ডিজিটেল সংবাদ,চেঙা : বৰপেটাৰ জিলাৰ চেঙাৰ ভেল্লাত সংঘটিত হৈছে মৰ্মান্তিক ঘটনা। দুটা বছৰত এজন এজনকৈ দুয়োজন ল'ৰাকে দুৰ্ঘটনাত হেৰুৱাব লগা হ'ল এটি পৰিয়ালে।
বিদ্যুতৰ শ্বৰ্ট শ্বাৰ্কিটৰ ফলত কৰুণ মৃত্যুক আঁকোৱালি ল'লে ভেল্লাৰ খন্দকাৰপাৰাৰ গাঁৱৰ এজন যুৱকে । মৃত্যু হোৱা যুৱকজনৰ নাম ভেল্লা আল কালাম হক।
উল্লেখ্য যে ব্যৱসায়ী হাৰুণ আলীৰ পুত্ৰ কালামৰ বয়স হৈছিল ১৯ বছৰ। জানিব পৰা মতে পিতৃৰ হাৰ্ডৱেৰ দোকানত থকা ইনভাৰ্টাৰত শ্বৰ্ট হোৱাৰ ফলত সংঘটিত হয় এই হৃদয় বিদাৰক ঘটনা।
ঘটনা সংঘটিত হোৱাৰ পাছতে সংকটজনক অৱস্থাত বৰপেটাৰ ফখৰুদ্দিন আলি আহমেদ মেডিকেল কলেজলৈ নিয়া হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে যুৱকজনক। এই অনাকাঙ্খিত খবৰে বৃহত্তৰ ভেল্লাবাসী ৰাইজক শোকত ম্ৰিয়মান কৰি তোলে। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে বিগত বৰ্ষতো এটি পথ দুৰ্ঘটনাত পতিত হৈ মৃত্যু হৈছিল হাৰুণৰ জ্যেষ্ঠ পুত্ৰ ইদুল ওৰফে আইনুলৰ। এনেদৰে দুয়োগৰাকী পুত্ৰকে হেৰুৱাই শোকত ভাগি পৰিছে দুৰ্ভগীয়া পৰিয়ালটি।