/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/650f6be7-2651-4a17-982b-d9085dd849f2/RISHI_SIR_.bmp)
ডিজিটেল ডেস্কঃ বৰেণ্য পণ্ডিত, গৱেষক, সমাজ সংস্কাৰক,ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ মৃত্যু দিৱসৰ সৈতে সংগতি ৰাখি আজি গুৱাহাটীত অনুষ্ঠিত হব বিশেষ অনুষ্ঠান। ওজা হেমচন্দ্ৰ বৰুৱা ন্যাসৰ হৈ সাদিন-প্ৰতিদিন গোষ্ঠীয়ে প্ৰদান কৰিব ওজা হেমচন্দ্ৰ বৰুৱা সাহিত্য সাধনা বঁটা আৰু হেমকোষপ্ৰাণ দেৱানন্দ বৰুৱা সমাজ চেতনা বঁটা।
পুৱাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদত থকা ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে অসমীয়া প্ৰতিদিনৰ সঞ্চালক ঋষি বৰুৱা, প্ৰতিদিন টাইমৰ সঞ্চালিকা স্মিতাক্ষী বি গোস্বামীৰ লগতে সাদিন-প্ৰতিদিনগোষ্ঠীৰ কৰ্মকতাসকলে। এই অনুষ্ঠানটিত বিশ্ববিদ্যালয়ৰ কেইবাগৰাকীও অধ্যাপক উপস্থিত থাকে।
শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি অসমীয়া প্ৰতিদিনৰ সঞ্চালক ঋষি বৰুৱাই কয়- অসমৰ সমাজ জীৱনলৈ ভাষাৰ ওজাগৰাকীৰ যি অৱদান সেই অৱদানক আগবঢ়াই দিয়াৰ ক্ষেত্ৰত আমাৰ কৰণীয়খিনি সদায়েই কৰিবলৈ আমি যত্ন কৰো। এই প্ৰচেষ্টা ভৱিষ্যতলৈও অব্যাহত থাকিব। আনহাতে প্ৰতিদিন টাইমৰ সঞ্চালিকা স্মিতাক্ষী বি গোস্বামীয়ে বিজ্ঞান মনস্কতাৰ গৰাকী, সমাজ সংস্কাৰক,ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ অৱদানে অসমীয়া জাতিক সদায়েই সমৃদ্ধ কৰিব বুলি কয়।
উল্লেখ কৰা প্ৰয়োজন যে, গুৱাহাটীৰ উজানবজাৰস্থিত বিবেকানন্দ প্ৰেক্ষাগৃহত অনুষ্ঠিত হবলগীয়া গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰদান কৰা হব এই দুয়োটা বঁটা। সাদিন প্ৰতিদিন গোষ্ঠীয়ে দুবছৰৰ মূৰে মূৰে প্ৰদান কৰি আহিছে এই বঁটা দুটি।
বিগত ২০২২বৰ্ষত ওজা হেমচন্দ্ৰ বৰুৱা সাহিত্য সাধনা বঁটা আগবঢ়োৱা হৈছিল গৱেষক-সাহিত্যিক ড০ শিৱনাথ বৰ্মনলৈ আৰু হেমকোষপ্ৰাণ দেৱানন্দ বৰুৱা সমাজ চেতনা বঁটা আগবঢ়োৱা হৈছিল পদ্মশ্ৰী বীৰুবালা ৰাভাক। এইবৰ্ষত এই বঁটা প্ৰদান অনুষ্ঠানটি আৰম্ভ হব বিয়লি ৩বজাৰ পৰা।