চৰাইদেউত ধুমুহাই তচ-নচ কৰিলে বিভিন্ন অঞ্চলত : চৰকাৰী কাৰ্যসূচী বাতিল

চৰাইদেউত ধুমুহাই তচ-নচ কৰিলে বিভিন্ন অঞ্চলত : চৰকাৰী কাৰ্যসূচী বাতিল

author-image
Asomiya Pratidin
New Update
চৰাইদেউত ধুমুহাই তচ-নচ কৰিলে বিভিন্ন অঞ্চলত : চৰকাৰী কাৰ্যসূচী বাতিল

ডিজিটেল সংবাদ, চৰাইদেউঃ বৃহস্পতিবাৰে পুৱতি নিশা অহা প্ৰচণ্ড ধুমুহা-বৰষুণৰ ফলত চৰাইদেউৰ বিভিন্ন অঞ্চলত বিস্তৰ ক্ষতিসাধন হয় ৷ বিশেষকৈ মথুৰাপুৰকে ধৰি সোণাৰিৰ ব্যাপক অঞ্চল ক্ষয়ক্ষতি হোৱা বুলি জানিব পৰা গৈছে ৷

ইফালে সোণাৰি ৰাজহুৱা খেলপথাৰত অসম চৰকাৰৰ অৰুণোদয় আঁচনি ২.০ৰ অধীনত শিক্ষাৰ্থীৰ মাজত চাইকেল বিতৰণ, মাইক্ৰ'ফাইনেঞ্চৰ ৰেহাই চেক বিতৰণ আদি কাৰ্যসূচীৰ বাবে প্ৰস্তুত কৰা পেণ্ডেলৰ ব্যাপক ক্ষতিসাধন হোৱাৰ পৰিপ্ৰেক্ষিতত বৃহস্পতিবাৰে অনুষ্ঠিত হ'বলগীয়া অনুষ্ঠান স্থগিত ৰখা হৈছে।

  User
User

Also Read: খেল মহাৰণ সন্দৰ্ভত কামপুৰত গুৰুত্বপূৰ্ণ সভা

চৰাইদেউ