দ্বিতীয় পত্নীক হত্যা কৰি ভৰাই থ'লে বাকচতঃ গুৱাহাটীতে সংঘটিত হৈছে এই হত্যাকাণ্ড...

দ্বিতীয় পত্নীক হত্যা কৰি ভৰাই থ'লে বাকচতঃ গুৱাহাটীতে সংঘটিত হৈছে এই হত্যাকাণ্ড...
দ্বিতীয় পত্নীক হত্যা কৰি ভৰাই থ'লে বাকচতঃ গুৱাহাটীতে সংঘটিত হৈছে এই হত্যাকাণ্ড...

ডিজিটেল ডেস্কঃ ৰাজ্যত পুনৰ সংঘটিত হৈছে এক ভয়ংকৰ হত্যাকাণ্ড। এইবাৰ পত্নীক হত্যা কৰি স্বামীয়ে ভৰাই থ'লে বাকচত। এই ঘটনা সংঘটিত হৈছে গুৱাহাটী মহানগৰীৰ লালুংগাঁৱত।

ঘটনাৰ বিৱৰণী অনুসৰি কিছুদিনৰ পূৰ্বে ৰাজু বৈশ্য নামৰ এজন লোকে তেওঁৰ পত্নীক হত্যা কৰি বাকচৰ ভিতৰত ভৰাই থৈছিল। ইয়াৰ পাছতে তেওঁ ঘৰ এৰি পলায়ন কৰে। মৃতদেহ উৱলি যোৱাত দুৰ্গন্ধই অঞ্চলটো বেৰি ধৰে। ইয়াৰ পাছতে এই ঘটনা পোহৰলৈ আহে।

লালুং গাঁৱৰ ১০ নম্বৰত সংঘটিত হোৱা এই ঘটনাই এতিয়া চাঞ্চল্য সৃষ্টি কৰিছে। জানিব পৰা মতে এসপ্তাহ পূৰ্বে এই ঘৰটোত ভাড়াতীয়া হিচাপে প্ৰৱেশ কৰিছিল ৰাজু বৈশ্য নামৰ লোকজনে। পৰিয়ালসহ ঘৰটোত প্ৰৱেশ কৰাৰ পাছতে তেওঁ সংঘটিত কৰে এই হত্যাকাণ্ড।

হত্যাৰ বলি হোৱা মহিলাগৰাকীৰ নাম বাসন্তি বৈশ্য। তেওঁৰ ঘৰ কাৰ্বি আংলঙত। আনহাতে হত্যাকাৰী ৰাজু বৈশ্যৰ ঘৰ গুৱাহাটীৰ মালিগাঁৱত। তেওঁ আছিল হত্যাকাৰী ৰাজু বৈশ্যৰ দ্বিতীয় পত্নী।

ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰাৰ পাছতে গড়চুক আৰক্ষী গৈ ঘটনাস্থলীত উপস্থিত হয় আৰু মৃতদেহ উদ্ধাৰ কৰে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।

দ্বিতীয় পত্নীক হত্যা কৰি ভৰাই থ'লে বাকচতঃ গুৱাহাটীতে সংঘটিত হৈছে এই হত্যাকাণ্ড...
শিৱসাগৰত চৰকাৰৰ নীতিক বিৰোধিতা কৰা আছু নেতাই বিজেপি নেতালৈ পাৰিলে বৰপীৰা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in