নামৰূপ সাৰ কাৰখানা বন্ধৰ সিদ্ধান্ত বাতিলৰ দাবী জাতীয় পৰিষদৰ...

▪️ 'ক'ত গ'ল প্ৰধানমন্ত্ৰীৰ আৱণ্টিত এশ কোটি টকা? এয়া উত্তৰ পূৱৰ প্ৰতি বিজেপিৰ আন এক প্ৰতাৰণা'- অসম জাতীয় পৰিষদ
নামৰূপ সাৰ কাৰখানা বন্ধৰ সিদ্ধান্ত বাতিলৰ দাবী জাতীয় পৰিষদৰ...

ডিজিটেল ডেস্কঃ নামৰূপ সাৰ কাৰখানা বন্ধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ তীব্ৰ প্ৰতিবাদ কৰিছে অসম জাতীয় পৰিষদে৷ জাতীয়তাবাদী আঞ্চলিক ৰাজনৈতিক দলটোৰ মতে, জাগীৰোড আৰু পাঁচগ্ৰাম কাগজ কলকে ধৰি অসমত থকা চৰকাৰী উদ্যোগসমূহক এটা এটাকৈ প্ৰথমে বন্ধ কৰি তাৰ মাটি সম্পত্তিখিনি পিছলৈ পুঁজিপতি গোষ্ঠীৰ হাতত অৰ্পন কৰাৰ পৰিকল্পিত ষড়যন্ত্ৰৰ এয়া অংশবিশেষহে ৷ নিৰ্বাচনৰ পূৰ্বে পিনৰ কাৰ্যক্ষম কৰাৰ প্ৰতিশ্ৰুতি দিয়া বিজেপি দলৰ চৰকাৰে কাগজ কলৰ ক্ষেত্ৰত প্ৰতাৰণা কৰাৰ দৰে নামৰূপৰ সাৰ কাৰখানাৰ ক্ষেত্ৰতো নিজৰ প্ৰতিশ্ৰুতি ভংগ কৰিলে বুলি উল্লেখ কৰি জাতীয় পৰিষদে কয় যে, চৰকাৰৰ উক্ত সিদ্ধান্ত উত্তৰ পূৰ্বাঞ্চল বিৰোধী ৷ এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰি নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি পালন কৰিবলৈ জাতীয় পৰিষদে বিজেপি দলৰ চৰকাৰক আহ্বান জনায়৷

উল্লেখযোগ্য যে নামৰূপস্থিত ব্ৰহ্মপুত্ৰ উপত্যকা সাৰ নিগম নিগম চমুকৈ বি ভি এফ চি এলৰ দ্বিতীয়টো ইউনিট ২০২০ চনৰ ৬ জানুৱাৰীৰ পৰা বন্ধ হৈ আছে নেকি আৰু তৃতীয় ইউনিট ৮০ শতাংশ লোড লৈ কোনোমতে চলি আছে কথাটো সত্য নেকি বুলি সাংসদ গৌৰৱ গগৈয়ে লোকসভাত উত্থাপন কৰা এটা প্ৰশ্নত কেন্দ্ৰীয় ৰসায়নিক আৰু সাৰ বিভাগৰ ৰাজ্যিক মন্ত্ৰী ভগৱন্ত খুবাই সদনক জনাই যে, কেন্দ্ৰীয় চৰকাৰে নামৰূপ সাৰ কাৰখানা (বি ভি এফ চি এল)টো বন্ধ কৰিবলৈ সিদ্ধান্ত লৈছে ৷ সাৰ বিভাগটোক অনাকৌশলগত বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, অনাকৌশলগত খণ্ডৰ ৰাজহুৱা প্ৰতিষ্টানসমূহক ব্যক্তিগত খণ্ডৰ হাতত গতাবলৈ কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে সিদ্ধান্ত লৈছে৷

শনিবাৰেন অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক ৰাজু ফুকনে কয় যে, কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে শুকুৰবাৰে প্ৰকাশ কৰা এই তথ্যই অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি থকা কেন্দ্ৰীয় চৰকাৰৰ দায়বদ্ধতাৰ স্বৰূপ উন্মোচিত কৰিছে ৷ আনহাতে "নামৰূপ সাৰ কাৰখানা পুনৰুজ্জীৱিত কৰি তোলাৰ প্ৰতিশ্ৰুতি বিজেপি দলে দি আহিছে ৷ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশেষ উদ্যোগ লৈ বি ভি এফ চি এলৰেড পুনৰোজ্জীৱিত কৰিবলৈ এশ কোটি টকা আৱণ্টন দিয়া বুলি ঘোষণা কৰি অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাকে ধৰি বিজেপিৰ নেতাসকলে মোদীক ধন্যবাদ দিছিল ৷ কিন্তু সংসদৰ মজিয়াত প্ৰকৃত সত্য ওলাই গ'ল৷" বুলি অসম জাতীয় পৰিষদৰ নেতাই কয় ৷ লগতে অসম জাতীয় পৰিষদৰ মতে, বিজেপি চৰকাৰৰ অসমৰ প্ৰতি বঞ্ছনা আৰু প্ৰৱঞ্চনাৰ ই আন এক দলিল হৈ পৰিল৷

নামৰূপ সাৰ কাৰখানা বন্ধৰ সিদ্ধান্ত বাতিলৰ দাবী জাতীয় পৰিষদৰ...
সংগীতৰ শ্ৰোতা-দর্শকলৈ তৰালি শৰ্মাৰ উপহাৰ 'ডেউকা মেলি দিলোঁ'

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in