বজালী কাণ্ড : গায়ত্ৰী সোণোৱালৰ মেকবুক বিচাৰি চি আই ডিৰ অভিযান

বজালী কাণ্ড : গায়ত্ৰী সোণোৱালৰ মেকবুক বিচাৰি চি আই ডিৰ অভিযান

author-image
Asomiya Pratidin
New Update
বজালী কাণ্ড : গায়ত্ৰী সোণোৱালৰ মেকবুক বিচাৰি চি আই ডিৰ অভিযান

ডিজিটেল ডেস্ক : বজালী কাণ্ডৰে সংযুক্ত নিতৌ ন ন তথ্যৰ সন্ধান অৱ্যহত আছে চি আই ডিৰ। চুপাৰী ব্যৱসায়ীক ধন দাবী কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে উচ্চ পৰ্য্যায়ৰ আৰক্ষী বিষয়াকে ধৰি কৰ্মচাৰী তথা কনিষ্টবল।

Advertisment

এই ঘটনাৰে নাম সাঙোৰ খোৱা অতিৰিক্ত আৰক্ষী অধীক্ষক গায়ত্ৰী সোণোৱালৰ মাতৃগৃহত কিছুদিন পূৰ্বে আৰক্ষী তথা চি আই ডিয়ে চলাইছিল যৌথ অভিযান। বেলতলাৰ জিলমিল পথত থকা মাতৃগৃহত গায়ত্ৰীৰ স্বামীক লৈ চলিছিল এই অভিযান। অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীৰ বিৰুদ্ধে চলা অভিযানতে মাতৃগৃহত উদ্ধাৰ কৰা হৈছিল সোণৰ বিবিধ আ-অলংকাৰ।

এনবোৰ ঘটনাৰ মাজতে বৃস্পতিবাৰে উক্ত ঘটনাৰ তথ্য বিচাৰি শিলপুখুৰীৰ ভানু এপাৰ্টমেণ্টত অসম আৰক্ষী আৰু চি আই ডিৰ দলে অভিযান চলায়। খলনায়িকা গায়ত্ৰী সোণোৱালৰ আত্মীয়ৰ বাসগৃহ তথা ভানু এপাৰ্টমেণ্টত বিভিন্ন তথ্য বিচাৰি এই অভিযান চলোৱা হয়।

জানিব পৰামতে গায়ত্ৰী সোণোৱালৰ মেকবুক বিচাৰি এই অভিযান কাৰ্য চলোৱা হৈছে। উল্লেযযোগ্য যে, মেকবুক বিচাৰিয়ে আজি চাৰ্ভেতো আৰক্ষী তথা চি আই ডিয়ে এক যৌথ অভিযান চলাইছিল। চাৰ্ভেত থকা বাসগৃহত মেকবুকৰ কোনো সন্ধান নাপাই পোনো পোনে শিলপুখুৰীত থকা আত্মীয়ৰ বাসগৃহ অৰ্থাৎ ভানু এপাৰ্টমেণ্ট অভিযান কাৰ্য চলায়।

Also Read: বজালী কাণ্ড : অতিৰিক্ত আৰক্ষী অধীক্ষক গায়ত্ৰী সোণোৱালৰ মাতৃ গৃহত আৰক্ষী-চি আই ডিৰ যৌথ অভিযান

cid Gayatri Sonowal Assam police