
নিশা পাঠশালাৰ সেউজ নগৰত সুৰামত্ত এদল যুৱকৰ উদ্ভণ্ডালি।
সুৰামত্ত যুৱকৰ দলৰ আক্রমণত আহত কেইবাজনো লোক।
সেউজ নগৰ নামঘৰৰ বাৰাণ্ডাত সুৰাৰ ৰাগিত যুৱকৰ দলটোৱে কৰিছিল উদ্ভণ্ডালি।
স্থানীয় ৰাইজে বাধা প্রদান কৰাত দলটোৱে ৰাইজৰ ওপৰত চলায় আক্রমণ।
যুৱকৰ দলটোৱে শিল দলিয়াই কৰা আক্ৰমণত এটা বাসগৃহৰো ক্ষতিসাধন।
ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ নিয়ন্ত্রণ কৰে পৰিস্থিতি।