বজালী কাণ্ড : অতিৰিক্ত আৰক্ষী অধীক্ষক গায়ত্ৰী সোণোৱালৰ মাতৃ গৃহত আৰক্ষী-চি আই ডিৰ যৌথ অভিযান

বজালী কাণ্ড : অতিৰিক্ত আৰক্ষী অধীক্ষক গায়ত্ৰী সোণোৱালৰ মাতৃ গৃহত আৰক্ষী-চি আই ডিৰ যৌথ অভিযান

author-image
Asomiya Pratidin
New Update
বজালী কাণ্ড : অতিৰিক্ত আৰক্ষী অধীক্ষক গায়ত্ৰী সোণোৱালৰ মাতৃ গৃহত আৰক্ষী-চি আই ডিৰ যৌথ অভিযান

ডিজিটেল ডেস্ক : বজালী কাণ্ড সন্দৰ্ভত নাম সাঙোৰ খোৱা অতিৰিক্ত আৰক্ষী অধীক্ষক গায়ত্ৰী সোণোৱালৰ মাতৃ গৃহত আৰক্ষী-চি আই ডিৰ যৌথ অভিযান। এই কাণ্ডৰে জড়িত থকাৰ অভিযোগত বৃহস্পতিবাৰে গায়ত্ৰী সোণোৱালৰ মাতৃ গৃহত মহানগৰ,বজালী আৰক্ষী তথা চি আই ডিয়ে যৌথ অভিযান চলায়।

Advertisment

অভিযুক্ত গায়ত্ৰী সোণোৱালৰ স্বামীক লগত লৈ মহানগৰীৰ ছাৰ্ভেত থকা মাতৃ গৃহত দলটোৱে অভিযান চলায়। অভিযানকাৰী আৰক্ষী-চি আই ডিৰ দলটোৱে এক গোপন তথ্যৰ ভিত্তিত গায়ত্ৰী সোণোৱালৰ নথি-পত্ৰ বিচাৰি এই অভিযান কাৰ্য চলাই বুলি জানিব পৰা গৈছে।

সন্ধিয়া ৭ বজাৰ পৰা নিশা ৯ বজা পৰ্যন্ত প্ৰায় ২ ঘণ্টাযোৰা এই অভিযান কাৰ্য চলোৱা হয়। গায়ত্ৰী সোণোৱালৰ মাতৃ গৃহ অৰ্থাৎ গুৱাহাটী মহানগৰীৰ ছাৰ্ভেস্থিত জিলমিল পথত থকা ৪ নং গৃহত আৰক্ষী আৰু চি আই ডিয়ে এই অভিযান কাৰ্য চলায়।

Also Read: বজালী কাণ্ডৰ ন ন তথ্য পোহৰলৈঃ ৩ জন আটক....

guwahati police Assam police