/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/21e2fb29-87a0-4028-973a-cc4756c768d0/jayanta.jpg)
ডিজিটেল ডেস্কঃ আজি ১জুন। অসমীয়া সাহিত্য জগতখনৰ বাবে এক উল্লেখনীয় দিন আজিৰ দিনটো। কিয়নো আজিৰ এই দিনটোতেই অৰুণাচলত জন্মলাভ কৰিছিল প্ৰথিতযশা অসমীয়া সাহিত্যিক লুম্বে দাইৰ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/032a3395-53d9-40c1-ad7b-0e4bb675d5c0/e3875229_e644_4d2c_95e4_542e0f187e66.jpg)
আনহাতে আজিৰ দিনটোতেই ইহলীলা সম্বৰণ কৰিছিল অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ নিৰ্মল প্ৰভা বৰদলৈয়ে। সেয়ে অসমীয়া সাহিত্য জগতত আজিৰ এই দিনটোৰ আছে এক বিশেষত্ব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/3903d2d6-5a76-4d7b-b653-3139c1c43438/eee5d59a_6638_4c85_9f92_004566ff21bb.jpg)
এই বিশেষ দিনটোক আৰু অধিক প্ৰাসংগিক কৰি অসম সাহিত্য সভাই আজিৰ দিনটোতেই শুভ উদ্বোধন কৰিলে সভাৰ প্ৰথমখন মাহেকীয়া কাকত 'অসম সাহিত্য সভা সংবাদ'।অসম সাহিত্য সভাৰ গুৱাহাটীস্থিত সংগীতাচাৰ্য লক্ষ্মীৰাম বৰুৱা সদনত সভাৰ সভাপতি ড০ সূৰ্যকান্ত হাজৰিকাৰ সভাপতিতত্বত এই উপলক্ষত অনুষ্ঠিত হয় এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/239ac29f-a4c8-499e-8c83-c41d7d5d7a78/f200411a_0450_4c15_9c68_d111ef700a7f.jpg)
এই অনুষ্ঠানতেই আকৌ অসমীয়া ভাষাক বিশ্বজননীন কৰি তোলাৰ ক্ষেত্ৰত বিশেষ অৰিহণা যোগাওৱা অসমীয়া প্ৰতিদিনৰ সম্পাদক তথা সাদিন- প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰ জয়ন্ত বৰুৱাক বিশেষ ভাৱে সম্বৰ্ধনা জনোৱা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/54cbad90-97c7-4368-9ab2-dd4de8589b04/a2d04981_e23b_4e14_a432_f6c76099ed53.jpg)
হেমকোষ চতুৰ্দশ সংস্কৰণৰ আধাৰত প্ৰকাশ কৰি উলিওৱা হেমকোষ ব্ৰেইল সংস্কৰণে গীনিজ ৱৰ্ল্ড ৰেকৰ্ডছত স্থান লাভৰ জৰিয়তে সমগ্ৰ বিশ্বতে অসমীয়া ভাষাই স্বীকৃতি লাভৰ পৰিপ্ৰেক্ষিতত সভাই জয়ন্ত বৰুৱাক এই অনুষ্ঠানত গামোচা, চেলেং, জাপি, সম্বৰ্ধনা পত্ৰ, স্মাৰক আদিৰে বিশেষ ভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/f7b4f8b9-5452-4ba6-9169-8f0597add9c2/28db002d_10ac_4f35_9494_68b7b982bc4a.jpg)
আনহাতে এই অনুষ্ঠানতে শুভ উদ্বোধন কৰা হয় অসম সাহিত্য সভাৰ পুনঃনিৰ্মিত লক্ষ্মীৰাম বৰুৱা সদন। পুনঃনিৰ্মিত এই লক্ষ্মীৰাম বৰুৱা সদন শুভ উদ্বোধন কৰে গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ নাৰায়ণ ডেকাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/d9a049b5-703e-4905-9fd8-a26d835a7262/5cf49c5e_fbc4_454e_a7ec_db982760e577.jpg)
