চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা এগৰাকী বৃদ্ধাৰ কৰুণ গাঁথা

অকলশৰীয়া বৃদ্ধাগৰাকীৰৰ খবৰ ল'বলৈ আজি পৰ্যন্ত যোৱা নাই কোনো এগৰাকী জনপ্ৰতিনিধি কিম্বা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এজনো চৰকাৰী বিষয়া
চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা এগৰাকী বৃদ্ধাৰ কৰুণ গাঁথা

ডিজিটেল সংবাদ,ছয়দুৱাৰ : গহপুৰ মহকুমাৰ টকৌবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত কাৰিবিল চাপৰিৰ এগৰাকী অসহায় বৃদ্ধাৰ কৰুণ কাহিনী। অসমৰ অন্যতম ভূমিপুত্ৰ মিছিং জনগোষ্ঠীৰ স্বকীয় পৰম্পৰাৰে উদ্ভাসিত বৃদ্ধাগৰাকীৰ নাই কোনো পুত্ৰ-জীয়ৰী।

টোকোৰা পঁজা সদৃশ এটা জুপুৰিত অকলেই বসবাস কৰে বৃদ্ধাগৰাকীয়ে। বেৰৰ জলঙাৰে সোমাই অহা ৰ'দ, বতাহ, বৰষুণৰ মাজত দুৰ্বিষহ জীৱন কটাই বৃদ্ধাগৰাকীয়ে জীৱনৰ এই অপৰাহ্ন সময় পাৰ কৰিবলগীয়া হৈছে অশেষ কষ্টৰে। কেতিয়াবা এসাঁজ খাই আৰু কেতিয়াবা লঘোনে থাকি পঁজাটিত জীৱনৰ বিয়লি বেলা অতিবাহিত কৰিছে বৃদ্ধাগৰাকীয়ে।

অশীতিপৰ বৃদ্ধাগৰাকীক চুবুৰীয়াই মৰমত কিবা দিলে খাই নহ'লে থাকিব লাগে অনাহাৰে। মহকুমাটোৰ ছয়দুৱাৰ উন্নয়ন খণ্ড এলেকাৰ কাৰিবিল চাপৰিৰ এটা পঁজাত বাস কৰি অহা বৃদ্ধাগৰাকীৰ নাম কেমচৈ মিলি।

গহপুৰ বিধান সভা সমষ্টিৰ বিধায়ক উৎপল বৰা,ছয়দুৱাৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া অৰুণ কুমাৰ দাসকে ধৰি সংশ্লিষ্ট পঞ্চায়ত প্ৰতিনিধিৰ আজিলৈকে চকুত নপৰা বৃদ্ধাগৰাকীৰ কাৰুণ্য জীৱন কাহিনীয়ে মোডী চৰকাৰৰ "সব কা সাথ সব বিকাশ" শ্ল'গানৰ প্ৰাসংগিকতা ধুলিসাৎ কৰি তোলা বুলি মন্তব্য কৰিছে স্থানীয় সচেতন ৰাইজে।

ৰেচন কাৰ্ড,বিশুদ্ধ খোৱাপানী,অনাময়,বৃদ্ধ পেঞ্চন,প্ৰধানমন্ত্ৰী আৱাস যোজনাকে ধৰি কোনো ধৰণৰ চৰকাৰী সাহাৰ্য লাভ কৰিবলৈ সক্ষম নোহোৱা কেমচৈ মিলিৰ দুৰ্বিষহ জীৱন কাহিনীয়ে এটা কথা স্পষ্ট কৰি তুলিছে যে বিজেপি চৰকাৰৰ দৰিদ্ৰতা দূৰীকৰণৰ শ্ল'গান কেৱল ভাষণৰ মাজতহে সীমাবদ্ধ।

যাৰ বাবে কেমচৈ মিলিৰ দৰে বৃদ্ধাই এই বয়সত এসাঁজ ভাতৰ বাবে হুমুনিয়াহ কাঢ়ি কটাবলগীয়া হৈছে এক কষ্টকৰ জীৱন। চুবুৰীয়াই জনোৱা অনুসৰি আচৰিত কথা এয়ে যে এইগৰাকী অকলশৰীয়া বৃদ্ধাগৰাকীৰৰ খবৰ ল'বলৈ আজি পৰ্যন্ত যোৱা নাই কোনো এগৰাকী জনপ্ৰতিনিধি কিম্বা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এজনো চৰকাৰী বিষয়া।

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি সময়ত "গ্ৰাউণ্ড জিৰ"ত থাকি দৰিদ্ৰ ৰাইজৰ উন্নয়নৰ হকে কাম কৰি যাবলৈ জনপ্ৰতিনিধি আৰু দায়িত্বশীল চৰকাৰী বিষয়াসকলক সকীয়াই আহিছে ঠিক সেই সময়তে বৃদ্ধাগৰাকীৰ দুৰাৱস্থাই মুখ্যমন্ত্ৰীৰ কঠোৰ সকীয়নীৰ অন্ত:সাৰশূণ্যতা প্ৰমাণ কৰি দেখুৱাইছে বুলি সচেতন ৰাইজে আক্ষেপ প্ৰকাশ কৰে।

বৃদ্ধাগৰাকীক উপযুক্ত চৰকাৰী সাহাৰ্য্য প্ৰদান কৰি জীৱনৰ এই বিয়লি বেলাত "মানুহ" হিচাপে জীয়াই থকাৰ উপযুক্ত মৰ্যদা প্ৰদান কৰিবলৈ স্থানীয় ৰাইজৰ লগতে বিভিন্ন দল-সংগঠনে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত অনুৰোধ জনায়।

চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা এগৰাকী বৃদ্ধাৰ কৰুণ গাঁথা
গৌৰৱময় ২০০ বছৰঃ 'অসম চাহ'ৰ নতুন ল'গো মুকলি

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in