/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/a748a619-c84f-40cc-abee-da20986899b8/millet.jpg)
ডিজিটেল সংবাদ,বোকাখাত : গোলাঘাট জিলা কৃষি বিভাগৰ অসম মিলেট মিছনৰ উদ্যোগত বৃহস্পতিবাৰে মধ্য কাজিৰঙা গাঁও পঞ্চায়ত এখন সজাগতা সভা অনুষ্ঠিত হয়। আন্তৰ্জাতিক মিলেট বৰ্ষৰ লগত সংগতি ৰাখি আজি অসমত মিলেটৰ বাবে কৃষক শীৰ্ষক সজাগতা সভা অনুষ্ঠিত হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/f0bf5aef-8662-4131-8648-a2fd41c55f9f/19680049_096d_4f62_a7f5_b0d17e84b88b.jpg)
মিলেট খেতি সন্দৰ্ভত অনুস্থিত হোৱা মুকলি সভাত সভাপতিত্ব কৰে মধ্য কাজিৰঙা গাওঁ পঞ্চায়তৰ সভাপতি দিগন্ত বৰাই। মুকলি সভাখনত আদৰণী ভাষণ প্ৰদান কৰে জিলা কৃষি বিষয়া ৰঞ্জিত শৰ্মাই। তেওঁ নিজা ভাষণত অসম মিলেট মিছনৰ উদ্দেশ্য, মিলেটৰ গুণাগুণ, ব্যৱসায়িক লাভালাভ আদিৰ সন্দৰ্ভত কৃষকসকলৰ আগত ভাষণ প্ৰদান কৰে।
ইয়াৰ পাছতে মিলেট খেতি সন্দৰ্ভত এখন কৰ্মশালা অনুষ্ঠিত হয়। বোকাখাত মহকুমা কৃষি বিষয়া সুৰুজ শইকীয়াই কৃষকসকলক উদ্দেশ্যি মিলেটৰ গুণাগুণ,পানীৰ প্ৰয়োজন,পুষ্টি, বহনশীল ভৱিষ্যত,জলবায়ু অনুকূল কৃষি হিচাপে মিলেট আদি সন্দৰ্ভত বক্তব্য আগবঢ়ায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/b9b76408-fe39-4335-a13c-5468e695b153/2de32950_502f_44b6_9f09_69216f034238.jpg)
তদুপৰি কৃষি ক্ষেত্ৰত বিভিন্ন ৰাসায়নিক সাৰৰ বিজ্ঞানসন্মত প্ৰয়োগ সন্দৰ্ভত প্ৰশিক্ষণ প্ৰদান কৰে। আজিৰ সজাগতা সভাখনত মিলেটৰ জিলা নডেল বিষয়া তথা জেষ্ঠ কৃষি উন্নয়ন বিষয়া শান্তনু দত্তই মিলেটৰ স্বাস্থ্য উপকাৰিতা, কৃষকৰ আয় হিচাপে মিলেট সন্দৰ্ভত কৃষক সকলক উদ্দেশ্য কৰি বক্তব্য প্ৰদান কৰে।
উল্লেখযোগ্য সজাগতা সভাখনত প্ৰায় ২ শতাধিক কৃষক ৰাইজে অংশগ্ৰহণ কৰে। গোলাঘাট জিলা কৃষি কাৰ্যালয়ৰ অতিৰিক্ত কৃষি সঞ্চালক অনুপম গগৈ, কৃষ্ণ ৰঞ্জন শইকীয়া, মহকুমা কৃষি বিষয়া (এগ্ৰ) বসন্ত বৰমুদৈ, কৃষি উন্নয়ন বিষয়া বৈচিত্ৰ্য হকচাম, মৃত্যুঞ্জয় শইকীয়াকে ধৰি বোকাখাত মহকুমা কৃষি কাৰ্যালয়ৰ বহুকেইজন কৰ্মচাৰী উপস্থিত থাকে।
উল্লেখযোগ্য যে,সজাগতা সভাখনত কেন্দ্ৰীয় চৰকাৰৰ ধ্বজাবাহী আঁচনি প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ বীমা কৰাৰ ব্যৱস্থা কৰা হয়। এই কাৰ্যসূচীত বহুতো কৃষকৰ সমাগম হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/08df2ac8-32dc-4fb1-8e02-cc2de2214e39/1fddb5fd_eede_4527_b942_44c036cf88c6.jpg)
ইয়াৰোপৰি মধ্য কাজিৰঙা গাঁও পঞ্চায়তৰ অন্তৰ্গত বিভিন্ন গাৱঁৰ হিতাধিকাৰীসকলৰ মাজত ধানৰ বীজ, জৈৱিক সাৰ, ৰাসায়নিক সাৰ আদিকে ধৰি বিভিন্ন কৃষিকৰ্মৰ সামগ্ৰী বিতৰণ কৰা হয় ৷
Also Read: লাগে নেকি চৰকাৰী চাকৰি, ৰমাকান্তই লিখি দিব মুখ্যমন্ত্ৰীলৈ চিঠি...