অবাক প্রকাশনৰ গ্রন্থ 'বিজ্ঞান, ধর্ম আৰু বাস্তু শাস্ত্র' উন্মোচন

অবাক প্রকাশনৰ গ্রন্থ 'বিজ্ঞান, ধর্ম আৰু বাস্তু শাস্ত্র' উন্মোচন

author-image
Asomiya Pratidin
New Update
অবাক প্রকাশনৰ গ্রন্থ 'বিজ্ঞান, ধর্ম আৰু বাস্তু শাস্ত্র' উন্মোচন

ডিজিটেল সংবাদ,গুৱাহাটী : দেওবাৰে গুৱাহাটীস্থ ভাগৱতী প্রসাদ বৰুৱা ভৱনৰ 'ৰাধাগোবিন্দ বৰুৱা সভা কক্ষ'ত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত অবাক প্রকাশনৰ নৱতম গ্রন্থ 'বিজ্ঞান, ধর্ম আৰু বাস্তু শাস্ত্র' উন্মোচন কৰা হয়। অসমৰ লগতে দেশ-বিদেশতো প্রতিষ্ঠিত আৰু প্রশংসিত বিশিষ্ট অভিযন্তা সুভাষ চন্দ্র গোস্বামী প্রণীত এই গ্রন্থখন উন্মোচন কৰে অসম সাহিত্য সভাৰ সভাপতি ড° সূর্যকান্ত হাজৰিকাই।

Advertisment

বাস্তু শাস্ত্রৰ সকলোবোৰ দিশক সামৰি তাত বিজ্ঞানসন্মত চিন্তাৰ আধাৰ সম্পৰ্কতো অধ্যায় সংযোজনেৰে প্ৰকাশ কৰা 'বিজ্ঞান, ধর্ম আৰু বাস্ত শাস্ত্র' উন্মোচন কৰিবলৈ পাই বিশিষ্ট সাহিত্যিকগৰাকীয়ে স্বাভাৱিকতে নথৈ আনন্দিত হোৱাৰ কথা প্রকাশ কৰাৰ লগতে অসমৰ গ্ৰন্থৰ জগতত এক নতুন বিষয়ৰ সংযোজন ঘটিল বুলি কয়। এনেধৰণৰ পৃথক বিষয়ৰ বিস্তৃত বিৱৰণ সন্নিবিষ্ট গ্রন্থইহে অসমৰ গ্ৰন্থৰ জগতখনৰ সামগ্রিক উন্নয়ন সাধিব পাৰে বুলি তেওঁ দোহাৰে।

এই গ্রন্থখনে নিশ্চিতভাৱে বাস্তু শাস্ত্ৰৰ প্রতি আগ্রহী প্ৰতিগৰাকী পাঠকক উপকৃত কৰিব বুলি তেওঁ আশা প্রকাশ কৰে। বিশিষ্ট নাট পৰিচালক আৰু আবৃত্তিকাৰ অনুপজ্যোতি চৌধুৰীয়ে আঁত ধৰা উক্ত উন্মোচনী অনুষ্ঠানত মুখ্য অতিথিৰ আসন অলংকৃত কৰা বিশিষ্ট শিক্ষাবিদ, আবৃত্তিকাৰ তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচার্য ড° অমৰজ্যোতি চৌধুৰীয়ে ভাষণত কয়- দেশৰ এতিয়াৰ নিৰ্মাণকাৰ্যত একাংশ লোকৰ মাজত বাস্তু শাস্ত্রৰ জনপ্রিয়তা আৰু গ্রহণযোগ্যতা বৃদ্ধি পাইছে।

লগতে বুজনসংখ্যক লোকৰ মাজত ইয়াৰ প্ৰচলনো বৃদ্ধি হৈছে। বাস্তু শাস্ত্ৰ নামৰ প্রাচীন গ্রন্থখন গৃহ নিৰ্মাণৰ লগতে সৃষ্টিশীলতাৰ অন্যান্য দিশৰ সৈতেও জড়িত। লগতে তাৰ আঁৰত কিমান বিজ্ঞানসম্মত চিন্তা আছে তাৰ প্রতিও বিশেষ কৌতূহল আছে। এনে বিভিন্ন দিশক সামৰি ৰচনা কৰা গ্রন্থ তেনেই তাকৰ।

