/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/f8a04c47-22e1-43e5-b543-3d5d02beb577/361.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা : স্বজাতিৰ এখন সংস্কাৰী, প্ৰগতিশীল ,পৰিশীলিত সমাজ গঠনৰ বাবে মিচিং জাতীয় সংগঠনসমূহে যুগ যুগ ধৰি গণতান্ত্ৰিকভাৱে সংগ্ৰাম কৰি আহিছে। জাতীয় সচেতনতা আৰু আৰ্থিক সচেতনতা গঢ়ি জনগোষ্ঠীয় সমাজখনক গতিশীল কৰাত জাতীয় সংগঠনে যিমান প্ৰয়াস চলাই আহিছে বিপৰীতে কিন্তু জনগোষ্ঠীটোৰ ৰাইজৰ মাজত জাতীয় প্ৰেমৰ অভাৱ দেখা গৈছে। এয়া নিশ্চিতভাৱে জাতিটোৰ বাবে হতাশাজনক ।
স্বজাতিৰ সৰ্বাংগীন উত্তৰণ আৰু সাংবিধানিক নাৰ্য প্ৰাপ্য অধিকাৰ লাভৰ বাবে সুদীৰ্ঘ কাল ধৰি গণতান্ত্ৰিক সংগ্ৰাম চলাই অহা মিচিং জাতীয় সংগঠনক মিচিং ৰাইজে নিঃচৰ্ত সহযোগিতা আগবঢ়াব লাগিব । এয়া সময়ৰ আহ্বান। ঐক্যবদ্ধ আৰু পৰিকল্পিত জাতীয় প্ৰেমত উদ্বুদ্ধ হৈ সংঘবদ্ধ সংগ্ৰামত নামিব লাগিব। ইতিহাসে কৈ গৈছে প্ৰাপ্য নাৰ্য প্ৰাপ্তিৰ বাবে গণতান্ত্ৰিক সংগ্ৰামৰ বিকল্প নাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/33341a3f-f0c1-44b2-87c8-43a3536a6aca/0198b59d_77b9_4ccc_aaf4_4d2b6afc0693.jpg)
দেওবাৰে ঢকুৱাখনাত তিনি মিচিং জাতীয় সংগঠনৰ যৌথ উদ্যোগত অনুষ্ঠিত এক নাগৰিক সভাত এই মন্তব্য কৰে প্ৰবীণ শিক্ষাবিদ হেমন্ত কুমাৰ পেগুৱে। ঢকুৱাখনা জিলা টাকাম মিচিং পৰিণ কৌবাং,টাকাম মিচিং মিমে কৌবাং আৰু মিচিং মিমাগ কৌবাংৰ যৌথ উদ্যোগত ব্ৰহ্মপুত্ৰ মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত নাগৰিক সভাত খেৰকটা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক পেগুৱে কয় জনগোষ্ঠীয় সমাজলৈ দ্ৰুত পৰিবৰ্তন আনিছে জাতীয় সংগঠনৰ নিৰন্তৰ সংগ্রামে ।
কিন্তু মিচিংৰ মাজতেই মিচিং শত্ৰু থকাৰ বাবে বহু ক্ষেত্ৰত থমকি ৰ'ব লগা হৈছে নাৰ্য প্ৰাপ্য বিচৰা সংগ্ৰামখন । পেগুৱে সংবিধানৰ ষষ্ঠ অনুসূচীৰ ভিত্তিত স্বায়ত্ব শাসন জনগোষ্ঠীটোৰ সাংবিধানিক নাৰ্য প্ৰাপ্য আৰু অধিকাৰ বুলি কৈ ইয়াক সাব্যস্ত কৰিবই লাগিব বুলি দাবী জনায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/126180af-32d0-41c7-b04f-62028b45078f/ebea769c_29ef_4cd0_ae67_da5da76444b0.jpg)
