/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/b1b9b3d6-bc98-41d2-9a9b-21c927d48edb/rally.jpg)
চাইকেল ৰেলী
ডিজিটেল ডেস্কঃ এখন শক্তিশালী ধঁপাত বিৰোধী আইনৰ দাবীৰে কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰাম,অসমৰ উদ্যোগত কনজিউমাৰ ভয়েচ,নতুন দিল্লী, স্বাস্থ্য বিভাগৰ ৰাজ্যিক ধঁপাত নিয়ন্ত্ৰণ কোষ আৰু গুৱাহাটী চাইকেলিং কমিউনিটিৰ সহযোগত মঙলবাৰে গুৱাহাটীত চাইকেল ৰেলী কাৰ্যসূচী অনুষ্ঠিত হয়। গুৱাহাটীৰ বিভিন্ন প্ৰান্তৰ দুই শতাধিক চাইকেলিষ্টে অংশ লয় চাইকেল ৰেলীত ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/15d90c1f-abeb-4325-80a0-dc335f5f3605/cbeea3b4_3473_4b18_826a_5383cb27d648.jpg)
চাইকেল ৰেলীৰ আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে স্বাস্থ্য বিভাগৰ প্ৰধান সচিব অবিনাশ যোশীয়ে । প্ৰধান সচিবগৰাকীয়ে ৰেলীৰ উদ্বোধন কৰি শিশু আৰু কিশোৰ সকলো ধঁপাতৰ প্ৰতি আকৃষ্ট হোৱা ঘটনা সমাজৰ বাবে যথেষ্ঠ ক্ষতিকাৰক বুলি মত প্ৰকাশ কৰে। ধঁপাত নিয়ন্ত্ৰণৰ বাবে থকা আইন কঠোৰ ভাবে কাৰ্য্যকৰী কৰাৰ লগতে ধঁপাতৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ জৰিয়তে ভৱিষ্যত প্ৰজন্মক ইয়াৰ ভয়াবহতাৰ পৰা ৰক্ষা কৰিব লাগিব বুলিও তেওঁ মত প্ৰকাশ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/242d4f75-cf35-482f-b7a1-79c9b5f33b72/b6637766_b8a0_4878_a78e_09266018f942.jpg)
বিশ্ব ধঁপাত বিৰোধী দিৱস উপলক্ষে খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰৰ পৰা পুৱা ৬ বজাত আৰম্ভ হয় । চাইকেল ৰেলী কাৰ্যসূচীৰ ফ্লেগ অফ কৰে স্বাস্থ্য সেৱা সঞ্চালক ডাঃ নীলমাধৱ দাস, উপ কৰ আয়ুক্ত ফুলেশ্বৰ বসুমতাৰী, ৰাজ্যিক ধঁপাত নিয়ন্ত্ৰণ কোষৰ ৰাজ্যিক নডেল বিষয়া ডঃ অৰুন্ধতী ডেকা, ডাঃ বি. বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ অধ্যাপক ডাঃ অশোক দাস আদিয়ে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/43d7bf09-8fe1-4ebb-ab12-1925fb9e6e1f/28ae177d_7d77_4d37_98c5_dca39b8ca301.jpg)
খানাপাৰাৰ পৰা উলুবাৰীহৈ পুনৰ খানাপাৰালৈ উভতি অহা চাইকেলিষ্ট সকলে ধঁপাত বিৰোধী আইন শক্তিশালী কৰাৰ দাবীৰে বিভিন্ন প্লেকাৰ্ড প্ৰদৰ্শন কৰে। ছাত্ৰ, খেলুৱৈ, চিকিৎসক, অধিবক্তা, সমাজ কৰ্মী, সাংবাদিককে ধৰি সমাজৰ বিভিন্ন স্তৰৰ লোকে অংশ লোৱা এই ৰেলীৰ কাৰ্যসূচী পৰিচালনা কৰে কনজিউমাৰ্চ লিগেল প্ৰটেক্টশ্বন ফৰাম, অসমৰ সচিব অধিবক্তা অজয় হাজৰিকাই । সচিব অধিবক্তাগৰাকীয়ে নিজৰ ভাষণত শেহতীয়া গ্লোবেল য়ুথ টবাক চাৰ্ভেৰ উদ্ধৃতি দি কয় যে ভাৰতৰ ১৩-১৫ বছৰ বয়সৰ এক পঞ্চমাংশ ছাত্ৰ-ছাত্ৰীয়ে ধঁপাত সেৱন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/4fc63d8c-bcd3-4dc9-9ccd-aee8d4668d07/c19be7a8_68fc_41f6_807c_2df6c189be0e.jpg)
অসমত প্ৰায় ১২ শতাংশ ছাত্র-ছাত্ৰীয়ে ধঁপাত সেৱন কৰে। কৰ্কট ৰোগৰ অন্যতম কাৰণ ধঁপাত সেৱন। উপস্থিত বিশিষ্ট লোক সকলে বছৰটোৰ এটা দিনে নহয়, বৰং প্ৰতিটো দিনেই ধঁপাত বিৰোধী দিৱস হিচাপে পালন কৰিবলৈ আহ্বান জনায়। তেওঁলোকে ধঁপাত ব্যৱহাৰৰ ভয়াবহতাৰ বিষয়ে ব্যাখ্যা আগবঢ়াই শিশু, কিশোৰ আৰু যুৱ প্ৰজন্মক ধঁপাতৰ ভয়াবহতাৰ পৰা ৰক্ষা কৰাৰ স্বাৰ্থত ধঁপাত নিয়ন্ত্ৰণ আইনৰ অধিক শক্তিশালী কৰাৰ সপক্ষে দৃঢ় পোষণ কৰে। অনুষ্ঠানত চাইকেলিষ্টসকলে এখন ধঁপাত মুক্ত সমাজ গঢ়াৰ শপত বাক্য পাঠ কৰে।
উক্ত অনুষ্ঠানত উপস্থিত থাকে বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ প্ৰাক্তন সঞ্চালক ডাঃ অমল চন্দ্ৰ কটকী, অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যন (টাটা ট্ৰাষ্ট)ৰ ডাঃ সুব্ৰত চন্দা, নৰ্থ ইষ্ট কেন্সাৰ ইনষ্টিটিউট এণ্ড ৰিচাৰ্চ চেণ্টাৰৰ সঞ্চালক ডাঃ মুনিন্দ্ৰ নাৰায়ণ বৰুৱা, চাইকেলিং ফেডাৰেচন অফ ইণ্ডিয়াৰ যুটীয়া সচিব ডঃ তপন দাস আৰু কনজিউমাৰ ভয়েচ, নতুন দিল্লীৰ একতা পুৰোহিতকে আদি কৰি বহু কেইজন বিশিষ্ট ব্য়ক্তিয়ে।
Also Read: দিহানামৰ বিশ্ব অভিলেখৰ বাবে বটদ্ৰৱা থানত প্ৰস্তুতি সভা...