ডিজিটেল সংবাদ, গুৱাহাটীঃ শুকুৰবাৰে গুৱাহাটীত দেশৰ উত্তৰ-পূবৰ ৰাজ্যসমূহৰ মাজত অনুষ্ঠিত ৰাষ্ট্ৰীয় আয়ুষ মিছনৰ আঞ্চলিক পর্যালোচনা বৈঠক কেন্দ্রীয় আয়ুষ তথা বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে। অনুষ্ঠানটোত অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ, মিজোৰাম, ছিকিম, ত্ৰিপুৰাৰ স্বাস্থ্যমন্ত্ৰীসকল আৰু জ্যেষ্ঠ বিষয়াসকলৰ লগতে মেঘালয়, নাগালেণ্ডৰ জ্যেষ্ঠ বিষয়াসকলে অংশগ্ৰহণ কৰে। কেন্দ্ৰীয় আয়ুষ আৰু মহিলা আৰু শিশু বিকাশ ৰাজ্যিক মন্ত্ৰী ডাঃ মহেন্দ্ৰভাই মুঞ্জাপাৰাৰ লগতে আয়ুষ মন্ত্ৰালয়ৰ সচিব বৈদ্য ৰাজেশ কোটেচা আৰু মন্ত্ৰালয়ৰ অন্যান্য জ্যেষ্ঠ বিষয়াসকলো উপস্থিত আছিল।
আঞ্চলিক পর্যালোচনা বৈঠকৰ সভাপতিত্ব কৰে কেন্দ্রীয় আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। বৈঠকত অংশগ্ৰহণকাৰী সকলো ৰাজ্য- অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ছিকিম আৰু ত্ৰিপুৰাই আয়ুষ খণ্ডৰ উত্তৰণ আৰু বিভিন্ন আঁচনিৰ কাৰ্যকৰীকৰণ তথা সংশ্লিষ্ট কাৰ্যসূচীৰ অগ্ৰগতি সম্পর্কে বিতং উপস্থাপন আগবঢ়ায়।
এই উপলক্ষে ভাষণ প্ৰদান কৰি কেন্দ্রীয় আয়ুষ মন্ত্রী সর্বানন্দ সোণোৱালে কয় যে- 'উত্তৰ-পূব ভাৰতত আয়ুষ চিকিৎসা ব্যৱস্থাৰ প্ৰসাৰ আৰু প্ৰচাৰৰ দিশত আজি আমি কৰা আলোচনা অতি ফলপ্রসূ হৈছে। সমগ্ৰ বিশ্বৰ লগতে আমাৰ সুন্দৰ উত্তৰ-পূৰ্বাঞ্চল অঞ্চলটোত পৰম্পৰাগত চিকিৎসা পদ্ধতিৰ গুৰুত্ব আৰু জনপ্ৰিয়তা এতিয়া যথেষ্ট বৃদ্ধি পাইছে। সকলো ৰাজ্যই এই ক্ষেত্ৰত যথোচিত দায়িত্ব লোৱাৰ বাবেই সমগ্ৰ অঞ্চলটোত আয়ুষ চিকিৎসাৰ প্ৰসাৰৰ ক্ষেত্ৰত আমি অগ্রগতি লাভ কৰিছোঁ। তাৰ বাবে মই আটাইকে অভিনন্দন আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত আমাৰ আয়ুষ মন্ত্ৰালয়ে জনসাধাৰণৰ জীৱনৰ মান উন্নত কৰিবলৈ বিজ্ঞানসন্মতভাৱে প্ৰমাণিত পৰম্পৰাগত চিকিৎসাৰ গৱেষণাৰ ক্ষেত্ৰত যথেষ্ট অগ্রগতি লাভ কৰিছে।'
তেওঁ লগতে কয় যে- মোদীয়ে ভাৰতত পৰম্পৰাগত চিকিৎসা বিজ্ঞানৰ ব্যৱহাৰক উৎসাহিত কৰাই নহয়, ইয়াৰ জৰিয়তে জীৱনৰ মান সমৃদ্ধ কৰাৰ লক্ষ্যৰে পৰম্পৰাগত চিকিৎসা বিজ্ঞানত বিনিয়োগ, উদ্ভাৱন আৰু আধুনিক চিকিৎসা বিজ্ঞানৰ সৈতে একত্ৰিত কৰাৰ এক বিশ্বব্যাপী আন্দোলনৰ নেতৃত্ব দিছে। তেওঁ উত্তৰ-পূব ভাৰতৰ সকলো ৰাজ্যকে আহ্বান জনাই কয় যে- 'সকলো আগশাৰীৰ ৰাজ্যিক চিকিৎসালয়ত, ১৯খন এইমছৰ আটাইকেইখনতে আয়ুষ বিভাগ স্থাপন কৰি আয়ুষ খণ্ডক শক্তিশালী কৰি তোলক। আজি আমাৰ সন্মুখত সকলো আগশাৰীৰ ৰাজ্যিক চিকিৎসালয়ত সংহত চিকিৎসা বিভাগ স্থাপনৰ এক নতুন আন্দোলনৰ আৰম্ভ কৰাৰ অনন্য সুযোগ আহিছে। সমগ্র দেশখনে অনুকৰণ কৰিব পৰাকৈ আজি সংহত চিকিৎসাৰ ধাৰণাটো অধিক জনপ্ৰিয় আৰু কাৰ্যকৰী কৰা হৈছে। আমি উত্তৰ-পূব ভাৰতে মোদীজীৰ দৃষ্টিভংগীক সামগ্রিক স্বাস্থ্যসেৱাৰ সমাধানৰ দিশত এক বৃহৎ আন্দোলন হিচাপে উপলব্ধি কৰিব পাৰোঁ আৰু পৰম্পৰাগত চিকিৎসা পদ্ধতিক অধিক উন্নীত কৰি অঞ্চলটোৰ বাবে নিয়োগ আৰু বাণিজ্যক প্ৰসাৰিত কৰা আয়ুষ নেতৃত্বাধীন অর্থনৈতিক কেন্দ্ৰ হিচাপে গঢ়ি তুলিব পাৰোঁ।'
