কামপুৰত কপিলীৰ বাঢ়নী পানীয়ে ভাঙিলে মথাউৰিৰ বৃহৎ অংশ...

কামপুৰত কপিলীৰ বাঢ়নী পানীয়ে ভাঙিলে মথাউৰিৰ বৃহৎ অংশ...

author-image
Asomiya Pratidin
New Update
কামপুৰত কপিলীৰ বাঢ়নী পানীয়ে ভাঙিলে মথাউৰিৰ বৃহৎ অংশ...

কামপুৰত কপিলীৰ বাঢ়নী পানীয়ে ভাঙিলে মথাউৰিৰ বৃহৎ অংশ...

ডিজিটেল সংবাদ কামপুৰঃ কপিলী নদীৰ জলপৃষ্ঠ ক্ৰমাৎ বৃদ্ধি পাই অহাৰ সময়তে আজি পুৱা ৰহা সমষ্টিৰ অৰ্ন্তগত কামপুৰ গোসাঁই গাঁৱত কপিলীৰ বাঢ়নী পানীয়ে প্ৰেমজান বান্ধটোৰ বৃহৎ অংশ খহাই নিয়াৰ ফলত কপিলীপৰীয়া ৰাইজ আতংকিত হৈ পৰিছে। মথাউৰিটোৰ প্ৰায় দহমিটাৰমান অংশ খহাই নিয়াত প্ৰায় পঞ্চাশখন গাঁও জলমগ্ন হৈ পৰাটো নিশ্চিত হৈ পৰিছে।

Advertisment

উল্লেখ্য যে, এই প্ৰেমজান বান্ধটো বিগত বৰ্ষৰ বানত বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱাত ৰাইজৰ দাবীত কঠীয়াতলী উন্নয়ন খণ্ডৰ এম জি এনৰেগা আঁচনিৰ অধীনত নিৰ্মাণকাৰ্য চলাইছিল যদিও আধাতে বান্ধ নিৰ্মাণৰ কাম বন্ধ কৰি দিয়াৰ অভিযোগ উত্থাপিত হৈছে। ইয়াৰ ফলতে ৰাইজ পুনৰ বানৰ মুখামুখি হ'বলগিয়া হ'ল বুলি আজি সংবাদ মাধ্যমক জানিবলৈ দিয়ে।

অৱশ্যে এই ঘটনাৰ খবৰ পাই আজি দুপৰীয়া ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাস,নগাঁও জিলা উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ, কঠীয়াতলী উন্নয়ন খণ্ডৰ জেষ্ঠ উন্নয়ন খণ্ড বিষয়া শ্বেতপদ্মা শৰ্মা, কামপুৰ ৰাজহ চক্ৰ বিষয়া অন্যন্য লহকৰসহ সংশ্লিষ্ট বিষয়াই খহাই নিয়া বান্ধটো পৰিদৰ্শন কৰে। বানাক্ৰান্ত ৰাইজে এই বান্ধটোৰ নিৰ্মাণ কাৰ্য কঠীয়াতলী উন্নয়ন খণ্ডই সময়মতে নকৰা বুলি ক্ষোভ প্ৰকাশ কৰিছে।

প্ৰতিটো বানতে হাৰাশাস্তি ভূগি অহা ৰাইজে এই প্ৰেমজান বান্ধটো বিজ্ঞানসন্মতভাৱে নিৰ্মাণ কৰি বান প্ৰতিৰোধৰ স্থায়ী সমাধান কৰিবলৈ বিধায়ক তথা জিলা প্ৰশাসনক দাবী তুলিছে। ইপিনে কামপুৰ-যমুনামুখ পথৰ সৰিয়হতলীত আজিও খহনীয়া অব্যাহত আছে। যি কোনো মূহূৰ্তত পথটো খহাই নিয়াৰ আশংকা কৰা হৈছে।

Also Read: যিকোনো মুহূৰ্ততে খহিব পাৰে ডাক দলংঃ ৰঙা পতাকা আঁৰি দায় সাৰিছে সংশ্লিষ্ট বিভাগে

কামপুৰ গৰাখহনীয়া