/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/e2478975-6851-4b28-b06f-ad7485a10717/AP_FOR_WEB_bhupen.jpg)
ডিজিটেল সংবাদ কোকৰাঝাৰঃ ''প্ৰমোদ বড়োৰ এতিয়া শ্লোগান হৈছে ডিভাইড মানি ৫০/৫০ । কোকৰাঝাৰলৈ যিমান পইচা আহে তাৰে আধা তেওঁ ল'ব আৰু আধা দিছপুৰক দিব বা বিজেপিক দিব । যিজন মানুহে ছাত্ৰ নেতা থকা অৱস্থাত ডিভাইড আছাম ৫০/৫০ বুলি কৈ, বড়োলেণ্ড লাগে বুলি কৈ আন্দোলন কৰিলে, সেই একেজন মানুহে ক্ষমতা পোৱাৰ পিছত ডিভাইড আছাম ৫০/৫০ বাদ দি ডিভাইড মানি ৫০/৫০ কৰিলে।'' এই মন্তব্য অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাৰ।
কোকৰাঝাৰ জিলা কংগ্ৰেছৰ উদ্যোগত অনুষ্ঠিত হোৱা দলীয় সভা আৰু যোগদান কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি আজি সংবাদ মাধ্যমৰ আগত উক্ত মন্তব্য প্ৰদান কৰিছে প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাই । কোকৰাঝাৰত পদাৰ্পন কৰাৰ পিছতে কিছুমান মানুহৰ মুখত উক্ত কথাখিনি শুনা বুলি কৈ আৰু সঁচা-মিছাও নাজানো বুলি মন্তব্য কৰি প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাই কয় যে- বড়োলেণ্ড লাগে বুলি কোৱা একাংশ নেতা এতিয়া বেংগল আৰু দিল্লীত লেণ্ড(মাটি) কিনিছে ।
Also Read: NSCN (IM)ক মূল সূঁতিলৈ আনি আলফাক গুৰুত্বহীন কৰাৰ লক্ষ্য কেন্দ্ৰৰ !
দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰে ছানি ধৰা বি টি আৰত বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ সপোনৰ সম্পূৰ্ণ বিপৰীত দিশ দেখা গৈছে। সামাজিক, অৰ্থনৈতিক উন্নয়ন আৰু প্ৰগতিৰ সলনি এতিয়া দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰে ছানি ধৰিছে বি টি আৰ। বহু আশাৰে কোকৰাঝাৰৰ ৰাইজে দুটা আঞ্চলিক দলৰ জন্ম দিছিল। ইয়াৰে এটা বি পি এফ আৰু আনটো ইউ পি পি এল ।
দুয়োটা দলে বিজেপি আৰু মুখ্যমন্ত্ৰীৰ দবা খেলৰ গুটিত পৰিণত হৈছে আৰু যাৰ বাবেই জনতা নাৰাজ হৈ কংগ্ৰেছৰ প্ৰতি আকৰ্ষিত হৈছে। পূৰ্বতে কোকৰাঝাৰত কংগ্ৰেছৰ সাংগঠনিক স্থিতি শক্তিশালী নাছিল কিন্তু বৰ্তমান সাংগঠনিক স্থিতি মজবুত হৈছে আৰু নৱপ্ৰজন্ম কংগ্ৰেছৰ প্ৰতি আকৰ্ষিত হৈছে।
Also Read: নতুন পেন্সন নীতি বিৰোধী আন্দোলনৰ প্ৰতি AJP ৰ সমৰ্থন...
