/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/4cf002e0-780a-46cf-be9d-071d4e973dbb/16.jpg)
'লাচিত : দ্য ৱাৰিয়াৰ'লৈ শ্ৰেষ্ঠ এনিমেটেড চুটি ছবিৰ সন্মান
ডিজিটেল ডেস্ক : পুনৰ আন্তৰ্জাতিক পৰ্যায়ত জিলিকি উঠিছে অসমীয়া ছবি। বিভিন্ন সময়ত অসমীয়া পূৰ্ণদৈৰ্ঘ্যৰ ছবি, চুটি ছবি নাইবা তথ্যচিত্ৰই আন্তঃৰাষ্ট্ৰীয় মঞ্চত উজলি উঠিবলৈ সক্ষম হৈছে। এনে সময়তে পাৰ্থসাৰথি মহন্ত ৰচিত আৰু পৰিচালিত ছবি 'লাচিত : দ্য ৱাৰিয়াৰে' লাভ কৰিছে শ্ৰেষ্ঠ এনিমেশ্যন চুটি ছবিৰ সন্মান।
উল্লেখ্য যে এই ছবিখনে বিগত সময়তো একেই শিতানত সন্মান বুটলিবলৈ সক্ষম হৈছিল। 'লাচিত : দ্য ৱাৰিয়াৰ'ৰ প্ৰযোজক হৈছে মিনা মহন্ত আৰু ইন্দ্ৰাণী বৰুৱা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/52222ac3-13f3-410e-b7b8-46ee4b7cd316/c0e582b8_d882_40c0_b335_cb150d7716bb.jpg)
ছবিখনৰ ধাৰাভাষ্যকাৰৰ দায়িত্ব আছে ড° অমৰজ্যোতি চৌধুৰী আৰু সংগীত ৰূপম তালুকদাৰৰ। আনহাতে ছবিখনৰ সৃষ্টিশীল পৰিচালক হিচাপে আছে অনুপম মহন্ত, ষ্টৰী বৰ্ডিং হৃষিকেশ বৰাৰ আৰু ভি এফ এক্স কৰিছে ৰাতুল দত্তই।
Also Read: মণিপুৰত বুজন পৰিমাণৰ মাৰণাস্ত্ৰ আৰু বিস্ফোৰক উদ্ধাৰ