জয়ন্ত বৰুৱাক সাহিত্য সভাৰ একাদশ বিশেষ বাৰ্ষিক বাৰপূজীয়া অধিৱেশনৰ আদৰণি সমিতিৰ সম্বৰ্ধনা...

জয়ন্ত বৰুৱাক সাহিত্য সভাৰ একাদশ বিশেষ বাৰ্ষিক বাৰপূজীয়া অধিৱেশনৰ আদৰণি সমিতিৰ সম্বৰ্ধনা...
জয়ন্ত বৰুৱাক সাহিত্য সভাৰ একাদশ বিশেষ বাৰ্ষিক বাৰপূজীয়া অধিৱেশনৰ আদৰণি সমিতিৰ সম্বৰ্ধনা...

ডিজিটেল ডেস্কঃ চানমাৰিৰ মামণি ৰয়ছম গোস্বামী পথস্থিত 'অসমীয়া প্ৰতিদিন'ৰ কাৰ্যালয়ত আজি অসম সাহিত্য সভাৰ একাদশ বিশেষ বাৰ্ষিক অধিৱেশন-২০২৪ বাৰপূজীয়া অধিৱেশনৰ আদৰণি সমিতিয়ে অসমীয়া প্ৰতিদিনৰ সম্পাদক তথা 'সাদিন প্ৰতিদিন' গোষ্ঠীৰ স্বত্বাধিকাৰ জয়ন্ত বৰুৱাক সম্বৰ্ধনা জ্ঞাপন কৰে। হেমকোষ ব্ৰেইল প্ৰকাশৰ জৰিয়তে দৃষ্টিহীনসকলৰ শিক্ষাৰ অভাৱ দূৰ কৰাৰ লগতে গীনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছৰ স্বীকৃতি লাভৰে অসমীয়া ভাষাক জগত সভালৈ লৈ যোৱাৰ বাবে তেওঁক এই সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

অসমীয়া প্ৰতিদিনৰ কাৰ্যালয়ত উপস্থিত হৈ অসম সাহিত্য সভাৰ একাদশ বিশেষ বাৰ্ষিক বাৰপূজীয়া অধিৱেশনৰ আদৰণী সমিতিৰহৈ সভাপতি হেমন্ত কুমাৰ দেউৰী, কাৰ্যকৰী সভাপতি ড০ বিৰিঞ্চি কুমাৰ শৰ্মা, সম্পাদক ডাঃ প্ৰবীণ কুমাৰ ডেকাৰ লগতে মৰিগাঁও জিলাৰ সভাপতি মহেন্দ্ৰ শইকীয়া, যাদৱ শইকীয়া, ফণীভূষণ দেউৰী, মোহিত চন্দ্ৰ ডেকা, মুনীন বাংথাই উপস্থিত থাকে। তেওঁলোকে জয়ন্ত বৰুৱাক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱাৰ লগতে এখন সম্বৰ্ধনা পত্ৰও প্ৰদান কৰে।

সম্বৰ্ধনা প্ৰদান কৰি আদৰণী সমিতিৰ কাৰ্যকৰী সভাপতি ড০ বিৰঞ্চি কুমাৰ শৰ্মাই কয়, 'সাদিন প্ৰতিদিন' গোষ্ঠীৰ স্বত্বাধিকাৰ জয়ন্ত বৰুৱাই হেমকোষৰ ব্ৰেইল সংস্কৰণ প্ৰকাশৰ লগতে গীনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছৰ স্বীকৃতিৰ যি গৌৰৱ কঢ়িয়াই আনিলে সেয়া অসমীয়া জাতীয় জীৱনৰ বাবে এক মাইলৰ খুঁটি হিচাপে পৰিগণিত হ'ব। ইয়াৰোপৰি তেওঁ জয়ন্ত বৰুৱাৰ এই সফলতাৰ বাবে তেওঁলোক গৌৰৱান্বিত বুলি উল্লেখ কৰে।

তেওঁ কয় হেমকোষ ব্ৰেইলৰ উপৰি আপুনি হেমকোষৰ পঞ্চদশ সংস্কৰণৰ প্ৰকাশৰ লগতে ব্ৰেইলৰ ব্যাকৰণ আদিৰ কামতো ব্যস্ত হৈ থকাৰ বিষয়ে জানিব পাৰিছো। সেয়াও অসমীয়া ভাষা আৰু জাতিৰ বাবে এক আশাৰ খবৰ।

আপুনি প্ৰতি মুহূৰ্ততে জাতিটোৰ অস্তিত্ব ৰক্ষাৰ বাবে সামাজিক সাংস্কৃতিক আৰু অৰ্থনৈতিক দিশত যিদৰে আগবাঢ়ি গৈছে,প্ৰতিবাদী কণ্ঠৰে সমাজখনক আগুৱাই নিয়াৰ ক্ষেত্ৰত যি বৰঙণি আগবঢ়াইছে সেয়া জাতিটোৰ বাবেই মহৎ কাৰ্য। তেওঁ ভৱিষ্যতৰ দিনটো এইদৰে জয়ন্ত বৰুৱাই অসমীয়া জাতি তথা সমাজখনৰ বাবে সেৱা কৰি যাব পাৰে তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰাৰ কথাও দোহাৰে।

