ডকাইতৰ ৰূপত এইবাৰ অটো চালক : চোকা অস্ত্ৰ দেখুৱাই যাত্ৰীৰ পৰা লুটি নিলে...

যাত্ৰীগৰাকীৰ লগত নগদ ধন নথকাত অনলাইন মাধ্যমেৰে সেই ধন সংগ্ৰহ কৰে ডকাইৰূপী অটো চালকগৰাকীয়ে।

author-image
Asomiya Pratidin
New Update
ডকাইতৰ ৰূপত এইবাৰ অটো চালক : চোকা অস্ত্ৰ দেখুৱাই যাত্ৰীৰ পৰা লুটি নিলে...

ডিজিটেল ডেস্ক : গুৱাহাটী মহানগৰীত সম্প্ৰতি দিনক দিনে বৃদ্ধি পাইছে চুৰি তথা ডকাইতি কাণ্ড। এনে সময়তে মঙলবাৰে নিশা এগৰাকী অটো চালকে যাত্ৰীক চোকা অস্ত্ৰ দেখুওৱাৰ লগতে ভয়-ভাবুকি দেখুৱাই লুটি নিয়ে ধন।

Advertisment

মহানগৰীৰ দিশপুৰ লাষ্টগেটত সংঘটিত হৈছে এই ঘটনা। জানিব পৰা মতে অটো চালকৰূপী ডকাইতজনে অটোৰ ভিতৰতে নলবাৰীৰ চামতাৰ জাকিৰ হুছেইন নামৰ যাত্ৰীগৰাকীক ভয়-ভাবুকি দেখুৱাই ধন লুটি নিয়ে।

ঘটনাৰ বিৱৰণী অনুসৰি নলবাৰীৰ পৰা গুৱাহাটীলৈ বিশেষ কামত অহা ভুক্তভোগী যাত্ৰীগৰাকীয়ে গণেশগুৰিৰ পৰা ছয়মাইললৈ বুলি এখন অটো ভাড়া কৰিছিল। ইয়াৰ পাছতে অটো চালকজনে গণেশগুৰিৰ হনুমান মন্দিৰৰ সমীপৰ এটা উপপথৰ নিৰ্জন ঠাইলৈ লৈ যায় যাত্ৰীগৰাকীক।

আৰু তাতেই যাত্ৰীগৰাকীক ধৃত চালকজনে ছুৰী দেখুৱাই ধন দাবী কৰে। যাত্ৰীগৰাকীৰ লগত নগদ ধন নথকাত অনলাইন মাধ্যমেৰে সেই ধন সংগ্ৰহ কৰে ডকাইৰূপী অটো চালকগৰাকীয়ে।

প্ৰাণৰ মমতাত নলবাৰীৰ জাকিৰে অৱশেষত অটো চালকজনৰ একাউণ্টত ফোন পেৰদ্বাৰা ধন দিবলৈ বাধ্য হয়। উল্লেখযোগ্য যে ডিজিটেল মাধ্যমযোগে ধনৰ লেন-দেন কৰাত স্পষ্টকৈ ধৰা পৰে ধৃত লোকজনৰ পৰিচয়। ফোন পেত লোকজনৰ নাম ছাইদুৰ ৰহমান বুলি স্পষ্ট হৈছে।

এই ঘটনা সন্দৰ্ভত ইতিমধ্যে দিশপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী লোকজনে।

Also Read: পৃথক পৃথক দুৰ্ঘটনাত দুই পুত্ৰক হেৰুৱাই শোকত সাগৰত এটি দুৰ্ভগীয়া পৰিয়াল...

ganeshguri Auto driver crime guwahati police dispur