দিশপুৰত জীৱনী সাহিত্য সন্মিলন

সন্মিলনখনি উদ্ধোধন কৰে বিশিষ্ট সাহিত্যিক, চিন্তাবিদ নিশুতি মজুমদাৰে

author-image
Asomiya Pratidin
New Update
দিশপুৰত জীৱনী সাহিত্য সন্মিলন

দিশপুৰত জীৱনী সাহিত্য সন্মিলন

ডিজিটেল ডেস্কঃ অসমৰ বৰেণ্য লোকসকলৰ জীৱনী প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে পৰাগজ্যোতি প্ৰকাশনৰ উদ্যোগত মহানগৰীৰ দিশপুৰত "জীৱনী সাহিত্য সন্মিলন"। সন্মিলনখনি উদ্ধোধন কৰে বিশিষ্ট সাহিত্যিক, চিন্তাবিদ নিশুতি মজুমদাৰে।

Advertisment

উদ্বোধনী ভাষণ ৰাখি মজুমদাৰে কয় "আজিৰ নতুন প্ৰজন্মই বৰেণ্য,সমাজ জীৱন ধন্য কৰা, গুণী,মহান ব্যক্তিসকলৰ জীৱনী নজনাটো বৰ পৰিতাপৰ বিষয়। মহা মহা পুৰুষৰ জীৱনী জানিলেহে এজন ব্যক্তিয়ে নতুনকৈ অতি সুন্দৰ ধৰণেৰে জীৱনটো সজাই তুলিব পাৰে"।

পৰাগজ্যোতি প্ৰকাশনৰ সচিব দীপক শৰ্মাই আঁত ধৰা সভাখনিৰ আদৰণি ভাষণ দিয়ে আহ্বায়ক তথা প্ৰবীণ সাহিত্যিক ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই । আদৰণি ভাষণত ড০ ভট্টাচাৰ্যই কয় "এক ব্যতিক্ৰমী চিন্তাৰে পৰাগজ্যোতি প্ৰকাশন আগবাঢ়িছে । নতুন প্ৰজন্মই যাতে অসমক যিসকলে উজ্বলাই তুলিছে তেওঁলোকৰ বিষয়ে ভালদৰে হৃদয়ংগম কৰিব পাৰে, তাৰ চিন্তাৰে এই জীৱনী সন্মিলন আয়োজন কৰিছে ।"

অনুষ্ঠানত বিশিষ্ট অতিথি অৱসৰপ্ৰাপ্ত শীৰ্ষ শিক্ষা বিষয়া তথা বিশিষ্ট সাহিত্যিক অধ্যাপক আব্দুল কাইয়ুম আল আমানে কয় "আজি জীৱনী সাহিত্য সন্মিলন আয়োজন কৰি অসমৰ ইতিহাসত পৰাগজ্যোতি প্ৰকাশনে এক মাইলৰ খুঁটি হিচাপে প্ৰতিষ্ঠা কৰিলে। আমি মহান ব্যক্তিসকলৰ জীৱনী জনাটো নিতান্তই দৰকাৰ।"

সভাত বিশিষ্ট সাহিত্যিক তথা গীতিকাৰ শচীন দাস, অসম সাহিত্য সভাৰ প্ৰাক্তন সহকাৰী সম্পাদক তথা "সাহিত্য কোঁৱৰ" কমল কলিতা, অৰুণাচল প্ৰদেশৰ ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত ডীন ড০ অৰূপ কুমাৰ দাস,পদ্মশ্ৰী প্ৰাপক বিশিষ্ট সাহিত্যিক ড০ ৰোমান শৰ্মাই বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে ।

অনুষ্ঠানত উত্তৰ-পূৱ ভাৰত হৰিদেৱ সংঘৰ প্ৰাক্তন প্ৰধান সম্পাদক শৈলেন তালুকদাৰ, বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য পৰিষদৰ সভাপতি তথা সাহিত্যিক পেন্সনাৰ দিলস্ লক্ষ্মীন্দ্ৰ সিংহ,অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক বাণীকান্ত গোস্বামী, ৰাজ্য চৰকাৰৰ পৰিকল্পনা আৰু উন্নয়ন বিভাগৰ অৱসৰপ্ৰাপ্ত অধিকৰ্তা কে. কে. সেন, হিৰণ্যময়ী বৰুৱা, চান্দমাৰি সাহিত্য সভাৰ সম্পাদক দিলীপ বৰুৱা, ৰুঈ বৰা, চম্বাৱতী কলিতা, জুৰি শইকীয়া, অনন্ত কুমাৰ দত্ত, ৰমিছা বেগম, জিতুমণি কলিতা, মীনাক্ষী সিনহা দাস, মনোমোহন মেধি, ৰাখী চৌধুৰী, কবিতা দেৱী, এঞ্জেলিনা‌ দাস, ‌সত্য দাস, প্ৰণীতা দাস ভৰালী ,নিতু গোস্বামী, মহেন্দ্ৰ দাস প্ৰভৃতিয়ে জীৱনী পাঠ কৰে ।

Also Read: চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা এগৰাকী বৃদ্ধাৰ কৰুণ গাঁথা

assamese literature