"কালিলৈকে বাইক চলাই ঘূৰি ফুৰা মানুহে কোটি কোটি টকা দিম বুলি ক’ব পৰা হ’ল"- ভূপেন বৰা

"কালিলৈকে বাইক চলাই ঘূৰি ফুৰা মানুহে কোটি কোটি টকা দিম বুলি ক’ব পৰা হ’ল"- ভূপেন বৰা

author-image
Asomiya Pratidin
New Update
"কালিলৈকে বাইক চলাই ঘূৰি ফুৰা মানুহে কোটি কোটি টকা দিম বুলি ক’ব পৰা হ’ল"- ভূপেন বৰা

ডিজিটেল ডেস্কঃ নগাঁৱৰ কংগ্ৰেছী নেতা সুৰেশ বৰাই পদত্যাগ কৰি বিজেপিত যোগদান কৰাৰ পিছতে বিৰোধী দলপতি দেৱব্রত শইকীয়া আৰু ভূপেন বৰা বৈঠকত মিলিত হয়। দেৱব্রত শইকীয়াৰ চৰকাৰী আৱাসত অনুষ্ঠিত হয় এই বৈঠক।

Advertisment

এই বৈঠকৰ পাছতেই অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাৰ মন্তব্য প্ৰদান কৰি কয় যে, সোমবাৰৰ ভিতৰত নগাঁৱত এজন জ্যেষ্ঠ কংগ্রেছ কৰ্মীক নিযুক্তি দিয়া হ’ব। জ্যেষ্ঠ কংগ্রেছী নেতা ৰাণা গোস্বামীক ইয়াৰ পৰ্যবেক্ষক হিচাপে দায়িত্ব দিয়া হৈছে।

ইয়াৰ লগতে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাই কয়, "অবৈধ কয়লা খননৰ পাহাৰ খহি পৰিলে ভূমিকম্প হ’বই। মুখ্যমন্ত্রীয়ে বিজেপিত যোগদান কৰাৰ সময়তো মোৰ লগত আলোচনা কৰিছিল। জয়ন্ত মল্লবৰুৱাই মোক ২৫কোটি টকা দিম বুলি কৈছে। তেওঁলোকৰ মতে টকাই সৰ্বস্ব। টকাৰ বাবে সকলোৱে ক্ষমতালৈ নাহে। মোৰ ইতিহাস বিচাৰি চালেই হ’ল। কালিলৈকে বাইক চলাই ঘূৰি ফুৰা মানুহে কোটি কোটি টকা দিম বুলি ক’ব পৰা হ’ল"।

জয়ন্ত মল্লবৰুৱাই ২৫কোটি টকা দিম বুলি কৰা মন্তব্য সন্দৰ্ভত ভূপেন বৰাই কয় যে, এই কথা আন কোনোবাই কোৱা হ’লে তেওঁলোকৰ ঘৰত EDৰ অভিযান চলিল হেতেন।এজন মন্ত্রীয়ে এনেধৰণৰ কথা কোৱাৰ পিছতো কিয় তেওঁৰ বিৰুদ্ধেে EDয়ে অভিযান চলোৱা নাই তাক লৈ প্ৰশ্ন উত্থাপন কৰি ED নোযোৱাটোহে আচৰিত কথা বুলি মন্তব্য দিয়ে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিগৰাকীয়ে।

Also Read: সীমান্ত সুৰক্ষা বাহিনীৰ অভিযান : অমৃতসৰত চীনত নিৰ্মিত ড্ৰ’ন উদ্ধাৰ

JAYANTA MALA BARUAH bhupen borah