দিহানামৰ বিশ্ব অভিলেখৰ বাবে বটদ্ৰৱা থানত প্ৰস্তুতি সভা...

দিহানামৰ বিশ্ব অভিলেখৰ বাবে বটদ্ৰৱা থানত প্ৰস্তুতি সভা...

এইবাৰ দিহানামে ৰচিব বিশ্ব ৰেকৰ্ড। ৰাজ্যত ৬০ হাজাৰ নামতিৰে দিহানাম পৰিৱেশন কৰি বিশ্ব অভিলেখ গঢ়িবলৈ যো-জা চলিছে

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ এইবাৰ দিহানামে ৰচিব বিশ্ব ৰেকৰ্ড। যোৱা ১৪ এপ্রিলত ১১ হাজাৰৰো অধিক বিহুৱা-বিহুৱতীয়ে বিহু নৃত্য পৰিৱেশন কৰি অভিলেখ গঢ়াৰ লগতে একেটা স্থানতে ৩ হাজাৰ ঢুলীয়াই ঢোল বাদন কৰি গীনিজ বুকছ অৱ ৱৰ্ল্ড ৰেকৰ্ডত অভিলেখ স্থাপন কৰাৰ পিছতে এতিয়া ৰাজ্যত ৬০ হাজাৰ নামতিৰে দিহানাম পৰিৱেশন কৰি বিশ্ব অভিলেখ গঢ়িবলৈ যো-জা চলিছে।

উজনি-নামনি আৰু মধ্য অসমৰ আইমাতৃসকলৰ অংগ্ৰহণেৰে অনুষ্ঠিত হ'বলগীয়া এই দিহানামৰ বিশ্ব অভিলেখৰ বাবে মঙলবাৰে বটদ্ৰৱা থানত নগাঁও, হোজাই, মৰিগাঁও জিলাৰ সহস্ৰাধিক নামতি সমবেত হয়। সদৌ অসম শংকৰ মাধৱ সাংস্কৃতিক দিহানাম সমিতিৰ উদ্যোগত বটদ্ৰৱা থানৰ ঐতিহ্যমণ্ডিত আকাশী গংগাৰ তীৰৰ আই খেৰসূতী সাংস্কৃতিক মঞ্চত এই উপলক্ষে এখনি সভা অনুষ্ঠিত হয়।

বটদ্ৰৱা থান পৰিচালনা সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক ইন্দ্ৰমোহন বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ উদেশ্য ব্যাখ্যা কৰে নামতি তুলুমণি বৰুৱাই। পাছত বটদ্ৰৱা নৰোৱা সত্রৰ সত্রাধিকাৰ দেৱানন্দ দেৱ গোস্বামী, শলগুৰি সত্ৰৰ সত্ৰাধিকাৰ যোগেন্দ্ৰ নাৰায়ণ দেৱ মহন্তই দিহানাম দ্বাৰা বিশ্ব অভিলেখৰ প্ৰস্তুতিৰ বাবে সকলোকে শুভাশিস জনাই।

সভাত সদৌ অসম শংকৰ মাধৱ সাংস্কৃতিক দিহানাম সমিতিৰ সভাপতি গনেশ দাসে "সমগ্ৰ অসমত দিহানামৰ পৰিৱেশন শৈলী একে নহয়। উজনি, নামনি, মধ্য অসমত সুকীয়া শৈলীৰে পৰিৱেশন কৰা হয় দিহানাম। এই ভিন্নতা পৰিলক্ষিত কৰিয়েই দিহানামৰ পৰিৱেশন শৈলী সাৰ্বজনীন ৰূপত পৰিৱেশন কৰিব পৰাকৈ একে সুৰ, তাল, কন্ঠত পৰিৱেশন শৈলী প্ৰস্তুত কৰি একেখন ঠাইত এই দিহানাম পৰিৱেশন কৰিবলৈ ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ" বুলি মন্তব্য কৰে।

সদৌ অসম শংকৰ মাধৱ সাংস্কৃতিক দিহানাম সমিতিৰ সাংগঠনিক সম্পাদিকা দীপাঞ্জলি বৰা, সদস্য বকুল বৰাই ভাষণ প্ৰদান কৰা অনুষ্ঠানটিত বৰগীত, দিহানাম আদি বিভিন্ন সাংস্কৃতিক কাৰ্য্যসূচী সম্পন্ন হয়। অনুষ্ঠানটিত মুকুল শইকীয়া, যোগেন কলিতা, ভনিমা বৰা, মন্টু বৰা, ত্ৰিকেন্দ্ৰজিৎ দেৱ গোস্বামী, পিংকি দেৱী, তুলুমণি বৰুৱা, সবিতা বৰা, বন্দনা কলিতাকে আদি কৰি নগাঁও জিলাৰ বটদ্ৰৱা সৰুহিছা, বৰহিছা, বৰভেটি, ধিং, ভোমোৰাগুৰি, ডুমডুমীয়া, কামপুৰ, ৰাইডঙীয়া, মৰিকলং, ৰহা, চকলাঘাটৰ লগতে হোজাই, মৰিগাঁও জিলাৰ সহস্ৰাধিক নামতিয়ে অংশ গ্ৰহণ কৰে।

দিহানামৰ বিশ্ব অভিলেখৰ বাবে বটদ্ৰৱা থানত প্ৰস্তুতি সভা...
পুনৰ শোণিতপুৰ জিলাত চলিল উচ্ছেদ অভিযান...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in