তেঁও ষট্ পূজা ,ভাতৃ তৃতীয়া আদি উৎসৱত যদি ৰাজ্যিক বন্ধ দিব পাৰে কিয় জনগোষ্ঠীটোৰ জাতীয় উৎসৱ আলি আয়ে লৃগাংৰ বন্ধ ৰাজ্যিক হ'ব নোৱাৰে বুলি প্ৰশ্ন উত্থাপন কৰে । জাতীয় সংগঠনৰ জিলা সভাপতি দীপেন দলে আৰু সঞ্জীৱ দলেৰ সভাপতিত্বত অনুষ্ঠিত সভাত কেন্দ্ৰীয় নেতা যতীন পেগু ,বৃগেন দলে, দিপাঞ্জল দলে, ক্ষীৰোদ পেগু , ৰাজীৱ দলে ,শিৰোমণি দলে ,নাথুৰাম পেগু, , সৰলা পেগু,জিলা সম্পাদক অমৰজিত দলে,ভদ্ৰ টাইড, মোহন পেগু,ঘন কুলি ,প্ৰদীপ ময়ং, ধৰ্মেণ্ড পেগু , অমৃত দলে,বালাজ্যোতি পেগু,মিচিং বানে কৌবাংৰ সম্পাদক ৰাজু মেদক আদি কেইবা শতাধিক জনগোষ্ঠীয় ৰাইজ উপস্থিত থাকে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/ab1472a7-b0db-4f89-99db-13bc3c6b87c7/e4cb568d_dc6d_4e3e_ad68_3cb3c86476f8.jpg)
সভাত টাকাম মিচিং পৰিণ কৌবাংৰ কেন্দ্ৰীয় উপ সভাপতি টুনিৰাম পাংগিংয়ে জাতীয় সংগঠনৰ সংগ্ৰামী ইতিহাস ৰোমন্থন কৰি কয় যে, এখন সুন্দৰ প্ৰগতিশীল গণতান্ত্ৰিক সমাজ গঠনৰ স্বাৰ্থত,নাৰ্য প্ৰাপ্য আদায়ৰ স্বাৰ্থত জাতীয় সংগঠনসমূহে কি সমাজমুখী কাম কৰিছে সেয়া স্বজনগোষ্ঠীয় ৰাইজৰ জনাৰ অধিকাৰ আছে। এয়া সংগঠনটোৰো দায়িত্ব কৰ্তব্য।
তাৰ লক্ষ্যৰেই এই নাগৰিক সভা অনুষ্ঠিত কৰা বুলি কৈ সাম্প্ৰতিক সময়ত সামাজিক মাধ্যমৰ অনিয়ন্ত্ৰিত আৰু উশৃংখলৰ ব্যৱহাৰে ভয়াবহ ইংগিত বহন কৰা বুলি কয় । এক অশুভ শক্তিয়ে নিৰাপদ দূৰত্বত সুৰক্ষিত হৈ থাকি সামাজিক মাধ্যমক অপ ব্যৱহাৰ কৰি জাতীয় সংগ্ৰামখনক বদনামি কৰি অহা বুলি কৈ এনে বিপঠগামী শক্তিক প্ৰশ্ৰয় নিদিবলৈ ৰাজহুৱা আহ্বান জনায়।
জনগোষ্ঠীটোৰ জাতীয় উৎসৱ লৃগাংক ৰাজনৈতিক অভীষ্ট সিদ্ধিৰ বাবে সামাজিক মাধ্যমক ব্যৱহাৰ কৰি এনে স্বাৰ্থপৰ শক্তিয়ে বিষবাষ্প বিয়পাইছে বুলি কৈ এয়া সমাজৰ বাবেই ক্ষতিকাৰক বুলি কয়। নিজৰ উদাত্ত ভাষণত পাংগিংয়ে ৰাজপথৰ সংগ্ৰাম ,সশস্ত্ৰ সংগ্ৰাম ,বৌদ্ধিক সংগ্ৰাম আৰু সংসদীয় সংগ্ৰামৰ ভিতৰত জাতীয় সংগঠনে বৌদ্ধিক সংগ্ৰাম আৰু সংসদীয় সংগ্ৰামৰ জৰিয়তে নাৰ্য প্ৰাপ্য আজুৰি আনিব বুলি কয়।
সংবিধানৰ ষষ্ঠ অনুসূচীৰ স্বায়ত্ব শাসন এই বৌদ্ধিক আৰু সংসদীয় সংগ্ৰামৰ জৰিয়তে অচিৰেই সাব্যস্ত কৰিব বুলি নিশ্চয়তা প্ৰদান কৰে। যাৰ জৰিয়তে জনগোষ্ঠীটোৰ ভৱিষ্যত সুৰক্ষিত হব বুলি কয়।
