বন্দনা কলিতা আৰু তেওঁৰ ২ সহযোগীৰ জামিন আৱেদন নাকচ...

বন্দনা কলিতা আৰু তেওঁৰ ২ সহযোগীৰ জামিন আৱেদন নাকচ...

author-image
Asomiya Pratidin
New Update
বন্দনা কলিতা আৰু তেওঁৰ ২ সহযোগীৰ জামিন আৱেদন নাকচ...

বন্দনা কলিতা আৰু তেওঁৰ ২ সহযোগীৰ জামিন আৱেদন নাকচ...

ডিজিটেল ডেস্কঃ দেশজুৰি চাঞ্চল্য সৃষ্টি কৰা গুৱাহাটীৰ ডাৱল মাৰ্ডাৰ গোচৰত অভিযুক্ত ৩ জনৰ জামিন আৱেদন নাকচ। বন্দনা কলিতা নামৰ এগৰাকী বোৱাৰীয়ে নিজ স্বামী আৰু শাহুক কাটি টুকুৰা টুকুৰ কৰি মেঘালয়ৰ বিভিন্ন স্থানত পেলাই দিছিল।

এই গোচৰৰে তদন্তৰ অন্তত ন্যায়ালয়ত আৰক্ষীয়ে দাখিল কৰিছিল ১৪০০ পৃষ্ঠাৰ অভিযোগনামা। আজি এই গোচৰৰ মূল অভিযুক্ত বন্দনা কলিতা আৰু তেওঁৰ সহযোগী অৰূপ ডেকা, ধনটি ডেকাক কামৰূপ সত্ৰ ন্যায়াধীশআদালতত হাজিৰ কৰোৱা হয়।

আদালতে এই তিনিও হত্যাকাৰীৰে জামিন আৱেদন নাকচ কৰে। তিনিওৰে বিৰুদ্ধে আই পি চিৰ ৩০২,২০১ আৰু ৩৪ ধৰাত ৰুজু হৈ আছে গোচৰ। ইফালে ন্যায়ালয়ে এই গোচৰৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰিছে ১ জুলাই।

এই পৰৱৰ্তী শুনানিতে নথি প্ৰদানৰো সম্ভাৱনা আছে। উল্লেখ্য যে, বন্দনা কলিতাই তেওঁৰ স্বামী অমৰজ্যোতি দে' আৰু শাহু শংকৰী দে'ক হত্যা কৰি তেওঁলোকৰ মৃতদেহ কেইবা টুুকুৰা কৰি পেলাই দিছিল মেঘালয়ৰ বিভিন্ন স্থানত। তাৰ পাছতেই তেওঁ নিজেই আৰক্ষী থানাত স্বামী আৰু শাহু নিৰুদ্দেশ হোৱাৰ গোচৰ ৰুজু কৰিছিল।

স্বামী আৰু শাহুৰ সন্ধান উলিয়াব নোৱাৰাৰ বাবে বন্দনাই আৰক্ষীকো জবাবদিহি কৰিছিল। ইয়াৰ পাছতে শংকৰী দেৰ একাউণ্টৰ পৰা এ টি এমৰ জৰিয়তে ধন উলিওৱাৰ তথ্য লাভ কৰাৰ পাছতে আৰক্ষীয়ে বন্দনা কলিতাক গ্ৰেপ্তাৰ কৰিছিল আৰু জেৰাৰ অন্তত এই ভয়াৱহ ডাৱল মাৰ্ডাৰ ঘটনা পোহৰলৈ আহিছিল।

Also Read: কামপুৰত কপিলীৰ বাঢ়নী পানীয়ে ভাঙিলে মথাউৰিৰ বৃহৎ অংশ...

অপৰাধ বন্দনা কলিতা