'অসম সাহিত্য সভা সংবাদ' মাহেকীয়া কাকতখন উন্মোচন কৰি জয়ন্ত বৰুৱাই কয়, কাকত প্ৰকাশ কৰি তাক জীয়াই ৰখাটো অতি গুৰুত্বপূৰ্ণ কাম আৰু প্ৰকাশকৰ দায়িত্ব। ভাষণ প্ৰসংগত তেওঁ অসম সাহিত্য সভাৰ সৈতে থকা তেওঁৰ সৌহদ্যমূলক সম্পৰ্কৰ কথাও দোহাৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/fd2495b1-6e5f-465e-a4a5-bdedaf412e91/9c8e58e6_7dfe_4306_869d_8338a806347e.jpg)
প্ৰসংগক্ৰমে জাতীয় ন্যাসৰ আহ্বায়ক হিচাপে তেওঁৰ অভিজ্ঞতাৰ কথাও উপস্থিত ৰাইজৰ সন্মুখত প্ৰকাশ কৰে। সভাৰ দ্বাৰা প্ৰকাশিত বিশ্বকোষৰ প্ৰকাশ আৰু ছাত্ৰ-ছাত্ৰীৰ উপযোগিতা সন্দৰ্ভত বৰুৱাই কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/d0ecfacf-7008-4bbc-8cad-2b31afe619c1/8117c9af_5dd8_49c6_ac99_696bf046b87e.jpg)
আনহাতে, লক্ষ্মীৰাম বৰুৱা সদনৰ পুনঃনিৰ্মিত মঞ্চৰ শুভ উদ্বোধন কৰি নাৰায়ণ ডেকাইয়ো তেওঁৰ বক্তব্য ৰাখে। অনুষ্ঠানত ধন্যবাদসূচক বক্তব্য প্ৰদান কৰে অসম সাহিত্য সভাৰ সভাপতি ড০ সূৰ্যকান্ত হাজৰিকাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/a6fe7524-c945-4230-ba64-e0f065956e3b/d904ee51_550a_4dbe_a109_4266bd1e00c5.jpg)
অনুষ্ঠানত অসম নাট্য সন্মিলনৰ প্ৰাক্তন সভাপতি তথা নাট্যকৰ্মী দুলাল ৰয়, ৱপ্ৰাক্তন আই এ এছ বিষয়া থানেশ্বৰ মালাকৰ, লেখক হৰেন গগৈ, বিশিষ্ট নাট্যকাৰ, সাংবাদিক ধ্ৰুৱজ্যোতি শৰ্মা, সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক ভৱজিত বেজবৰুৱা,ডাঃ বিপিন চন্দ্ৰ কলিতা, গোবিন্দ কলিত, সাহিত্য সভাৰ প্ৰধান সম্পাদক উপেন্দ্ৰজিৎ শৰ্মা, কৰ্মকৰ্তা প্ৰফুল্ল বৰ্মনৰ লগতে বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/cbcfcd1d-f40f-4e15-9bb2-d356f763bcbe/a69c5f99_f2cf_401c_8682_898124e646d8.jpg)
উল্লেখ্য যে, অনুষ্ঠানৰ প্ৰাকমুহূৰ্তত জ্যোতিনগৰ সাহিত্য সভাৰ সদস্যাসকলে চিৰ চেনেহী মোৰ ভাষা জননী শীৰ্ষক সমবেত সংগীত পৰিবেশন কৰে আৰু সংগীত শিল্পী প্ৰশান্ত ৰাজখোৱাই মহাপুৰুষ মাধদেৱ বিৰচিত এটি বৰগীত পৰিবেশন কৰি অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে। সভাৰ শেষত প্ৰফুল্ল বৰ্মনে শলাগৰ শৰাই আগবঢ়াই আৰু অসম সংগীতেৰে অনুষ্ঠানৰ সামৰণি মাৰে।
Also Read: মিলেট খেতি সন্দৰ্ভত মধ্য কাজিৰঙা গাঁও পঞ্চায়তত সজাগতা সভা