ৰাজনৈতিক অভীষ্ট সিদ্ধিৰ বাবে জাতীয় সংগঠনৰ সংগ্ৰাম স্তব্ধ কৰাৰ বাবে এটা চক্ৰই অহৰহ লাগি আছে বুলি কৈ প্ৰাপ্য বিচৰা ৰাজপথৰ গণতান্ত্ৰিক সংগ্ৰাম কৰাৰ বাবেই বহু সংগ্ৰামী সতীৰ্থ সীমাহীন যন্ত্ৰণাৰ সন্মুখীন হোৱা বুলি কৈ বিধায়ক নব দলেক জিকাই জাতীয় সংগঠনে ৩৫ টা আৰক্ষীৰ গোচৰৰ উপহাৰ পালে যিটো বিধায়ক ভৰত নৰহে ২৫ টা গোচৰহে উপহাৰ দিছিল বুলি কয়।
ইমানৰ পাছতো জাতীয় সংগ্ৰাম স্তব্ধ হোৱা নাই আৰু নহয় বুলি আত্মবিশ্বাসেৰে কয়। তেওঁ আগত কেন্দ্ৰীয় বাজেটত মিচিংৰ উন্নয়নৰ বাবে সুকীয়া পুঁজি কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিব বুলি কৈ এখন প্ৰগতিশীল সুস্থ গণতান্ত্ৰিক সমাজ গঠনৰ বাবে সকলোকে সচেষ্ট সজাগ হৈ জাতীয় দায়বদ্ধতাৰে কামত আত্মনিয়োগ কৰাৰ আহ্বান জনায়।
কেৱল স্বায়ত্ব শাসনে নহয়,সুন্দৰ প্ৰগতিশীল গণতান্ত্ৰিক সংস্কাৰী সমাজ গঢ়াৰ লক্ষ্য আগত ৰাখি জাতীয় সংগঠনে শিক্ষা আৰু জীৱন জীৱিকাক যথোচিত গুৰুত্ব দি কৰ্মসূচী গঠন কৰি বাস্তৱায়িত কৰা বুলি কয়। নাগৰিক সভাত বক্তব্য আগবঢ়াই ক্ৰমে লুইতপৰিয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক খগেন মৰাং,খেৰকটা মহাবিদ্যালয়ৰ অধ্যক্ষ ললিত পেগু, সদৌ অসম উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক দিলীপ পামেগাম, ইলেশ্বৰ পেগু ,সমাজকৰ্মী শৰৎ পাতিৰ ,মিচিং বানে কেবাংৰ সম্পাদক ৰাজু মেদক, লুইত পৰিয়া হাইস্কুলৰ সহকাৰী শিক্ষক উত্তম দলে,কেঁকুৰী বিল্লাম উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক গুনাধৰ দলে আদি বিভিন্ন জনে।
সভাত মিচিং মিমাগ কৌবাংৰ কেন্দ্ৰীয় সভাপতি সুনীল কুমাৰ পেগুৱে ২০২৩ চনৰ ৭ ডিচেম্বৰ মিচিংৰ ৰাইজৰ বাবে এটা ঐতিহাসিক দিন বুলি অভিহিত কৰি সুদীৰ্ঘ দিন ধৰি চলাই অহা গণতান্ত্ৰিক সংগ্ৰামখনৰ এক ইতিবাচক ফল ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগু , মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু ৰঞ্জিত দাসৰ নেতৃত্বত লাভ কৰা বুলি কয়। পেগুৱে এই পদক্ষেপৰ বাবে সংশ্লিষ্ট পক্ষলৈ ধন্যবাদ সূচক প্ৰস্তাৱ নাগৰিক সভাৰ তৰফৰ পৰা প্ৰেৰণ কৰি জাতীয় সংগঠনৰ সংগ্ৰামী ইতিহাস বিশ্লেষণ কৰে । পেগুৱে এখন পৰিশীলিত সমাজ গঠনৰ বাবে জনগোষ্ঠীটোৰ সকলোকে সহযোগিতা আগবঢ়োৱাৰ আহ্বান জনায়।
Also Read: পদ্মশ্ৰী যাদৱ পায়েঙক 'ছহিদ কৰম সিং জনমভূমি বঁটা' প্ৰদান: নন্দ সিং বৰকলাৰ 'হাদিৰাচকী' উন্মোচন...