/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/db65f460-73ac-4e67-bd61-41c96c3340b3/SHIVSAGAR_1.jpg)
শিৱসাগৰত চৰকাৰৰ নীতিক বিৰোধিতা কৰা আছু নেতাই বিজেপি নেতালৈ পাৰিলে বৰপীৰা...
ডিজিটেল সংবাদ শিৱসাগৰঃ সদৌ অসম ছাত্ৰ সন্থাৰ নীতি আৰু আদৰ্শক একাষৰীয়া কৰি ৰজাঘৰৰ বুকুৰ কুটুম হোৱা এগৰাকী আছু নেতাৰ কাৰ্যকলাপক লৈ এতিয়া শিৱসাগৰ জিলাত তীব্ৰ সমালোচনা হৈছে। মাধ্যম বিতৰ্কক লৈ মাহজোৰা আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰা অসমৰ সৰ্ববৃহৎ অৰাজনৈতিক সংগঠন সদৌ অসম ছাত্ৰ সন্থাৰ শিৱসাগৰ মহকুমা সমিতিৰ সভাপতিগৰাকীৰ কৰ্মকাণ্ডই ব্যাপক চৰ্চা সৃষ্টি কৰাৰ লগতে সংগঠনটোৰ স্থিতি সন্দৰ্ভত জনসাধাৰণক বিমোৰত পেলাইছে।
মাধ্যম বিষয়ক লৈ আছুৱে কালি প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়তে শিৱসাগৰ জিলাৰ কালুগাঁও অঞ্চলৰ দেৱালয় গায়ন কৈৱৰ্ত্তগাঁওস্থিত শিৱসাগৰ মহকুমা আছুৰ সভাপতি সুভাষ চন্দ্ৰ দাসৰ পৰিয়ালে আগবঢ়োৱা এখনি ভাওনা বিজেপিৰ নেতা তথা যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে উদ্বোধন কৰাক লৈ বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/9ac7e271-34b4-4384-af1f-e9ea4938a248/9f66f789_3948_4354_975f_d1d7536aceae.jpg)
সম্প্রতি মাধ্যম বিতর্কক লৈ ৰাজ্যজুৰি চৰকাৰ তথা শাসকীয় দলৰ নেতা-কৰ্মীৰ সৈতে আছুৰ পোনপটীয়া মতবিৰোধ চলি থকাৰ সময়তে মহকুমা ছাত্ৰ সন্থাৰ সভাপতিৰ দৰে গুৰুত্বপূৰ্ণ পদবীত থকা নেতাগৰাকীৰ কৰ্ম কাণ্ডই ৰাইজৰ চকু কপালত তুলিছে। দীর্ঘদিন ধৰি ছাত্ৰ সন্থাৰ দায়িত্বত থকা এইগৰাকী বয়োজেষ্ঠ্য নেতাই বিভিন্ন সময়ত ৰাজনৈতিক নেতাৰ লগত হলি-গলি অব্যাহত ৰখাৰ বিষয়টি অঞ্চলটিত সর্বজন বিদিত।
বিভিন্ন সময়ত শাসকীয় দলৰ বিধায়ক,সাংসদকে ধৰি দলীয় নেতা-কৰ্মীৰ সৈতে সু-সম্পর্ক অব্যাহত ৰাখি নিজক সমাজৰ গুৰুত্বপূৰ্ণ ব্যক্তি সজাবলৈ চেষ্টা অব্যাহত ৰখা সুভাষ চন্দ্ৰ দাসৰ বিৰুদ্ধে আছে আৰু বহু ৰাজহুৱা অভিযোগ। ছাত্ৰ সন্থাৰ পদবীত থকাৰ আচিলাৰে স্থানীয় বিভিন্ন শিক্ষানুষ্ঠানৰ মুৰব্বীকে ধৰি শিক্ষাগুৰুসকলৰ ওপৰত বিভিন্ন সময়ত অভিভাৱক হোৱাৰ চেষ্টা কৰাৰ লগতে শিক্ষানুষ্ঠানৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ কৰাৰ সন্দৰ্ভত তেওঁৰ বিৰুদ্ধে ৰাজহুৱা অভিযোগো উত্থাপন হৈছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/0ae71d3c-7573-48f6-beae-cddeebd487e1/42cc9801_a96b_410b_9519_8a4d0bf77b51.jpg)