সুভাষ চন্দ্ৰ গোস্বামীয়ে সেই অভাৱ ভালেখিনি লাঘৱ কৰিলে। উক্ত উন্মোচনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা 'আমাৰ অসম'ৰ কাৰ্যবাহী সম্পাদক গৌতম শর্মাই ধৰ্মৰ আধাৰ বিশ্বাস আৰু বিজ্ঞানৰ আধাৰ যুক্তি বুলি দোহৰাৰ লগতে ধর্ম, বিজ্ঞান আৰু ৱাস্তু শাস্ত্ৰ ওপৰত তথ্যসমৃদ্ধ ভাষণ আগবঢ়ায়।

অনুষ্ঠানৰ আন এগৰাকী বিশিষ্ট অতিথি সু-লেখিকা মঞ্জুলা হাজৰিকাই 'বিজ্ঞান, ধর্ম আৰু বাস্তু শাস্ত্র' আমাৰ নিচিনা মানুহৰ বৰ সহায়ক হ'ব বুলি উল্লেখ কৰে। গ্রন্থখনৰ লেখক সুভাষ চন্দ্র গোস্বামীয়ে গ্রন্থখন সম্পর্কত এইদৰে কয়- 'বিজ্ঞান, ধর্ম আৰু বাস্তু শাস্ত্র' নামৰ গ্ৰন্থখনৰ উদ্দেশ্য হৈছে বাস্তু শাস্ত্ৰৰ নীতিবোৰ সৰলভাবে ব্যাখ্যা কৰা আৰু 'বাস্তু'নীতি প্রয়োগ কৰাৰ সময়ত আধুনিক আভিযান্ত্রিক পদ্ধতি অনুসৰি নিৰ্মাণৰ উচিত মানদণ্ড প্রাপ্ত কৰাৰ বাবে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰা।

বেছিভাগ ধৰ্মৰ দ্বাৰা গুৰুত্ব দিয়া পৰিৱেশৰ অনুকুল দিশবোৰৰ বিষয়েও উল্লেখ কৰা হৈছে, যাৰ ভিতৰত আছে সম্পদৰ ন্যায়িক ব্যৱহাৰ আৰু সম্পদৰ সংৰক্ষণ। গ্রন্থখনত প্রাচীন ভাৰতীয় এই বিজ্ঞানৰ বৈজ্ঞানিক আধাৰ স্থাপনৰ বাবে অধিক অধ্যয়ন আৰু গৱেষণাৰ বাবে শক্তিশালী বার্তা প্রদানৰ লগতে অন্ধবিশ্বাসৰ দ্বাৰা বিপথে পৰিচালিত নহ'বলৈও সঁকীয়াই দিয়া হৈছে।'

উক্ত অনুষ্ঠানত বিশিষ্ট অধিবক্তা অৰূপ বৰবৰাইও শুভেচ্ছামূলক ভাষণ প্রদান কৰে। অনুষ্ঠানৰ অন্তত গ্ৰন্থখনৰ প্ৰকাশক ভাস্কৰ বৰ্মন আৰু আঁত ধৰোঁতা অনুপজ্যোতি চৌধুৰীক গ্রন্থৰ লেখকে সম্বর্দ্ধনা জনায়।

অনুষ্ঠানত শিল্পী নমিতা ভট্টাচার্য গোস্বামী, সূর্য গোস্বামী, বিনোদ ভাগৱতী, প্রদীপ ঠাকুৰীয়া, সাংবাদিক মনোৰঞ্জন কলিতা, নয়নপ্রতীম কুমাৰ, দিগন্ত কুমাৰ চৌধুৰী, তপন চন্দ্র কলিতা, প্রাঞ্জল মজুমদাৰ, প্ৰাঞ্জল এ শর্মা, অধ্যাপক ড° মহেশ্বৰ কলিতা, ধ্রুৱ দাস, ডাঃ শুভ্র কিংকৰ গোস্বামীকে ধৰি বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে।

Also Read: স্বগোষ্ঠীয় জাতীয় সমস্যাৰ সমাধানৰ লক্ষ্যৰে ঢকুৱাখনাত নাগৰিক সভা

Abak publication book launched