মহানগৰীত ব্লেডেৰে ডিঙি কাটি ট্ৰাক চালকক হত্যাৰ চেষ্টা

মহানগৰীত ব্লেডেৰে ডিঙি কাটি ট্ৰাক চালকক হত্যাৰ চেষ্টা

author-image
Asomiya Pratidin
New Update
মহানগৰীত ব্লেডেৰে ডিঙি কাটি ট্ৰাক চালকক হত্যাৰ চেষ্টা

ডিজিটেল ডেস্কঃ মহানগৰীৰ গড়চুকত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। ব্লেডেৰে ডিঙি কাটি এজন লোকক আক্ৰমণ কৰে দুৰ্বৃত্তয়। শনিবাৰে দুপৰীয়া লালুংগাঁৱৰ জি জি পাৰ্কিঙৰ সমীপত সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনা।

Advertisment

জানিব পৰা মতে, শুভম সিং নামৰ লোকজনক হত্যাৰ চেষ্টা চলাইছিল অচিনাক্ত দুৰ্বৃত্তয়। এই আক্ৰমণৰ পাছত আঘাতপ্রাপ্ত শুভম সিং গড়চুক থানাত উপস্থিত হয়।

পৰৱৰ্তী সময়ত গড়চুক আৰক্ষীয়ে লোকজনক উন্নত চিকিৎ‍সাৰ বাবে চিকিৎ‍সালয়লৈ প্রেৰণ কৰে। আঘাতপ্রাপ্ত শুভম সিং পেছাত এজন ট্রাক চালক বুলি জানিব পৰা গৈছে।

Also Read: অসমীয়া প্ৰতিদিন ডিজিটেলে আয়োজন কৰা ৰচনা প্ৰতিযোগিতাৰ বঁটা বিতৰণ

assampolice