ব্ৰহ্মপুত্ৰত জাঁহ যোৱাৰ পথত বহৰি সত্ৰ!

ব্ৰহ্মপুত্ৰত জাঁহ যোৱাৰ পথত বহৰি সত্ৰ!

ডিজিটেল সংবাদ, হাউলীঃ ব্ৰহ্মপুত্ৰ নদীত বৰ্তমানে হৈ থকা তীব্ৰ খহনীয়াৰ ফলত অসমৰ সত্ৰ সংস্কৃতিৰ ইতিহাসৰ পৰা অসমৰ জাতীয় জীৱনৰ এক অনবৈদ্য উপাদান বৰপেটা জিলাৰ ঐতিহ্যমণ্ডিত বহৰি সত্ৰখন ব্ৰহ্মপুত্ৰত জাহ যোৱাৰ উপক্ৰম হোৱাত ভক্তপ্ৰাণ ৰাইজক চিন্তিত কৰি তুলিছে। এই সন্দৰ্ভত অসম সত্ৰ মহাসভাৰ বৰপেটা জিলা সমিতিৰ সভাপতি গোবিন্দ তালুকদাৰ আৰু প্ৰচাৰ সম্পাদক যুগান্ত বায়নে প্ৰকাশ কৰা এক বিবৃতি যোগে, অসম চৰকাৰৰ জলসম্পদ বিভাগৰ বৰপেটা জিলাৰ কাৰ্য্যবাহী অভিযন্তা দয়ানন্দ বৈষ্ণৱৰ চৰম অৱহেলা আৰু অনিহাৰ বাবে মহাপুৰুষ শ্ৰীহৰিদেৱে স্থাপন কৰা এই ঐতিহাসিক সত্ৰখন চিৰদিনৰ বাবে ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হৈ যাব বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।

বিবৃতিটোত সত্ৰ মহাসভাই জনোৱা মতে, ব্ৰহ্মপুত্ৰৰ তীব্ৰ খহনীয়াই সত্ৰখনত আঘাট কৰাৰ ফলত অতি সম্প্ৰতি বহৰি সত্ৰৰ দক্ষিণ দিশত খহনীয়াই কঢ়াল ৰূপ ধাৰণ কৰিছে। বিগত কেইবাদিন ধৰি চলি থকা তীব্ৰ খহনীয়াৰ ফলত কেইবাটাও থলুৱা লোকৰ পৰিয়ালৰ কৃষিভূমি ব্ৰহ্মপুত্ৰত জাহ গৈছে। ব্ৰহ্মপুত্ৰ নদীৰ এনে বিভিশিখাময় খহনীয়াৰ ফলত বহৰি গাঁৱৰ লগতে অসমীয়া জাতিৰ আৱেগ জড়িত হৈ থকা বহৰি সত্ৰৰ অস্তিত্ব লৈ তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে। ইতিমধ্যে নিৰ্মাণ কৰা বহৰি-বাঘবৰ মথাউৰিটোৰ এটা বৃহৎ অংশ খহনীয়াত জাহ যোৱাৰ পিছত বহৰিৰ মধ্যম অংশত থকা ৰিং বান্ধটোক মূল মথাউৰি লৈ উন্নীত কৰা নতুন মথাউৰিটোও খহনীয়াত বিধ্বস্ত হোৱাৰ উপক্ৰম হৈছে। অবাধ গতিত চলি থকা এই খহনীয়াৰ ফলত নতুন মথাউৰিটো ধ্বংস হ'লে বহৰি সত্ৰখন ব্ৰহ্মপুত্ৰৰ বুকুত লীন হৈ যোৱাটো এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে।

অঞ্চলটোৰ এনে দুৰ্যোগপূৰ্ণ সময়তো জলসম্পদ বিভাগে তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰাটো অতি জৰুৰী হৈ পৰিছে। কিন্তু এই ক্ষেত্ৰত জলসম্পদ বিভাগৰ কাৰ্য্যবাহী অভিযন্তাগৰাকীয়ে নিৰ্বাচনৰ দোহাই দি চৰম অৱহেলা আৰু বেপেৰোৱা স্থিতি গ্ৰহণ কৰাত অকল সত্ৰখনে নহয় সমগ্ৰ বহৰি অঞ্চলটো লৈ বিপদ কঢ়িয়াই আনিছে। বৰ্তমান লৈ বিষয়াগৰাকীয়ে ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শনৰ সময় উলিয়াব নোৱাৰি নিজকে বিভাগীয় মন্ত্ৰীৰ ঘনিষ্ঠ বুলি ফিতাহি মাৰি খহনীয়া সমস্যাৰ প্ৰতিৰোধৰ ক্ষেত্ৰত চৰম উদাসীনতা দেখুৱাইছে।

অসম সত্ৰ মহাসভাৰ বৰপেটা জিলা সমিতিয়ে বহৰিত সৃষ্টি হোৱা ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ পৰা সত্ৰখন ৰক্ষা কৰি বহৰি সত্ৰৰ ৬০০ বছৰীয়া অক্ষয় বন্তিগছি যাতে নুমাই নাযায় তাৰবাবে খহনীয়া প্ৰতিৰোধৰ বাবে জৰুৰী ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰী আৰু জলসম্পদ মন্ত্ৰীক আহ্বান জনাইছে।

ব্ৰহ্মপুত্ৰত জাঁহ যোৱাৰ পথত বহৰি সত্ৰ!
গুজৰাটত ভয়ংকৰ পথ দুৰ্ঘটনাঃ নিহত ১০জন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in