লাচিত দ্যা ৱাৰিয়ৰ লৈ অযোধ্য চলচ্চিত্ৰ মহোৎসৱৰ শ্ৰেষ্ঠ এনিমেচনৰ বঁটা

স্বাভাৱিকতে ছবিখনে লাভ কৰা সফলতাত ধন্য অসমৰ সাংস্কৃতিক জগত।

author-image
Asomiya Pratidin
New Update
লাচিত দ্যা ৱাৰিয়ৰ লৈ অযোধ্য চলচ্চিত্ৰ মহোৎসৱৰ শ্ৰেষ্ঠ এনিমেচনৰ বঁটা

ডিজিটেল ডেস্ক : ৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ উজলি উঠিছে পাৰ্থ সাৰথি মহন্ত পৰিচালিত চুটি ছবি 'লাচিত দ্যা ৱাৰিয়ৰ।' ১৭ সংখ্যক অযোধ্য চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ এনিমেচনৰ শিতানত বঁটা লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে ছবিখনে।

Advertisment

ইয়াৰ পূৰ্বেও ছবিখনে বহুকেইটা আন্তঃৰাষ্ট্ৰীয় তথা ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানত শ্ৰেষ্ঠ এনিমেচনৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। উল্লেখযোগ্য যে পাৰ্থ সাৰথি মহন্ত পৰিচালিত লাচিত দ্যা ৱাৰিয়ৰৰ প্ৰযোজনা কৰিছে মিনা মহন্ত আৰু ইন্দ্ৰাণী বৰুৱাই।

চুটিছবিখনৰ ধাৰাভাষ্যকাৰ হৈছে অমৰজ্যোতি চৌধুৰী। সংগীত সজাইছে ৰূপম তালুকদাৰে। আনহাতে ক্ৰিয়েটিভ ডাইৰেক্টৰ অনুপম মহন্ত, ষ্টৰী বৰ্ডিং হৃষিকেশ বৰা আৰু ভিএফএক্স কৰিছে ৰাতুল দত্তই। স্বাভাৱিকতে ছবিখনে লাভ কৰা সফলতাত ধন্য অসমৰ সাংস্কৃতিক জগত।

Also Read: কাজিৰঙাত আগমন পৰিভ্ৰমী পক্ষীৰ

Assamese Cinema cinema partha sarathi mahanta