মণিপুৰত বুজন পৰিমাণৰ অবৈধ মাৰণাস্ত্ৰ জব্দ...

মণিপুৰত বুজন পৰিমাণৰ অবৈধ মাৰণাস্ত্ৰ জব্দ...

author-image
Asomiya Pratidin
New Update
মণিপুৰত বুজন পৰিমাণৰ অবৈধ মাৰণাস্ত্ৰ জব্দ...

ডিজিটেল সংবাদ,শিলচৰ: চুবুৰীয়া ৰাজ্য মণিপুৰত নিৰাপত্তা বাহিনীয়ে চলোৱা এক অভিযানত বুজন পৰিমাণৰ মাৰণাস্ত্ৰ আৰু বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰে।‌ অসম ৰাইফলছ আৰু মণিপুৰ আৰক্ষীয়ে যুটীয়া অভিযান চলাই থৌবাল জিলাৰ ফৌওঐবি এলেকাৰ পৰা জব্দ কৰে মাৰণাস্ত্ৰসমূহ।

Advertisment

উক্ত অভিযান কালত ম্যানমাৰত নিৰ্মিত ১টা MA-3 Aslt Rifle, ১টা  RPG Shell, ২টা 81mm Mortar Shell,৩টা Detonator, ৩টা 36 HE  Hand Grenade, ১টা IED, ৪টা tear smoke shell‌সহ বুজন পৰিমাণৰ সতেজ গুলি আৰু বিস্ফোৰক সামগ্ৰী জব্দ কৰে।

Also Read: মধ্যাহ্ন ভোজনৰ সামগ্ৰী আত্মসাতৰ অভিযোগ প্ৰধান শিক্ষকৰ বিৰুদ্ধে...

manipur Silchar manipur police