/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/08/agrani-batory-22.jpg)
ৰে'লৱেৰ লগত অসম ৰাজ্যিক পৰিবহণ নিগমৰ চুক্তিঃ জালুকবাৰীত হ'ব নতুন ISBT...
অসম ৰাজ্যিক পৰিবহণ নিগম আৰু উত্তৰ পূৱ ৰে’লৱেৰ মাজত বুজাবুজি চুক্তি স্বাক্ষৰ।
অসম ৰাজ্যিক পৰিবহণ নিগমৰ পল্টনবজাৰৰ ৪ বিঘা ভূমি হস্তান্তৰ উত্তৰ পূৱ ৰে’লৱেক।
ৰে’লৱে ষ্টেচনৰ নামত ব্যৱহাৰ কৰা হ’ব হস্তান্তৰিত এই ভূমিখিনি।
আজি অসম ৰাজ্যিক পৰিবহণ নিগমৰ ভূমি আনুষ্ঠানিকভাৱে হস্তান্তৰ কৰা হয় উত্তৰ পূৱ ৰে’লেৱক।
ইয়াৰ বিনিময়ত উত্তৰ পূৱ ৰে'লৱেয়ে অসম ৰাজ্যিক পৰিবহণ নিগমক একেই মূল্যৰ ভূমি জালুকবাৰীৰ ২০ বিঘা ভূমি ৰে’লেৱে দিব অসম ৰাজ্যিক পৰিবহণ নিগমক।
অসম ৰাজ্যিক পৰিবহণ নিগমৰ গৃহৰ বাবদ হোৱা খৰচৰ ৫.৯ কোটি টকা দিব উত্তৰ পূৱ সীমান্ত ৰে'লৱেয়ে।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত এই বুজাবুজি চুক্তি স্বাক্ষৰিত হয়।
অনুষ্ঠানত উপস্থিত থাকে উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ মহাপ্রৱন্ধক চেতন কুমাৰ শ্রীবাস্তৱ, পৰিবহণ বিভাগৰ সচিব আদিল খান আদি বিষয়াসকল।
অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে কয়, ভূমি হস্তান্তৰ কৰাত গুৱাহাটী ৰে’লৱে ষ্টেচনে পাব দ্বিতীয় প্রৱেশ দুৱাৰ।
ৰে’লৱে হস্তান্তৰ কৰা ২০ বিঘা ভূমিত হ’ব নতুন ISBT।
জালুকবাৰীৰ উৰণীয়াা সেতুৰ সমীপৰ হজ ভৱনৰ কাষতে নিৰ্মাণ কৰা হ’ব নতুন ISBT।
গুৱাহাটী ৰে’ল ষ্টেচনক অত্যাধুনিক ৰূপত গঢ় দিবৰ বাবে ব্যয় কৰা হ'ব ৭০০ কোটি টকা।
১৬৬৪ কোটি টকা ব্যয় কৰি আজ্ঞাথুৰীৰ পৰা কামাখ্যালৈ হ’ব নতুন ৰে’ল ষ্টেচন।
শিলঘাত আৰু তেজপুৰক সংযোগ কৰি নিৰ্মাণ হ'ব ব্রডগজ ৰে’লৱে।
মাজুলী আৰু দৰং জিলাকো ৰে’লৱেৰ মানচিত্রলৈ অনাৰ প্রয়াস কৰিব চৰকাৰে।
Live: Attending MoU signing on the proposal of ASTC land at paltan bazar with Railway Authority at CMO, Janata Bhawan, Dispur https://t.co/Qms5PVlGoU
— Himanta Biswa Sarma (@himantabiswa) June 14, 2023
Also Read: ইংৰাজী ভাষাত পাঠদান আৰু স্থায়ী শিক্ষক পদ সৃষ্টিৰ দাবীৰে AJYCP ৰ প্ৰতিবাদ...