কৃষ্ণাইত লেখিকা সমাৰোহ সমিতিৰ জিলা কাৰ্যনিৰ্বাহক সভা সম্পন্ন...

কৃষ্ণাইত লেখিকা সমাৰোহ সমিতিৰ জিলা কাৰ্যনিৰ্বাহক সভা সম্পন্ন...

author-image
Asomiya Pratidin
New Update
কৃষ্ণাইত লেখিকা সমাৰোহ সমিতিৰ জিলা কাৰ্যনিৰ্বাহক সভা সম্পন্ন...

কৃষ্ণাইত লেখিকা সমাৰোহ সমিতিৰ জিলা কাৰ্যনিৰ্বাহক সভা সম্পন্ন...

ডিজিটেল সংবাদ কৃষ্ণাই: সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ গোৱালপাৰা জিলা সমিতিৰ কাৰ্যনি্ৰ্বাহক সভাখন আজি কৃষ্ণাইত সম্পন্ন হৈ যায়। কৃষ্ণাই হাব্ৰাঘট উচ্চ মাধ্যমিক বিদ্যালয়ৰ সভা কক্ষত সমিতিৰ সভানেত্ৰী পাৰুল ৰাভাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে সমিতিৰ সম্পাদিকা জ্যোস্না নাথে।

সভাত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰে।ইয়াৰ ভিতৰত আগন্তক কেন্দ্ৰীয় সমিতিৰ সোণালী জয়ন্তী অনুষ্ঠানক জিলা সমিতিয়ে সৰ্বতো প্ৰকাৰে সহায়-সহযোগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাটো প্ৰস্তাৱৰ অন্যতম।

সভাৰ আৰম্ভণিতে বিশিষ্ট লেখিকা তথা জিলা সমিতিৰ উপ-সভানেত্ৰী গীতা দাসে আদৰণি ভাষণ দিয়ে।ইফালে আজি সমিতিৰ কৃষ্ণাই শাখাৰো এখন সভা অনুষ্ঠিত হয়। সভাই এখন ২১ জনীয়া নতুন সমিতি গঠন কৰি দিয়ে।

কৃষ্ণাই শাখাই আগন্তক বৰ্ষত ৰূপালী জয়ন্তী বৰ্ষত পদাৰ্পন কৰিব।সভাত কৃষ্ণাই শাখাই ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰা সন্দৰ্ভতো আলোচনা কৰে।

Also Read: BVFCLৰ ৰঙালী বিহু সন্মিলনৰ সামৰণিঃ স্মৃতি গ্ৰন্থ 'ব্ৰহ্মপুত্ৰ ২০২৩' উন্মোচন...

সদৌ অসম লেখিকা সমাৰোহ সমিতি