পুৱাই মৰঙিত হাতীৰ আক্ৰমণ: মুমূৰ্ষ অৱস্থাত এজনক চিকিৎসালয়ত ভৰ্তি...

পুৱাই মৰঙিত হাতীৰ আক্ৰমণ: মুমূৰ্ষ অৱস্থাত এজনক চিকিৎসালয়ত ভৰ্তি...
পুৱাই মৰঙিত হাতীৰ আক্ৰমণ: মুমূৰ্ষ অৱস্থাত এজনক চিকিৎসালয়ত ভৰ্তি...

ডিজিটেল সংবাদ নুমলীগড়: নুমলীগড়ৰ কাষৰীয়া মৰঙিত নিদ্ৰা হৰিছে বন্যহস্তীৰ উপদ্ৰৱে৷ নিৰাপত্তাহীনতাত সাধাৰণ ৰাইজ ৷ ঘৰৰ ভিতৰতো নিৰাপত্তা নোহোৱা হৈছে ৷

হাতীৰ আক্ৰমণত আজি পুৱাই এজন গুৰুতৰভাবে আহত হৈ চিকিৎসালয়ত চিকিৎসাধীন হ'বলগা হৈছে । ওৰে নিশা পথাৰৰ ধান খাই তহিলং কৰাৰ পিছত পুৱা গাৱঁৰ মাজেৰে উভতি যায় এটা হাতীৰ বৃহৎ জাক৷

ইয়াৰে জাকৰ শেষত যোৱা এটা হাতীয়ে দুৰ্লভ গগৈ নামৰ লোকজনক ঘৰৰ চোতালত জুই পুৱাই থকা অবস্থাত আক্ৰমণ কৰি গুৰুতৰভাবে আহত কৰে ৷ হাতীৰ উপদ্ৰৱৰ বাবেই নিৰাপত্তা নোহোৱা হৈছে মৰঙিবাসী ৰাইজৰ৷

চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ ৰাইজৰ৷ শীঘ্ৰেই হাতী-মানুহৰ সংঘাত নিৰাময়ৰ দাবী জনাইছে ৰাইজে৷

পুৱাই মৰঙিত হাতীৰ আক্ৰমণ: মুমূৰ্ষ অৱস্থাত এজনক চিকিৎসালয়ত ভৰ্তি...
দৈয়াং নদীৰ পাৰত কৃষি বিপ্লৱ ৫ যুৱকৰঃ আদৰ্শ হ'ব পাৰে বহুজনৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in