলিৰ সন্মুখত কে এল ৰাহুল বাহিনী