মণিপুৰত বুজন পৰিমাণৰ মাৰণাস্ত্ৰ আৰু বিস্ফোৰক উদ্ধাৰ

মণিপুৰত বুজন পৰিমাণৰ মাৰণাস্ত্ৰ আৰু বিস্ফোৰক উদ্ধাৰ

author-image
Asomiya Pratidin
New Update
মণিপুৰত বুজন পৰিমাণৰ মাৰণাস্ত্ৰ আৰু বিস্ফোৰক উদ্ধাৰ

ডিজিটেল সংবাদ,শিলচৰ : চুবুৰীয়া ৰাজ্য মণিপুৰত অবৈধ মাৰণাস্ত্ৰৰ বিৰুদ্ধে নিৰাপত্তা বাহিনীৰ অভিযান আজিও অব্যাহত আছে।‌ ইম্ফল পশ্চিম, কাকচিং, ইম্ফল পূব, কাংপকপি, বিষ্ণুপুৰ আৰু থৌবাল জিলাৰ বিভিন্ন এলেকাত অভিযান চলাই নিৰাপত্তা বাহিনীয়ে বুজন পৰিমাণৰ মাৰণাস্ত্ৰ আৰু বিস্ফোৰক উদ্ধাৰ কৰিছে।

Advertisment

সোমবাৰে চলোৱা অভিযানৰ সময়ত পূব ইম্ফল জিলাৰ পৰা ৩ টা খালী মেগজিনসহ ৩ টা এছ এম জি কাৰবাইন,ডিটনেটৰ নথকা ১৫ টা হেণ্ড গ্ৰেনেড, ডিটনেটৰ নথকা ৬টা স্মোক ডব্লিউ পি গ্ৰেনেড,১৮টা মৰ্টাৰ বোমা আৰু ৬ ডাল ডিটনেটৰ উদ্ধাৰ কৰে।আনহাতে, কাংপকপি জিলাত‌ অভিযান চলাই নিৰাপত্তা বাহিনীয়ে ২টা মেগজিনযুক্ত ১ টা এ কে-৫৬ ৰাইফল,১টা চাইনিজ গ্ৰেনেড,১টা একক বেৰেল ৰাইফল, ১০০ টা এ কে-৫৬ৰ সতেজ গুলী আৰু ১টা মৰ্টাৰ গুলীসহ বহুতো বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰে।

Also Read: ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত মাৰ্কাজ একাডেমী আলিটাঙনীৰ শিক্ষাৰ্থীৰ সাফল্য

Security forces police manipur