ইয়াৰোপৰি নিজৰ ব্যক্তিগত এটি ব্যৱসায়ৰ সূত্ৰে বৃহত্তৰ শলগুৰি-কালুগাঁও অঞ্চলৰ কাঠ ফলা মিলৰ অবৈধ বেহাৰো এক অন্যতম ৰক্ষক ৰূপে সময়ে সময়ে সংশ্লিষ্ট বিভাগ আৰু একাংশ সংবাদ সেৱীৰ ওচৰত বিভিন্ন আর্জি লৈ উপস্থিত হোৱাৰো নজিৰ আছে। ইমানৰ পাছতো শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ শীৰ্ষ নেতৃত্বৰ লগতে আছুৰ কেন্দ্ৰীয় নেতৃত্বৰ লগতো সু-সম্পৰ্ক থকাৰ সুবাদতে এই গৰাকী নেতাই এতিয়াও ছাত্ৰ সন্থাৰ বিষয়বাব গ্ৰহণ কৰি থাকিবলৈ সক্ষম হৈছে।
এইগৰাকী তথাকথিত ছাত্র নেতাৰ নেতৃত্বতে শলগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ কালুগাঁওস্থিত কাৰ্যালয়ৰ সমীপত থকা শ্বহীদ বেদী পুনৰ নিৰ্মাণৰ নামত আজিৰ পৰা কেইবাটাও বছৰ পূৰ্বে ভাঙি দি পুনৰ নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপন কৰিছিল যদিও আজি পর্যন্ত উক্ত শ্বহীদ বেদী নিৰ্মাণৰ কাম আধাৰশিলাতে পৰি ৰৈছে। কিন্তু শ্বহীদ বেদী নিৰ্মাণৰ বাবে বহুলোকৰ পৰা নিৰ্মাণ সামগ্ৰী আৰু অৰ্থ সংগ্রহ প্রক্রিয়া অব্যাহত ৰখাৰ পাছতো শ্বহীদ বেদী আজি পর্যন্ত নিৰ্মাণৰ কাম অলপো অগ্রগতি নোহোৱাত স্থানীয় লোকৰ মাজত ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি হৈ আহিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/d0a2d856-f03b-448d-b981-d975a3113961/35f738d4_dc01_451f_b691_2716a46c80b2.jpg)
পূর্ণাঙ্গ ৰূপত থকা পূৰ্বৰ শ্বহীদ বেদীটি নভঙাকৈয়ে পুনৰ নিৰ্মাণ কৰিব পৰা ব্যৱস্থা আছিল যদিও এইগৰাকী নেতাৰ আকোৰগোঁজ মনোভাৱৰ বাবেই শ্বহীদ বেদীটি ভাঙি পেলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিব লগা হৈছিল বুলিও স্থানীয় আঞ্চলিক ছাত্ৰ সন্থাৰ বহু নেতা-কৰ্মীৰ লগতে প্রাক্তন কর্মীয়ে অভিযোগ উত্থাপন কৰিছে। শেহতীয়াকৈ মাধ্যম বিতৰ্কৰ বাবে মাহজোৰা আন্দোলন কৰিবৰ বাবে সমগ্ৰ অসমৰ ছাত্ৰ সন্থাৰ নেতা-কৰ্মীয়ে প্রস্তুতি অব্যাহত ৰখাৰ সময়তে এইগৰাকী নেতাই নিজৰ ব্যক্তিগত স্বাৰ্থ পূৰণ আৰু সমাজত নিজক বৰমানুহ ৰূপে প্ৰতিষ্ঠা কৰাৰ বাবেই শাসকীয় বিজেপিৰ সাংসদগৰাকীক লোকসভা নির্বাচনলৈ কেইটামান মাহ মাজত বাকী থকা সময়ত নিজৰ ঘৰৰ ভাওনা অনুষ্ঠানত উদ্বোধকৰূপে নিমন্ত্ৰণ কৰি অনা বিষয়টিয়ে ছাত্ৰ সন্থাৰ প্ৰতি জনসাধাৰণৰ মাজত থকা আস্থা আৰু বিশ্বাসত প্ৰভাৱ পেলোৱাটো নিশ্চিত।
বিগত সময়ত এনে কাৰ্য সংঘটিত কৰা নেতা-কৰ্মীৰ বিৰুদ্ধে ছাত্ৰ সন্থাৰ সাংবিধানিক নীতি-নিয়ম অনুসৰি ব্যৱস্থা গ্ৰহণৰ দৃষ্টান্ত আছে। এতিয়া প্ৰশ্ন হ’ল মহকুমা আছুৰ সভাপতিৰ দৰে গুৰু দায়িত্বত থকা এইগৰাকী বহু বিতর্কিত আদহীয়া ছাত্র নেতাৰ বিৰুদ্ধে আছু নেতৃত্বই ব্যৱস্থা গ্ৰহণ কৰিবনে? যদিহে ইমানৰ পাছতো আছু নেতৃত্বই বিষয়টিত চকু মুদা কুলিৰ ভাৱত অৱতীৰ্ণ হয় তেতিয়া সংগঠনটিৰ ভাৱমূৰ্তিত যে চেকা লাগিব সেয়া নিশ্চিত।
Also Read: বুলেট লৈ অহা চিলনী চোৰৰ বিলৈ: ৰাইজে দিলে উত্তম মাধ্যম...