দেশত আয়ুষ ব্যৱস্থাৰ বিকাশ আৰু প্ৰসাৰৰ বাবে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত চৰকাৰৰ জৰিয়তে ৰূপায়ণ কৰা আয়ুষ মন্ত্ৰালয়ৰ প্ৰধান আঁচনি হৈছে ৰাষ্ট্ৰীয় আয়ুষ অভিযান (এন এ এম)। এই আঞ্চলিক পর্যালোচনা বৈঠকৰ উদ্দেশ্য হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত ৰাষ্ট্ৰীয় আয়ুষ মিছনৰ সঠিক ৰূপায়ণ আৰু আয়ুষ মন্ত্ৰালয়ৰ গৱেষণা পৰিষদৰ অধীনত ৰাজ্য, ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান আৰু পেৰিফেৰেল গৱেষণা প্ৰতিষ্ঠানসমূহৰ মাজত জ্ঞান বিনিময়।
"উত্তৰ-পূৰ্বাঞ্চল ঔষধি গুণসম্পন্ন তথা মূল্যৱান উদ্ভিদৰ এক বিশাল ভঁৰাল। দেশৰ আয়ুষ খণ্ডলৈ অসম তথা উত্তৰ-পূৰ্বাঞ্চলে গুৰুত্বপূৰ্ণ অৰিহণা আগবঢ়োৱাৰ সম্ভাৱনীয়তা আছে। মাননীয় কেন্দ্রীয় কেবিনেট মন্ত্রী শ্রী সর্বানন্দ সোণোৱালৰ নেতৃত্বত আয়ুষ খণ্ডই এক নতুন গতি লাভ কৰিবলৈ সক্ষম হৈছে।"- বুলি মন্তব্য কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ।
আলোচনাৰ সময়ত অৰুণাচল প্ৰদেশৰ স্বাস্থ্যমন্ত্রী আলো লিবাঙে কয় যে- ৰাজ্যখনে পৰম্পৰাগত চিকিৎসা বিজ্ঞানৰ প্ৰসাৰৰ বাবে আয়ুষ স্বাস্থ্যসেৱা সেৱাৰ পূৰ্ণাংগ সঞ্চালকালয় গঠনৰ পৰিকল্পনা কৰিছে। মণিপুৰৰ স্বাস্থ্যমন্ত্রী সপম ৰঞ্জন সিঙে কয়- লোকটোক হ্ৰদৰ মাজভাগত এটা বিশেষ পঞ্চকৰ্মা কেন্দ্ৰ স্থাপনৰ প্ৰস্তাৱ দিয়া হৈছে। আনহাতে মিজোৰামৰ স্বাস্থ্যমন্ত্ৰী আৰ লালথানগ্লিয়ানাই পৰম্পৰাগত চিকিৎসাৰ সুবিধা আৰু আয়ুষ গ্ৰাম পদক্ষেপ তথা জন আৰোগ্য সমিতিয়ে কেনেদৰে ৰাজ্যখনত আয়ুষ চিকিৎসা ব্যৱস্থাক জনপ্ৰিয় কৰি তুলিছে সেই বিষয়েও উল্লেখ কৰে।
অনুষ্ঠানত সোণোৱালে লগতে কয় যে, "প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন চৰকাৰে ২০২৩-২৪ বৰ্ষত পর্যায়ক্রমে ৰাষ্ট্ৰীয় আয়ুষ মিছনৰ পৃষ্ঠপোষকতাত ৰাজ্য চৰকাৰৰ জৰিয়তে আয়ুষ মন্ত্ৰালয়ৰ দ্বাৰা ১২,৫০০ আয়ুষ স্বাস্থ্য আৰু সুস্থতা কেন্দ্র কাৰ্যকৰী কৰাৰ বাবে অনুমোদন জনাইছে। আয়ুষ মন্ত্রালয়ে ২০১৪-১৫ বৰ্ষৰ পৰা ২০২২-২৩ বৰ্ষলৈ ৰাষ্ট্ৰীয় আয়ুষ মিছনৰ অধীনত উত্তৰ-পূবৰ ৰাজ্যসমূহলৈ মুঠ ৪৪৯.৬৪ কোটি টকা মুকলি কৰিছে। মন্ত্ৰালয়ে ২০১৪-১৫ বৰ্ষৰ পৰা ২০২২ ২৩ বৰ্ষলৈ উত্তৰ-পূবৰ ৰাজাসমূহত ৩৩খন সমন্বিত আয়ুষ চিকিৎসালয় স্থাপনতো গুৰুত্ব দিছে।”