অসম আৰক্ষীৰ স্পষ্টিকৰণঃ মানস বৰগোঁহাইক আলফা (স্বা)ৰ কেম্পলৈ প্ৰেৰণ কৰা নাই...

অসম আৰক্ষীৰ স্পষ্টিকৰণঃ মানস বৰগোঁহাইক আলফা (স্বা)ৰ কেম্পলৈ প্ৰেৰণ কৰা নাই...
অসম আৰক্ষীৰ স্পষ্টিকৰণঃ মানস বৰগোঁহাইক আলফা (স্বা)ৰ কেম্পলৈ প্ৰেৰণ কৰা নাই...

ডিজিটেল ডেস্কঃ এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে অসম আৰক্ষীয়ে আলফাৰ শিবিৰত বন্দী হৈ থকা মানস বৰগোঁহাই সন্দৰ্ভত স্পষ্টিকৰণ প্ৰকাশ কৰিছে। উল্লেখ্য যে, আলফা (স্বা)ৰ পৰা প্ৰেৰণ কৰা এটা ভিডিঅ' বাৰ্তাত মানস বৰগোঁহাই নাইমৰ এজন কেডাৰে উল্লেখ কৰিছিল তেওঁ অসম আৰক্ষীৰ তদানীনন্তন সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত, জি পি সিঙ, পাৰ্থ সাৰথী মহন্ত আদি শীৰ্ষ আৰক্ষী বিষয়াৰ কথা মতেই আলফা (স্বা)ত চোৰাংচোৱা কৰিবলৈ যোগদান কৰিছিল। এই ভিডিঅ' বাৰ্তাই ৰাজ্যজুৰি চাঞ্চল্য সৃষ্টি কৰাৰ সময়তে অসম আৰক্ষীয়ে এই বিষয়টোক সম্পূৰ্ণ অসত্য আখ্যা দিছে।

এক প্ৰেছ বিজ্ঞপ্তিত অসম আৰক্ষীৰ ফালৰ পৰা কোৱা হৈছে, আলফা (স্বা) ৰ কেম্পত বন্দী আৰক্ষীৰ চোৰাংচোৱা " শীর্ষক এক বাতৰি কিছুসংখ্যক বৈদ্যুতীন মাধ্যমত প্ৰচাৰিত হোৱা অসম আৰক্ষীৰ মুখ্য কাৰ্য্যালয়ৰ দৃষ্টিগোচৰ হৈছে। বাতৰিটোত মানস বৰগোঁহাই নামৰ আলফা (স্বা) সদস্য এজনক অসম আৰক্ষীৰ বিশেষ শাখাৰ বিষয়া বুলি উল্লেখ কৰা হৈছে। উক্ত বক্তব্য সম্পূর্ণ মিথ্যা। মানস বৰগোঁহাই নামৰ কোনো ব্যক্তিক অসম আৰক্ষীৰ বিশেষ শাখাত ২০২১ বৰ্ষত মকৰল কৰা হোৱা নাই আৰু অসম আৰক্ষীৰ ফালৰ পৰা তেনে কোনো ব্যক্তিক আলফা (স্বা) কেম্পলে পঠোৱা হোৱা নাই। অসম আৰক্ষীৰ সর্ম্পকে বাতৰিটোত পৰিবেশিত সকলোবোৰ কথা সম্পূর্ণ মিছা, বিভ্রান্তিকৰ আৰু উদ্দ্যেশ্যপ্রণোদিত।

অসম আৰক্ষীৰ স্পষ্টিকৰণঃ মানস বৰগোঁহাইক আলফা (স্বা)ৰ কেম্পলৈ প্ৰেৰণ কৰা নাই...
জ্যেষ্ঠ সাংবাদিক জিতু শৰ্মা ৰাজখোৱাক 'জন কণ্ঠ-২০২৩' বঁটা প্ৰদান

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in