ইয়াৰোপৰি ড০ শৰ্মাই অসম সাহিত্য সভাৰ জাতীয় ন্যাসৰ কথ উল্লেখ কৰি কয়-' বীৰেণ দত্ত সভাপতি আৰু জগদীশ পাটগিৰী সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়তে গঠন কৰা হৈছিল জাতীয় ন্যাস। এই ন্যাসৰ আহ্বায়ক আছিল জয়ন্ত বৰুৱা।

তেওঁৰ সময়তে ন্যাসত ৯৭ লাখ টকা জমা হৈছিল। যিয়েই জাতীয় সংগঠনটোক অৰ্থনৈতিকভাৱে যথেষ্ট সবল কৰি তুলিছিল। অসম সাহিত্য সভাই প্ৰকাশ কৰা শব্দকোষৰ ৩টা খণ্ডৰ ছপাৰ সমুদায় ব্যয় বহন কৰিছিল বৰুৱাই।' ইয়াৰোপৰি বিভিন্ন সময়ত অসম সাহিত্য সভাক বিভিন্ন ধৰণে সহায়-সহযোগিতা কৰাৰ লগতে সংবাদপত্ৰ আৰু আলোচনীৰ মাধ্যমেৰে অসমৰ সংবাদ আৰু সাহিত্য ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ কথা স্বীকাৰ কৰে।

ইফালে দেশৰ বিভিন্ন স্থানলৈ যোৱাৰ সময়তে তেওঁলোকে যেতিয়া ৰাষ্ট্ৰীয় পৰ্যায়ত 'সাদিন প্ৰতিদিন' গোষ্ঠীৰ বিষয়ে শুনে তেতিয়া গৌৰৱ অনুভৱ কৰে বুলি উল্লেখ কৰি কয়, আপুনি সংবাদ মাধ্যমৰ জৰিয়তে জাতীয় জীৱনৰ ক্ষেত্ৰত অভিভাৱকত্বৰ দায়িত্ব পালন কৰিছে।

ইয়াৰোপৰি একাদশ বিশেষ বাৰ্ষিক বাৰপূজীয়া অধিৱেশন আদৰণী সমিতিয়ে জয়ন্ত বৰুৱাক আজিৰ এই সম্বৰ্ধনা অনুষ্ঠানৰ জৰিয়তেই আগন্তুক ৩১ জানুৱাৰী আৰু ১,২ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলগীয়া অধিৱেশনত অতিথি হিচাপে পোৱাৰ আশা ব্যক্ত কৰি পৰৱৰ্তী সময়ত আনুষ্ঠানিক ভাৱে পুনৰ নিমন্ত্ৰণ জনাবলৈ আহিব বুলিও উল্লেখ কৰে। অধিৱেশনখনৰ সফলতাৰ বাবে তেওঁলোকে বৰুৱাৰ পৰা দিহা, পৰামৰ্শও আশা কৰে।

এই সম্বৰ্ধনাৰ গ্ৰহণ কৰি জয়ন্ত বৰুৱাই সাহিত্য সভাৰ সংস্কাৰ তথা আধুনিক চিন্তাৰে আগুৱাই যোৱাৰ পোষকতা কৰে। তেওঁ কয়, অসম সাহিত্য সভা সময়ৰ সৈতে আগুৱাই যাব পৰা নাই। ইয়াৰ বিপৰীতে ভাৰতৰ আন প্ৰান্তৰ বিভিন্ন ভাষা যেনে, তামিল, তেলেগু আদিৰ সাহিত্য অনুষ্ঠানবোৰ অতি পেছাদাৰী দৃষ্টিভংগীৰে ঢাপে ঢাপে আগুৱাই গৈছে। কিন্তু অসম সাহিত্য সভাই মান্ধাতা যুগৰ এক পদ্ধতিৰে আগবাঢ়ি থকাৰ বাবে ঠন ধৰি উঠিব পৰা নাই। ইয়াৰ বাবে কিছু আধুনিক চিন্তাৰ প্ৰয়োজন।

বিশেষকৈ সকলো সময়তে অসম সাহিত্য সভাই চৰকাৰৰ মুখলৈ চাই থাকিবলগীয়া হোৱা বিষয়টোক লৈ অসন্তুষ্টি ব্যক্ত কৰি ইয়াৰ বাবে সাহিত্য সভাত সাহিত্যৰ চৰ্চাৰ বিপৰীতে ৰাজনীতি আৰম্ভ হোৱা বুলি উল্লেখ কৰে। তেওঁ অসমৰ সৰ্বস্তৰৰ ৰাইজ উবুৰি খাই পৰা সাহিত্য সভা কেৱল মাত্ৰ নেতৃত্বৰ বিফলতাৰ বাবেই এইদৰে চৰকাৰমুখী হৈ থাকিবলগীয়া হোৱা বুলি উল্লেখ কৰে। এইবোৰ কথা এতিয়াই নেতৃত্বই বুজি পোৱা উচিত বুলিও উল্লেখ কৰে অসমীয়া প্ৰতিদিনৰ সম্পাদকগৰাকীয়ে।

জয়ন্ত বৰুৱাক সাহিত্য সভাৰ একাদশ বিশেষ বাৰ্ষিক বাৰপূজীয়া অধিৱেশনৰ আদৰণি সমিতিৰ সম্বৰ্ধনা...
গিৰিমল্লিকা শইকীয়াৰ "অৰণ্য পৰিৱেশ আৰু বন্যপ্ৰাণী"উন্মোচন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in