প্ৰসংগ- বটদ্ৰৱা থানা কাণ্ড : লীনা দলেসহ ১৭ জনক তলব

প্ৰসংগ- বটদ্ৰৱা থানা কাণ্ড : লীনা দলেসহ ১৭ জনক তলব

author-image
Asomiya Pratidin
New Update
প্ৰসংগ- বটদ্ৰৱা থানা কাণ্ড : লীনা দলেসহ ১৭ জনক তলব

ডিজিটেল ডেস্কঃ ২০২২ চনৰ বটদ্ৰৱা থানা কাণ্ড সন্দৰ্ভত বৃহস্পতিবাৰে অসম সচিবালয়ৰ মুখ্যমন্ত্ৰী ব্লকত উপস্থিত হৈছে তদানীন্তন আৰক্ষী অধীক্ষক লীনা দলেসহ ১৭ জনকৈ আৰক্ষী। ৰাজ্যৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ নিৰ্দেশনা মৰ্মে লীনা দলেৰ লগতে বৃহস্পতিবাৰে অসম সচিবালয়ৰ মুখ্যমন্ত্ৰী ব্লকত উপস্থিত হয় তদানীন্তন অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰা, নিৰুপম হাজৰিকা, তদানীন্তন উপ-আৰক্ষী অধীক্ষক তৃদ্বীপ প্ৰতীম কুম্বাল, দিপ্তী মালী, দুৰ্ভল চন্দ্ৰ দাস, কলিয়াবৰৰ তদানীন্তন এচ ডি পি অ মৃন্ময় দাস সহ ১৭ জনকৈ আৰক্ষী।

Advertisment

উল্লেখ্য যে, ২০২২ চনৰ ২১ মে'ত বটদ্ৰৱা থানাৰ জিম্মাত হাল্লাবৰীৰ চফিকুল ইছলাম নামৰ যুৱক জনৰ ৰহস্যজনকভাৱে মৃত্যু হৈছিল। তাৰ পিছতেই দুষ্কৃতিকাৰীয়ে জ্বলাই দিছিল বটদ্ৰৱা থানা।

এই সমগ্ৰ ঘটনা সন্দৰ্ভত বৃহস্পতিবাৰে এজনীয়া তদন্ত সমিতিৰ ওচৰত বৃহস্পতিবাৰে হাজিৰ হৈছে আৰক্ষীসকল। আৰক্ষীৰ জিম্মাত থকা অৱস্থাতে এজন লোকৰ মৃত্যু হোৱাক লৈ বটদ্ৰৱা থানাত যি অভাৱনীয় পৰিস্থিতৰ সৃষ্টি হৈছিল সেই সন্দৰ্ভত আজি তদন্ত সমিতিয়ে তলব কৰিব নগাঁৱৰ তদানীন্তন আৰক্ষী অধীক্ষক লীনা দলেসহ ১৭জন আৰক্ষী বিষয়াক।

Also Read: চৰাইদেউত ধুমুহাই তচ-নচ কৰিলে বিভিন্ন অঞ্চলত : চৰকাৰী কাৰ্যসূচী বাতিল

বটদ্ৰৱা থানা কাণ্ড