গিৰিমল্লিকা শইকীয়াৰ "অৰণ্য পৰিৱেশ আৰু বন্যপ্ৰাণী"উন্মোচন...

গিৰিমল্লিকা শইকীয়াৰ "অৰণ্য পৰিৱেশ আৰু বন্যপ্ৰাণী"উন্মোচন...

author-image
Asomiya Pratidin
New Update
গিৰিমল্লিকা শইকীয়াৰ "অৰণ্য পৰিৱেশ আৰু বন্যপ্ৰাণী"উন্মোচন...

গিৰিমল্লিকা শইকীয়াৰ "অৰণ্য পৰিৱেশ আৰু বন্যপ্ৰাণী"উন্মোচন...

ডিজিটেল ডেস্কঃ অসমৰ এগৰাকী আগশাৰীৰ পৰিবেশকর্মী তথা সংবাদত্ৰৰ জনপ্ৰিয় প্ৰকৃতি বিষয়ক স্তম্ভলিখিকা গিৰিমল্লিকা শইকীয়াৰ সদ্যপ্ৰকাশিত গ্ৰন্থ “অৰণ্য পৰিৱেশ আৰু বন্যপ্ৰাণী” কিছু ব্যতিক্ৰমী ভাৱে “ডিজিটেল প্লেটফর্ম”ৰ জৰিয়তে উন্মোচন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, বিশিষ্ট ইতিহাসবিদ, লেখক তথা শ্ৰীমন্ত শঙ্কৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ উপাচার্য ডাঃ ধ্ৰুৱজ্যোতি বৰাই । নিজৰ উন্মোচনী বক্তব্যত ডাঃ ধ্ৰুৱজ্যোতি বৰাই গিৰিমল্লিকা শইকীয়াৰ ‘অৰণ্য পৰিৱেশ আৰু বন্যপ্ৰাণী’ কিতাপখন অসমীয়া সাহিত্যৰ জগতত এখন উল্লেখযোগ্য সংযোজন বুলি মন্তব্য প্ৰকাশ কৰে৷

Advertisment

নিজৰ বক্তব্যত তেখেতে পৰিবেশ আৰু বন্যপ্ৰাণী সম্পৰ্কীয় সচেতনতা আজি কিছু বছৰৰ পৰা বাঢ়ি আহিছে যদিও এই বিষয়ে লেখা মেলা এতিয়াও বহু কম বুলি উল্লেখ কৰে। “অৰণ্য পৰিৱেশ আৰু বন্যপ্ৰাণী”ৰ দৰে গুৰুত্বপূর্ণ কিতাপখন অসমৰ পাঠকসকলে আদৰি লোৱাৰ আশা কৰি ডাঃ বৰাই অৰণ্যৰ পৰিবেশ ৰক্ষা অৰণ্যৰ শ্ৰীবৃদ্ধি আৰু বন্যপ্ৰাণীৰ সুৰক্ষা, উন্নয়ন আদি বিষয়বোৰৰ ক্ষেত্ৰত আমি সচেতন হোৱাৰ সময় আহি পৰিছে বুলি কোৱাৰ লগতে এই বিষয়বোৰ সাহিত্যৰ মাজলৈ অনাটো উচিত হৈছে বুলি মন্তব্য কৰে৷

অসমৰ এজন আগশাৰীৰ বিজ্ঞান লেখক, অসমীয়া বিশ্বকোষৰ সম্পাদক তথা উত্তৰপূৱ বিজ্ঞান প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ অৱসৰপ্ৰাপ্ত উপসঞ্চালক ড০ দীনেশ চন্দ্ৰ গোস্বামীয়ে তেওঁৰ শুভেচ্ছামূলক বক্তব্যত গিৰিমল্লিকা শইকীয়াৰ “অৰণ্য পৰিৱেশ আৰু বন্যপ্ৰাণী” পুথিখন পঢ়ুৱৈ সমাজৰ বাবে এক সুন্দৰ উপহাৰ বুলি উল্লেখ কৰাৰ লগতে কিতাপখনৰ বিষয়বস্ত অতি সুচিন্তিত আৰু মনোগ্ৰাহী বুলি বর্ণনা কৰে৷

প্ৰকৃত কর্মক্ষেত্ৰত এনে প্ৰচেষ্টাৰ গুৰুত্বৰ বিষয়েও বক্তব্য আগবঢ়াই ডঃ গোস্বামীয়ে এনেকুৱা প্ৰচেষ্টা বিলাকৰ কাৰণেই স্থানীয় ভাৱে পৰিবেশকৰ্মীৰ সৃষ্টি হৈ এটা পৰিবেশ অনুকূল সামাজিক বাতাবৰণ আহি পৰে বুলি মন্তব্য কৰে৷ “অৰণ্য পৰিৱেশ আৰু বন্যপ্ৰাণী” গ্ৰন্থখনিৰ প্ৰকাশক হ’ল “বনলতা ” আৰু মুল্য ২৬০ টকা৷ গ্ৰন্থখনি সম্প্ৰতি বনলতাৰ গুৱাহাটী, যোৰহাট আৰু ডিব্ৰুগড়ৰ বিপনিত উপলব্ধ হৈছে৷

Also Read: জি-২০ৰ সফল সমাপ্তিঃ দিল্লী আৰক্ষীৰ সৈতে নৈশ ভোজ খাব প্ৰধানমন্ত্ৰী মোডীয়ে...

গ্ৰন্থ উন্মোচন