প্ৰথিতযশা সাংবাদিক ধীৰেন্দ্ৰ নাথ বেজবৰুৱাক সম্বৰ্দ্ধনা

প্ৰথিতযশা সাংবাদিক ধীৰেন্দ্ৰ নাথ বেজবৰুৱাক সম্বৰ্দ্ধনা

ডিজিটেল সংবাদ, গুৱাহাটীঃ অসমৰ প্ৰথিতযশা সাংবাদিক, চিন্তাবিদ, অনুবাদক, "দি চেন্ট্ৰিনেল" কাকতৰ প্ৰাক্তন সম্পাদক, পদ্মশ্ৰী প্ৰাপক ধীৰেন্দ্ৰ নাথ বেজবৰুৱাক মঙ্গলবাৰে "পৰাগজ্যোতি প্ৰকাশন"ৰ তৰফৰ পৰা মহানগৰীৰ চান্দমাৰিস্থিত নিজ বাসভৱনত সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয় । ফুলাম গামোচা, চেলেং চাদৰ, কিতাপৰ টোপোলা, মানপত্ৰ আদিৰে সম্ভাষণ জ্ঞাপন কৰে পৰাগজ্যোতি প্ৰকাশনৰ হৈ অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত আয়ুক্ত সচিব অঞ্জন শৰ্মা, অসম সাহিত্য সভাৰ প্ৰাক্তন সহকাৰী সম্পাদক, "সাহিত্যকোঁৱৰ" কমল কলিতা, অনাতাঁৰ কেন্দ্ৰ, গুৱাহাটীৰ অৱসৰপ্ৰাপ্ত সঞ্চালক তথা বোলছৱি পৰিচালক অৱনী ৰঞ্জন পাঠক, বিশিষ্ট গীতিকাৰ- অৱসৰী প্ৰশাসনীয় বিষয়া শচীন দাস প্ৰভৃতিয়ে ।

প্ৰকাশনৰ সচিব, সাংবাদিক দীপক শৰ্মাই আঁতধৰা অনুষ্ঠানত বক্তব্য দাঙি ধৰি বৰ্ষীয়ান সাংবাদিক ধীৰেন্দ্ৰ নাথ বেজবৰুৱাই কয়- "বৰ্তমান সময়ত সুষ্ঠ-সত্য সংবাদ পৰিৱেশনৰ অভাৱ ঘটিছে । ই বৰ দুৰ্ভাগ্য । সাম্প্ৰতিক সময়ত অসম ৰাজ্যত ডেকা চামৰ মাজত উৎসাহ-উদ্দীপনা হ্ৰাস পাইছে । প্ৰেৰণা যোগোৱা মানুহৰো অভাৱ । নতুন প্ৰজন্মক ইতিবাচক চিন্তাৰে আগুৱাই লৈ যোৱাৰ বাবে অগ্ৰজসকলে চিন্তা কৰিব লাগে ।"

অৱসৰপ্ৰাপ্ত আয়ুক্ত সচিব অঞ্জন শৰ্মাই কয়- "আজিৰ সময়ত একাংশ নতুন প্ৰজন্মৰ মাজত নৈতিক স্খলন ঘটিছে । সেয়েহ, জ্যেষ্ঠ সাহিত্যিক, সাংবাদিক, শিল্পী, বুদ্ধিজীৱীসকলে ন-প্ৰজন্মক সঠিক দিশৰ বাট দেখুৱাব লাগে । ধীৰেন্দ্ৰ নাথ বেজবৰুৱা আমাৰ সকলোৰে আদৰ্শ স্বৰূপ ।" সাহিত্যিক পেন্সনাৰ কমল কলিতাই কয়- "দিগগজ সাংবাদিক বেজবৰুৱা চাৰৰ চিন্তা সূদুৰ প্ৰসাৰী । মহানুভৱ চিন্তাধাৰাৰ অধিকাৰী ।"

বোলছবি পৰিচালক অৱনী ৰঞ্জন পাঠকে কয়--- "সকলোৰে বাবে আদৰ্শ স্বৰূপ বেজবৰুৱা চাৰ । চাৰৰ বিশাল ব্যক্তিত্বই সকলোকে সন্মোহিত কৰে ।" গীতিকাৰ শচীন দাসে কয়- "বেজবৰুৱা চাৰে দি চেন্ট্ৰিনেল কাকতত লিখা সম্পাদকীয়বোৰ আজিও সেউজ হৈ আছে ।" সাংবাদিক দীপক শৰ্মাই কয়- "আজীৱন সাংবাদিক, চিন্তাবিদ বেজবৰুৱাৰ ওখ ব্যক্তিত্বই সকলোকে সন্মোহিত কৰে । তেওঁৰ চিন্তা সূদুৰ প্ৰসাৰী।"

প্ৰথিতযশা সাংবাদিক ধীৰেন্দ্ৰ নাথ বেজবৰুৱাক সম্বৰ্দ্ধনা
কংগ্ৰেছ ত্যাগ প্ৰাক্তন সাংসদ দ্বিজেন শৰ্মাৰ, বিজেপিত যোগদানৰ সম্ভাৱণা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in