ইংৰাজী ভাষাত পাঠদান আৰু স্থায়ী শিক্ষক পদ সৃষ্টিৰ দাবীৰে AJYCP ৰ প্ৰতিবাদ...

ইংৰাজী ভাষাত পাঠদান আৰু স্থায়ী শিক্ষক পদ সৃষ্টিৰ দাবীৰে AJYCP ৰ প্ৰতিবাদ...
ইংৰাজী ভাষাত পাঠদান আৰু স্থায়ী শিক্ষক পদ সৃষ্টিৰ দাবীৰে AJYCP ৰ প্ৰতিবাদ...

ডিজিটেল সংবাদ বিশ্বনাথঃ বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বিশ্বনাথ জিলা সমিতিৰ ৩ ঘন্টীয়া অৱস্থান ধৰ্মঘট। অসমীয়া মাধ্যমৰ বিদ্যালয়ত ষষ্ঠ শ্ৰেণীৰ পৰা অংক আৰু বিজ্ঞান বিষয় দুটা ইংৰাজী মাধ্যমত পাঠদান কৰাৰ সিদ্ধান্ত বাতিল কৰা আৰু অসমৰ প্ৰাথমিক বিদ্যালয়সমূহত স্থায়ী শিক্ষক পদ সৃষ্টি কৰি তাৎক্ষণিক ভাবে নিযুক্তি ব্যবস্থা কৰাৰ দাবীৰে বিশ্বনাথ চাৰিআলিৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কাৰ্যলয়ৰ সন্মুখত তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।

উক্ত প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ কৰে আছু,অসম সংখ্যালঘু সংগ্ৰামী ছাত্ৰ পৰিষদ,অসম জাতীয় পৰিষদকে ধৰি অন্যান্য জাতীয় দল সংগঠনে অংশগ্ৰহণ কৰে।এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতা কৰ্মীসকলে ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনক তীব্ৰ ভাষৰে সমালোচনা কৰাৰ লগতে তেওঁলোকৰ দাবীসমূহ মানি নললে চৰকাৰৰ বিৰুদ্ধে জংগী কাৰ্যসূচী গ্ৰহণ কৰিব বুলি সকিয়াই দিয়ে।

ইংৰাজী ভাষাত পাঠদান আৰু স্থায়ী শিক্ষক পদ সৃষ্টিৰ দাবীৰে AJYCP ৰ প্ৰতিবাদ...
অৱসৰ ল'ব ধোনিয়ে ! CSK য়ে দিছে এই ইংগিত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in