/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/72876a96-bf7a-4470-8c7c-a6180f41b8d6/8.jpg)
ডিজিটেল সংবাদ, গুৱাহাটীঃ মহানগৰীৰ পশ্চিম প্ৰান্তৰ বৰঝাৰ বিমান বন্দৰৰ সীমাতে অৱস্থিত বঙৰাৰ শ্ৰীশ্ৰী কৈটাসিদ্ধি সত্ৰৰ ৭৫ সংখ্যক সুঁৱৰি উৎসৱৰ মহাৰজত জয়ন্তী মহা উলহ-মালহেৰে বৰ্ণাঢ়্য আৰু বিস্তৃত কাৰ্যসূচীৰে আৰম্ভ হৈছে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/0eea752f-8a6f-43a8-a48f-173e0ccb9771/9e40d72a_0d22_4316_8e3c_e0a2caa9bc3e.jpg)
বুধবাৰে পুৱা ৫বজাত শ্ৰীশ্ৰী কৈটাসিদ্ধি সত্ৰৰ ভকতবৃন্দই ঊষা কীৰ্তন পৰিৱেশনেৰে আধ্যাত্মিক কাৰ্যসূচীৰ শুভাৰম্ভ হয়। মহোৎসৱ উদযাপন সমিতিৰ সভাপতি তথা বিশিষ্ট শিক্ষাবিদ গৌৰীকান্ত নাথৰ সঞ্চালনাত দিনৰ ১০:৩০ বজাৰ পৰা স্মৃতিচাৰণ আৰু মুকলি সভা আড়ম্বৰপূৰ্ণ পৰিৱেশৰ মাজত অনুষ্ঠিত হয়। মহোৎসৱৰ সম্পাদক প্ৰধান দুৰ্গেশ্বৰ নাথে আঁত ধৰা অনুষ্ঠান এদল শিল্পীয়ে বৰগীত পৰিৱেশনৰে শুভাৰম্ভ কৰা হয় ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/ad63bdea-33f7-4e3d-98ec-39682dd746b4/767d1aec_97ef_492f_ba3d_b030e2a7953b.jpg)
সভাতে নিৰ্মল নাথ সম্পাদিত স্মৃতিগ্ৰন্থ "শ্ৰীকৃষ্ণানুকীৰ্তন" উন্মোচন কৰি অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য তথা সাংবাদিক দীপক শৰ্মাই কয়- "অনুষ্ঠান-প্ৰতিষ্ঠানৰ স্মৃতিগ্ৰন্থবোৰে গৱেষকৰ সমল সৃষ্টি কৰে । স্মৃতিগ্ৰন্থবোৰ একো-একোটা অঞ্চলৰ ঘাই দলিল। স্মৃতিগ্ৰন্থবোৰ জীয়া ছবি। শ্ৰীশ্ৰীকৈটাসিদ্ধি সত্ৰৰ নাম দেশৰ প্ৰায় ঠাইতে জনা যায়। এই সত্ৰই মানুহৰ মাজত সংহতি-ঐক্যতাৰ ভাৱ প্ৰতিষ্ঠা কৰিছে।"
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/f6f6205b-c9b9-489e-9e6e-9861e334b111/0cd9f7c9_403b_4cee_b7bb_8b66e979ceee.jpg)
অসম চৰকাৰৰ অৱসৰী আয়ুক্ত সচিব অঞ্জন শৰ্মাই বিশিষ্ট অতিথিৰ ভাষণত কয়- "মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নৱ-বৈঞ্চৱ আন্দোলনৰ ধাৰা বোৱাই আনিছিল । পৰম সত্যৰ বিনাশ নহয়। ভাগৱত প্ৰেম সৰল, বিশ্বজনীন, নিষ্কাম ভক্তি থাকিলে জীৱন ধন্য কৰিব পাৰি ।" সভাত পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই অংশ লৈ শ্ৰীকৃষ্ণৰ মাৰ্গ দৰ্শনৰ ওপৰত আলোকপাত কৰে ।
সভাত সন্মানীয় অতিথি হিচাপে দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ নৰকান্ত অধিকাৰী, বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ বিভাগীয় প্ৰধান ড০ হীতেশ দাস, বৰপেটা বি.টি.কলেজৰ প্ৰবক্তা জাহ্নৱী ডেকা, দক্ষিণ কামৰূপ জিলা বি জে পিৰ সভাপতি অঞ্জন গোস্বামী, সমাজকৰ্মী অনুপ কুমাৰ মেধি, সমাজসেৱী আৰতি দাস, কৈটাসিদ্ধি ৰাইজ গয়ৰহৰ সভাপতি প্ৰদীপ চন্দ্ৰ নাথ, শ্ৰীশ্ৰীকৈটাসিদ্ধি সত্ৰৰ সত্ৰাধিকাৰ থানেশ্বৰ নাথ প্ৰভৃতিয়ে অংশ লৈ সত্ৰৰ প্ৰাসংগিকতা, নতুন প্ৰজন্মক সত্ৰ সংস্কৃতিত কিদৰে, কেনেদৰে জড়িত কৰিব পাৰি ইয়াৰ আলোচনা দাঙি ধৰে।
