সংগীতৰ শ্ৰোতা-দর্শকলৈ তৰালি শৰ্মাৰ উপহাৰ 'ডেউকা মেলি দিলোঁ'

সংগীতৰ শ্ৰোতা-দর্শকলৈ তৰালি শৰ্মাৰ উপহাৰ 'ডেউকা মেলি দিলোঁ'

ডিজিটেল ডেস্কঃ অসমৰ সংগীত জগতত ন-কৈ সংযোজিত হ'ল আন এটি আধুনিক গীত। শনিবাৰে শুভমুক্তি লাভ কৰিলে অসমৰ সংগীত জগতৰ পৰিচিত নাম তৰালি শৰ্মাৰ নতুন গীত 'ডেউকা মেলি দিলোঁ'য়ে। গুৱাহাটী প্ৰেছ ক্লাবত গীতটিৰ শুভমুক্তিৰ উদ্দেশ্যেৰে আয়োজন কৰা বিশেষ অনুষ্ঠানত কলা-কুশলীসকলৰ উপস্থিতিত গীতটি ৰাইজৰ মাজলৈ মুকলি কৰি দিয়ে শিল্পীগৰাকীয়ে।

শ্ৰেষ্ঠ কণ্ঠশিল্পীৰ ৰাষ্ট্ৰীয় বঁটাপ্ৰাপক তৰালি শৰ্মাৰ 'ডেউকা' এলবামটিৰ এয়া দ্বিতীয়টো গীত। কণ্ঠশিল্পীগৰাকীৰ এই এলবামটোৰ প্ৰথমটি গীত 'মাতিলেই নামি অহা জোনাক'ক ইতিমধ্যে ৰাইজে আঁকোৱালি লৈছে। উইণ্ডছংছৰ বেনাৰত এই এলবামৰে দ্বিতীয়টি গীত 'ডেউকা মেলি দিলোঁ' আনুষ্ঠানিকভাৱে মুকলি কৰোৱা হয় অনুষ্ঠানত উপস্থিত সাংবাদিকসলৰ দ্বাৰা। উল্লেখ্য কণ্ঠশিল্পীগৰাকীয়ে এই গীতটি উচৰ্গা কৰে প্ৰয়াত পিতৃ প্ৰভাত শৰ্মাৰ নামত।

অনুষ্ঠানৰ আৰম্ভণিতে পিতৃৰ প্ৰতিচ্ছবিত তৰালি শৰ্মাই বন্তি প্ৰজ্বলন কৰাৰ পাছতেই সাংবাদিক গৌতম শৰ্মাই অনুষ্ঠানৰ আঁত ধৰে। অনুষ্ঠানত অসমৰ চুবুৰীয়া ৰাজ্য মণিপুৰৰ হিংসাত্মক পৰিস্থিতি শান্ত হোৱাৰ বাবে এক মিনিট মৌন প্ৰাৰ্থনা কৰা হয়। ইয়াৰ পাছতেই কণ্ঠশিল্পীগৰাকীয়ে ভাষণ প্ৰদান কৰি কয় যে, 'প্ৰেম-ভালপোৱাই সমাজখন ধুনীয়া কৰি ৰাখে আৰু সেয়ে এই ধৰণৰ গীতবোৰ শ্ৰোতা-দৰ্শকে আকোঁৱালি লয়।'

উল্লেখ্য গীতটিৰ গীতিকাৰ গৌতম শৰ্মা, সংগীত ব্যৱস্থাপনা পৱন ৰছাইলীৰ আৰু শব্দ সংমিশ্ৰণ আৰু মাষ্টাৰিং জিন্টু বৰদলৈ আৰু ভিডিঅ' পৰিচালনা দিগন্ত গৌতমৰ। আনহাতে গীতৰ দৃশ্যাংশত অভিনয় কৰিছে শিল্পী সৃষ্টি শৰ্মা, ঋতুৰাজ গগৈ, কুনাল মেচ, তেজাঞ্চী দিহিঙীয়া, হিমাঞ্চী শৰ্মা, ঝুনাকংকন ভূঞা, সুমন চৌধুৰী আৰু তৰালি শৰ্মাই। গীতটিৰ সহযোগী পৰিচালক প্রিন্স প্ৰসাদ আৰু ৰূপসজ্জাৰ দায়িত্বত আছিল নিতুল ঠেঙাল (ভিডিঅ'), প্রাঞ্জল প্রতিম কাশ্যপ (স্থিৰচিত্র)।

তদুপৰি ফটোগ্ৰাফাৰ অনুপ বৰুৱাৰ স্থিৰচিত্ৰ, অনুপ দত্তৰ কেলিগ্ৰাফীৰে পোষ্টাৰসমূহ ডিজাইন কৰি উলিয়াইছে প্রকাশ কাশ্যপ উপাধ্যায় আৰু সাগৰিকা বি ৰিকুৱে। কাষ্টিং ৰণাল্ড হুছেইনৰ আৰু কাৰ্যকৰী প্ৰযোজনা 'ষ্টৰী পিপল' গোটৰ ৷ কলিয়াবৰ- শিলঘাট, গুৱাহাটী, নতুন দিল্লীৰ বিভিন্ন ঠাইত ডি অ' পি দেৱজিৎ শেমন্তে দৃশ্যগ্ৰহণ কৰা গানটো মুম্বাইৰ সন্দীপ দাসে সম্পাদনা কৰিছে৷ এই গীতটিৰ ভিডিঅ' ইউটিউবত তৰালি শৰ্মাৰ অফিচিয়েল চেনেল Tarali Sarma Windsongs (লিংক youtube.com/ @TARALISARMACHANNEL)ত দর্শক-শ্রোতাই উপভোগ কৰিব পাৰিব বুলি কণ্ঠশিল্পীগৰাকীয়ে জানিবলৈ দিয়ে৷

সংগীতৰ শ্ৰোতা-দর্শকলৈ তৰালি শৰ্মাৰ উপহাৰ 'ডেউকা মেলি দিলোঁ'
বিদেশী মুদ্ৰাৰ চোৰাং ব্যৱসায়ঃ দিল্লীৰ বিমানবন্দৰত জব্দ ১০ কোটিৰ বিদেশী মুদ্ৰা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in