পুনৰ বিতৰ্কত অসম সাহিত্য সভা

বৰ্তমানৰ বিষয়াৰ বিৰুদ্ধে প্ৰাক্তন বিষয়ববীয়াই গোচৰ ৰুজু কৰিছে

author-image
Asomiya Pratidin
New Update
পুনৰ বিতৰ্কত অসম সাহিত্য সভা

ডিজিটেল ডেস্ক : অসম সাহিত্য সভাক লৈ আকৌ বিতৰ্কৰ সৃষ্টি হৈছে। বিতৰ্কত সোমাই পৰিছে সাহিত্য সভাৰ গুৱাহাটী কাৰ্যালয়।

Advertisment

জানিব পৰামতে গুৱাহাটী কাৰ্যালয়ৰ পৰা সভাৰ গুৰুত্বপূৰ্ণ ফাইল হেৰুৱাৰ কথা পোহৰলৈ আহিছে। বিত্তীয় সংক্ৰান্তীয় ফাইল হেৰুৱাক লৈ ৰহস্যৰ সৃষ্টি হৈছে। ঘটনা সন্দৰ্ভত পাণবজাৰ আৰক্ষীয়ে অভিযান চলাইছে বুলি জানিব পৰা গৈছে।

হেৰুৱা ফাইলৰ সন্ধানত অসম সাহিত্য সভা,গুৱাহাটী কাৰ্যালয়ত আৰক্ষী গৈ উপস্থিত হৈছে। বিত্তীয় ফাইল হেৰুওৱাৰ ঘটনাক লৈ বৰ্তমানৰ বিষয়াৰ বিৰুদ্ধে প্ৰাক্তন বিষয়ববীয়াই গোচৰ ৰুজু কৰিছে। এই সমগ্ৰ ঘটনা সন্দৰ্ভত উপ-সভাপতিয়ে অসম সাহিত্য সভাক স্থিতি স্পষ্ট কৰিবলৈ দাবী জনাইছে।

Also Read: কাজিৰঙাত তীব্ৰবেগী বাহনৰ খুন্দাত পহুৰ মৃত্যু

assam sahitya sabha