সভাতে নিহাৰিকা দাস, ধৃতিমান দাসে খোল বাদন কৰি পৰিৱেশ প্ৰাণবন্ত কৰি তোলে। ইয়াৰ পিছতে অঞ্চলটোৰ কৃতী বিদ্যাৰ্থী আৰু প্ৰতিভাৱান ব্যক্তি ক্ৰমে অভিনেতা গণদেৱ শৰ্মা, অভিনেত্ৰী বিমলা দাস, অভিনেতা বলেন চৌধুৰীক সম্বৰ্দ্ধনা জনোৱা হয়।সন্ধ্যা ৫বজাত বন্তি প্ৰজ্বলন কৰে ভকত ভূৱন দাসে, সাংস্কৃতিক মঞ্চ মুকলি কৰে অভিনেতা বলেন চৌধুৰীয়ে ।ইয়াৰ পিছতে জনপ্ৰিয় নাগাৰা নামৰ পাঠক কুসুম দেৱীৰ নাগাৰা নাম পৰিৱেশন কৰা হয় ।
১৮ এপ্ৰিলৰ পুৱা ৫বজাত ঊষা কীৰ্তন, ৮ বজাত গোঁসাই স্থাপন, দিনৰ ১২ বজাত দধিমন্থনৰ মঞ্চত বন্তি প্ৰজ্বলন, দধি মন্থনৰ মঞ্চ মুকলি কৰিব অসম সত্ৰ মহাসভাৰ উপ-সভাপতি অখিল মহন্তই। সভাত বিশিষ্ট অতিথি হিচাপে অংশ ল'ব সমাজকৰ্মী এলবাৰ্ট আহমেদ, দক্ষিণ কামৰূপ জিলা সত্ৰ মহাসভাৰ সম্পাদক গোলক দাস, বঙৰা আঞ্চলিক সত্ৰ মহাসভাৰ সভাপতি বিমল ঠাকুৰীয়া, অসম জাতীয় পৰিষদৰ যুটীয়া সম্পাদক পংকজ লোচন গোস্বামী, পলাশবাৰী পৌৰ সভাৰ পৌৰপতি ৰীণা দাস কলিতা, দক্ষিণ কামৰূপ ক্ৰীড়া সন্থাৰ সভাপতি নাৰায়ণ চৌধুৰী, বঙৰা গাঁও পঞ্চায়তৰ সভাপতি নিজৰা দাস, সৰু ফুলগুৰি সত্ৰৰ সত্ৰাধিকাৰ ধীৰেণ মহন্ত আৰু ডেকা সত্ৰাধিকাৰ হিৰণ্য কুমাৰ মহন্তই। বিয়লি ২ বজাত দধি মন্থন প্ৰদৰ্শন, নিশা ৯ বজাত 'যুগান্তৰ নাট্যদল'ৰ নাট প্ৰদৰ্শন ।
১৯এপ্ৰিলৰ ৯ বজাত শ্ৰীশ্ৰী চতুৰ্ভূজ বিগ্ৰহ লৈ শোভাযাত্ৰা উন্মোচন কৰিব সমাজকৰ্মী মদন চৌধুৰীয়ে । সন্ধিয়া ৬ বজাত সাংস্কৃতিক মঞ্চত বন্তি প্ৰজ্বলন কৰিব ভাৰতীয় বায়ু সেনাৰ অৱসৰপ্ৰাপ্ত এইচ এফ ও পৰাণ কুমাৰ ডেকাই, মঞ্চ মুকলি কৰিব গুৱাহাটী বৰঝাৰ বিমান বন্দৰৰ মুখ্য বিমান কোঠ বিষয়া উৎপল বৰুৱাই। অনুষ্ঠানত নিমন্ত্ৰিত অতিথি হিচাপে পলাশবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক প্ৰণৱ কলিতা, অসম প্ৰদেশ মহিলা কংগ্ৰেছ কমিটিৰ সভানেত্ৰী মীৰা বৰঠাকুৰ গোস্বামী, ব্যৱসায়ী অনিল দাস, সমাজকৰ্মী দীনেশ চৌধুৰী, পংকজ কুমাৰ জৈন আৰু অসম ফুটবল সন্থাৰ যুটীয়া সম্পাদক হিমাংশু শেখৰ বৈশ্যই। নিশা গুৰুজনাৰ জন্মস্থান বৰদোৱাৰ অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা পৰিচালনাৰে 'শ্ৰীকৃষ্ণৰ ৰাস' প্ৰদৰ্শনৰ লগতে জনপ্ৰিয় শিল্পী বিদ্যা সাগৰৰ সংগীতানুষ্ঠান প্ৰদৰ্শন কৰা হ'ব ।
Also Read: ব্ৰহ্মপুত্ৰত জাঁহ যোৱাৰ পথত বহৰি সত্ৰ!