বি টি আৰৰ ৰাইজ লুণ্ঠন -শোষণৰ বলি হৈছে আৰু উন্নয়ন স্তব্ধ হৈছে বুলি মন্তব্য কৰি ভূপেন বৰাই কয় যে, প্ৰমোদ বড়োৰ ধন সৰ্বোচ্চ ৰাজনীতিয়ে জনসাধাৰণক এতিয়া আমুৱাইছে। কংগ্ৰেছে এইবাৰ কোকৰাঝাৰ লোকসভা সমষ্টিত প্ৰাৰ্থী দিয়াটো ১০০ শতাংশই নিশ্চিত আৰু কোকৰাঝাৰ লোকসভা সমষ্টিত কংগ্ৰেছেই জয়যুক্ত হ'ব বুলি মন্তব্য কৰি বৰ্তমানৰ কোকৰাঝাৰৰ সাংসদ নৱ কুমাৰ শৰণীয়াৰ কথা বৰ্তমান মুহূৰ্তত আলোচনা কৰিব লাগে বুলিয়েই নাভাৱো বুলি মন্তব্য কৰে ভূপেন বৰাই।
ইপিনে এবিএমছুৰ প্ৰাক্তন সভাপতি তথা ইউ পি পি এলৰ উপ-সভাপতি মইনুল হকে আজি আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰি ইউ পি পি এলে যোৱা বিটিচি নিৰ্বাচনত ভুৱা প্ৰতিশ্ৰুতি দিছিল বুলি মন্তব্য কৰি সম অধিকাৰ, সম উন্নয়নৰ কথা কৈ ইউ পি পি এলে ৰাইজক আভুৱা ভাৰিলে বুলি মন্তব্য কৰে।
উল্লেখ্য যে, জিলা কংগ্ৰেছৰ সভাপতি প্ৰাণজিৎ বসুমতাৰীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা আজিৰ দলীয় আৰু যোগদান সভাতে ভূপেন বৰাৰ উপস্থিতিত ৯ শতাধিক লোকে বিভিন্ন দলৰ পৰা মোহভংগ হৈ আনুষ্ঠানিকভাৱে কংগ্ৰেছ দলত যোগদান কৰে। ইউ পি পি এলৰ উপ-সভাপতি মইনুল হক, দেৱৰগাঁও ব্লক বিজেপিৰ সভাপতি জয়ন্ত বসুমতাৰী, ফকিৰাগ্ৰাম সমষ্টি বিজেপিৰ প্ৰাক্তন সভাপতি গৌৰৱ কুমাৰ দত্ত, হিন্দীভাষী বিকাশ পৰিষদ অসমৰ উপ-সভাপতি ছালাহউদ্দিন খান, বাওখুংগ্ৰী ব্লক মহিলা বিপিএফ সভানেত্ৰী সেফালী মাৰাক, গোসাঁইগাঁও কলেজৰ প্ৰৱক্তা ৰঞ্জিত কুমাৰ নাৰ্জাৰী, ৰাভা ছাত্ৰ সন্থাৰ উপ-সভাপতি হস্তনা ৰাভা, বি পি এফৰ বাওখুংগ্ৰী ব্লকৰ সভাপতি জিতেন বৰ্মন আদিকে ধৰি বিভিন্ন দল -সংগঠনৰ নেতা কৰ্মীয়ে আজি আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰে।
Also Read: চেঞ্চুৰী কোবালে অসম চৰকাৰেঃ ঘোষণা কৰিলে ২২ হাজাৰ চাকৰি, ৪ খন জিলা, ৮১খন উপ-জিলা...
উল্লেখ্য যে, লোকসভা নিৰ্বাচনলৈ বহুদিন বাকী যদিও কোকৰাঝাৰ ক্ৰমান্বয়ে "পলিটিকেল হাব" লৈ পৰিণত হৈছে । ইউ পি পি এল, বিজেপি, অগপ আৰু এতিয়া কংগ্ৰেছও কোকৰাঝাৰত দলীয় আৰু যোগদান সভা অনুষ্ঠিত কৰি চমকৰ সৃষ্টি কৰিছে। এসময়ত কংগ্ৰেছৰ কোনো গণভিত্তি নথকা কোকৰাঝাৰত এতিয়া কংগ্ৰেছে সভা পাতি প্ৰায় সহস্ৰাধিক নেতা -কৰ্মীক যোগদান কৰা ঘটনা যথেষ্ট চৰ্চিত হৈছে।
প্ৰণিধানযোগ্য যে, আজি কোকৰাঝাৰ জিলা কংগ্ৰেছৰ উদ্যোগত জিলা কংগ্ৰেছ ভৱনত জিলা সভাপতি প্ৰাণজিৎ বসুমতাৰীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা দলীয় সভা আৰু যোগদান কাৰ্যসূচী অনুষ্ঠানত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই আজি কোকৰাঝাৰত পদাৰ্পন কৰি বিটিচি সচিবালয় প্ৰাংগনত থকা বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ আৱক্ষ মূৰ্তিত শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে । আজিৰ সভাত এ পি চি চিৰ সম্পাদক গৰ্জন মুছাহাৰী, জিলা কংগ্ৰেছৰ নেৰ্তৃবৃন্দ আৰু প্ৰদেশ কংগ্ৰেছৰ কেবাগৰাকী নেতা উপস্থিত আছিল।
Today I attended a 'Joining Ceremony' at Kokrajar District Congress office.
I was particularly impressed by the leadership DCC President Sri Pranjit Basumotiari,APCC GS Gorjan Musahary ,Bipul Gogoi GSO , and the enthusiasm of the party workers that attended the meeting.
We… pic.twitter.com/lfMHKMLrby— Bhupen kumar Borah (@BhupenKBorah) August 25, 2023
Also Read: চেঞ্চুৰী কোবালে অসম চৰকাৰেঃ ঘোষণা কৰিলে ২২ হাজাৰ চাকৰি, ৪ খন জিলা, ৮১খন উপ-জিলা...